ইণ্টাৰনেট কৰ্তন ! অসমৰ পৰা “শিকিছে” ঝাৰখণ্ডে : হিমন্ত বিশ্ব শৰ্মা | Jharkhand learnt from Assam: CM Himanta Biswa Sarma on internet suspension during recruitment exam Assam news - Assam Tv9

অসমৰ পৰা “শিকিছে” ঝাৰখণ্ডে ! নিযুক্তি পৰীক্ষাৰ সময়ত ইণ্টাৰনেট কৰ্তনকলৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ

Updated On: 

21 Sep 2024 15:58 PM

নিযুক্তিৰ পৰীক্ষাৰ সময়ত ইণ্টাৰনেট কৰ্তন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিল অসমে । কিন্তু অসমৰ এই পদক্ষেপ এতিয়া ঝাৰখণ্ডে অনুকৰণ কৰিছে । শনিবাৰে এই দাবী কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

অসমৰ পৰা “শিকিছে” ঝাৰখণ্ডে ! নিযুক্তি পৰীক্ষাৰ সময়ত ইণ্টাৰনেট কৰ্তনকলৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Follow Us On

চৰকাৰী নিযুক্তিৰ পৰীক্ষাৰ সময়ত ইণ্টাৰনেট কৰ্তন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিল অসমে । কিন্তু অসমৰ এই পদক্ষেপ এতিয়া ঝাৰখণ্ডে অনুকৰণ কৰিছে । শনিবাৰে এই দাবী কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ঝাৰখণ্ড চৰকাৰে নিযুক্তি পৰীক্ষাৰ সময়ত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ ধাৰণা উত্তৰ-পূব ৰাজ্যৰ পৰা “শিকিছে”।

ঝাৰখণ্ডৰ JGGLCCE(Jharkhand General Graduate Level Combined Competitive Examination) পৰীক্ষা চলি থকা সময়ত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ কথা ঘোষণা কৰিছে । ঝাৰখণ্ড চৰকাৰৰ এক অধিসূচনাত কোৱা হৈছে যে, কোনো পৰীক্ষাৰ্থীয়ে যাতে পৰীক্ষাৰ সময়ত অসৎ উপায় গ্ৰহণ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

সেই অনুসৰি, ৰাজ্যখনত শনিবাৰে পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈকে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ থকাৰ বিপৰীতে দেওবাৰেও একে সময়তে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ থাকিব বুলি ঘোষণা কৰিছে ঝাৰখণ্ড চৰকাৰে ।

ঝাৰখণ্ডৰ এই পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ‘পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত ইণ্টাৰনেট কৰ্তন কৰাৰ বাবে কংগ্ৰেছে মোক সমালোচনা কৰি আহিছে। কিন্তু ঝাৰখণ্ডত তেওঁলোকৰ চৰকাৰেও একে কাম কৰি আছে।’ মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে, ঝাৰখণ্ডে অসমৰ পৰা শিকিছে । ইয়াৰ অৰ্থ হ’ল অসমে এতিয়া দেশক বাট দেখুৱাইছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

মনকৰিবলগীয়া যে, অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্যৰ বিপৰীতে ঝাৰখণ্ডৰ বিৰোধী বিজেপিয়ে ৰাজ্যখনৰ চৰকাৰক এই পদক্ষেপৰ বাবে তীব্ৰ সমালোচনা কৰিছে । এক কথাত ৰাজ্যখনৰ অন্যতম বিৰোধী দল বিজেপিয়ে মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ ব্যৱস্থাটোক ঝাৰখণ্ড চৰকাৰৰ ব্যৰ্থতাক লুকুৱাই ৰখাৰ কৌশল বুলি অভিহিত কৰিছে ।

উল্লেখ্য যে,অসম চৰকাৰে তৃতীয় বৰ্গৰ পদত নিযুক্তিৰ বাবে যোৱা ১৫ ছেপ্টেম্বৰত লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈকে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিছিল। প্ৰথমবাৰৰ বাবে ২০২২ চনৰ আগষ্ট মাহত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত প্ৰায় আটাইকেইখন অসম জিলাতে চাৰি ঘণ্টাৰ বাবে ম’বাইল ইণ্টাৰনেট সেৱাও বন্ধ কৰাৰ নিৰ্দেশ দিছিল অসম চৰকাৰে ।

অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব, জানক কিয় পুৱা সোনকালে শুই উঠিব লাগে...
পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
Exit mobile version