দুৰ্ঘটনাতপতিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কনভয়, থিতাতে নিহত এজন জোৱান, আহত কেইবাজনো
ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয়লোকে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ আহত সকলক হাস্পাতালত ভৰ্তি কৰায়। প্ৰথমে আহতসকলক সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে জমছেদপুৰলৈ প্ৰেৰণ কৰা হয়।
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেবিনেট মন্ত্ৰীৰ কনভয় মাজ নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনাতপতিত হয়।অচিনাক্ত বাহনৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ ফলত কনভয়ৰ বাহন চলাই থকা জোৱান বিনয় বানসিঙৰ মৃত্যু হয়। ঘটনাৰ সময়ত বাহনখনত থকা আন ৫ জন জোৱানো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেবিনেট মন্ত্ৰী চম্পাই ছোৰেনৰ কনভয়ৰ লগত এই মৰ্মান্তিক ঘটনা সংঘটিত হয়।
জানিব পৰা মতে ৰাজ্যখনৰ মন্ত্ৰী চম্পাই ছোৰেনক জিলিংগোডাৰ বাসগৃহত নমাই বাহনখন আৰক্ষী লাইনলৈ উভতি আহি আছিল। তেনে সময়তে ছেৰাইকেলা-কান্দ্ৰ মূল পথৰ মুদিয়া গাঁৱৰ সমীপত কনভয় বাহনখনৰ আন এখন অচিনাক্ত বাহনৰ সৈতে সংঘৰ্ষ হয়। যাৰ ফলত এই দুৰ্ঘটনাত মৃত্যু হয় পশ্চিম সিংভূম জিলাৰ খুটপানী ব্লকৰ ভোয়া গাঁৱৰ বাসিন্দা বিনয় বংসিঙৰ। লগতে আহত হয় আন ৫ জোৱান।
দুৰ্ঘটনাত আহত আন পাঁচজন জোৱানক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই দুৰ্ঘটনাত আহত জোৱানসকলৰ ভিতৰত আছে মনোজ ভগত, হৰিশ লাগুৰি, সৱন চন্দ্ৰ হেমব্ৰম আৰু দয়াল মহতো। জানিব পৰা মতে দুৰ্ঘটনাটো মঙলবাৰ- বুধবাৰ নিশা প্ৰায় ২ বজাত সংঘটিত হয়।
ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয়লোকে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ আহত সকলক হাস্পাতালত ভৰ্তি কৰায়। প্ৰথমে আহতসকলক সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে জমছেদপুৰলৈ প্ৰেৰণ কৰা হয়।
উল্লেখ্য যে, মঙলবাৰে নিশা বিমানযোগে দিল্লীৰ পৰা কলকাতাত উপস্থিত হৈছিল চম্পাই ছোৰেন। তাৰ পাছত তেওঁ ৰাজপথেৰে ঝাৰখণ্ডৰ ছেৰাইকেলালৈ আহিছিল। কনভয় বাহনখনত থকা জোৱানসকলে চম্পাইক তেওঁৰ বাসগৃহত নমাই দি আৰক্ষী লাইনলৈ উভতাৰ পথতেই এই ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।