”সৰ্বানন্দ সোণোৱালৰ লগত কিয় বিশ্বাসঘাটকতা কৰিছিল?”হিমন্তক প্ৰশ্ন JMM ৰ

সৰ্বানন্দ সোণোৱাৰ কথা পাহৰি গ'ল নেকি? নিৰ্বাচনত জয় লাভ কৰাৰ পাছতো কেনেদৰে আপোনালোকে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাইছিল। এয়া কেৱল তেওঁ আদিবাসী বাবে নেকি? আৰু আপুনি?  কিয় এজন আদিবাসী নেতাৰ লগত বিশ্বাসঘাটকতা কৰিলে ? 

সৰ্বানন্দ সোণোৱালৰ লগত কিয় বিশ্বাসঘাটকতা কৰিছিল?হিমন্তক প্ৰশ্ন JMM ৰ

হেমন্ত, হিমন্ত. ছোম্পাই

Published: 

03 Jul 2024 21:35 PM

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছ’ৰেনে পদত্যাগ পত্ৰ ৰাজ্যপালৰ ওচৰত দাখিল কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হোৱাৰ দিশে আগবাঢ়িছে হেমন্ত ছ’ৰেন। ইয়াকে লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলটোক লৈ তীব্ৰ কটাক্ষ কৰে । ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছ’ৰেনৰ ঠাই ঝাৰখণ্ড মুক্তি মৰ্চা (জেএমএম) আৰু কংগ্ৰেছত অত্যন্ত দুখজনক বুলি অভিহিত কৰে। অৱশ্যে ইয়াৰ প্ৰত্যুত্তৰ দিছে জে এম এময়ে।

শৰ্মাই কয় যে ঝাৰখণ্ডৰ ৰাইজে এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিব বুলি তেওঁৰ বিশ্বাস। লোকসভা নিৰ্বাচনৰ পিছত  মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাবাৰো ৰাজ্যখন ভ্ৰমণ কৰি আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে বৈঠকত মিলিত হৈছে।

হিমন্ত বিশ্ব শৰ্মাই এক্সত লিখিছিল যে, জেএমএম আৰু কংগ্ৰেছ দলে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা এজন জ্যেষ্ঠ জনজাতীয় নেতাক অপসাৰণ কৰাটো গভীৰভাৱে দুখজনক। মই নিশ্চিত যে ঝাৰখণ্ডৰ ৰাইজে এই কাৰ্যক তীব্ৰ গৰিহণা দি দৃঢ়তাৰে নাকচ কৰিব।

ইয়াৰ প্ৰত্যু্ত্তৰ দি জে এম এমে কয় যে, সৰ্বানন্দ সোণোৱাৰ কথা পাহৰি গ’ল নেকি? নিৰ্বাচনত জয় লাভ কৰাৰ পাছতো কেনেদৰে আপোনালোকে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাইছিল। এয়া কেৱল তেওঁ আদিবাসী বাবে নেকি? আৰু আপুনি?  কিয় এজন আদিবাসী নেতাৰ লগত বিশ্বাসঘাটকতা কৰিলে ?  চম্পাই ছ’ৰেনৰ কথা ক’বলৈ হ’লে- তেওঁৰ কথা চিন্তা নকৰিব। তেওঁক এনেয়ে বাঘ বুলি নকয়। এজন জনজাতীয় নেতা হেমন্ত জীক যেতিয়া একনায়কত্ববাদীয়ে মিছা গোচৰত কাৰাগাৰত বন্দী কৰিছিল, তেতিয়া তেওঁ নিজৰ কৰ্তব্য অতি সুন্দৰভাৱে পালন কৰিছিল। আৰু আজি যেতিয়া হেমন্ত জীয়ে উচ্চ ন্যায়ালয়ৰ পৰা ন্যায় পালে – তেওঁ পুনৰ ঝাৰখণ্ডীৰ আদেশ পালন কৰাৰ দায়িত্ব কান্ধত তুলি লৈছে – এয়া হৈছে ইণ্ডিয়াৰ প্ৰতিগৰাকী বিধায়কসকলৰ সৰ্বসন্মতিক্ৰমে।

২৮ জুনত ধন ৰপ্তানিৰ গোচৰত জামিন লাভ কৰিছিল হেমন্ত ছ’ৰেনে। ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰি কয় যে, ৰাঁচীত হোৱা ভূমি কেলেংকাৰীৰ গোচৰত হেমন্ত ছ’ৰেন দায়ী নহয়।  কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছত হেমন্ত ছ’ৰেনৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে আজি ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক অনুষ্ঠিত হয়।

উল্লেখ কৰা প্ৰয়োজন যে, JMMৰ কাৰ্যবাহী অধ্যক্ষ হেমন্ত ছ’ৰেনক ৩১ জানুৱাৰীত প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি)য়ে ধন ৰপ্তানিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। ইডিৰ জিম্মাত থকা অৱস্থাত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল তেওঁ।  পৰৱৰ্তী সময়ত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল চম্পাই ছ’ৰেনে। তাৰ পাছতেই আজি মুখ্যমন্ত্ৰী পদ ত্যাগ কৰে চম্পাই ছ’ৰেনে।

পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছিল মনমোহন সিঙৰ?
আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!