কোনে, কিয়, কেনেদৰে হত্যা কৰিলে সাংবাদিক মুকেশ চন্দ্ৰকাৰক? আৰক্ষীত তদন্তত ফাদিল বিস্ফোৰক তথ্য…

আৰক্ষীয়ে দাবী কৰা মতে ১ জানুৱাৰীত ঠিকাদাৰ সুৰেশ চন্দ্ৰকাৰৰ ভাতৃ ৰীতেশে সাংবাদিকগৰাকীক ফোন কৰিছিল। মুকেশ চন্দ্ৰকাৰ তাত উপস্থিত হোৱাৰ লগে লগে, সুৰেশৰ চুপাৰভাইজাৰ মহেন্দ্ৰ আৰু ভাতৃ ৰীতেশে তেওঁৰ মূৰত আঘাত কৰে আৰু তাৰ পিছত তেওঁক চুৰিৰে হত্যা কৰে। ইয়াৰ পিছত মৃতদেহটো এটা চেপ্টিক টেংকত ৰখা হৈছিল।

কোনে, কিয়, কেনেদৰে হত্যা কৰিলে সাংবাদিক মুকেশ চন্দ্ৰকাৰক? আৰক্ষীত তদন্তত ফাদিল বিস্ফোৰক তথ্য...

সাংবাদিক মুকেশ চন্দ্ৰকাৰক হত্যা

Published: 

04 Jan 2025 18:27 PM

ছত্তীশগড়ৰ বিজাপুৰত সাংবাদিক মুকেশ চন্দ্ৰকাৰৰ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীৰ প্ৰকাশ কৰিছে বিস্ফোৰক তথ্য। আৰক্ষীয়ে কয় কলৰ বিৱৰণ উলিওৱাৰ পিছত তেওঁলোকে অভিযুক্তক বিচাৰি পাইছে। বস্তাৰৰ আইজি সুন্দৰৰাজ পিয়ে কয় যে হত্যাকাণ্ডটো মহেন্দ্ৰ ৰামতেকে আৰু ৰীতেশ চন্দ্ৰকাৰে যুটীয়াভাৱে সংঘটিত কৰিছিল। আৰক্ষীয়ে সুৰেশ চন্দ্ৰকাৰকো গোচৰটোৰ মূল অভিযুক্ত হিচাপে নামাকৰণ কৰিছে। আইডিয়ে কয় যে বৰ্তমান ১১ জনীয়া এছআইটিৰ গোচৰটোৰ তদন্ত কৰি আছে। ইফালে ফ্ৰীজ কৰা হৈছে সুৰেশ চন্দ্ৰকাৰৰ তিনিটা বেংক একাউণ্ট । একে সময়তে, অভিযুক্তজনৰ সম্পত্তিৰ তদন্ত কৰা হৈছে আৰু অবৈধ নিৰ্মাণৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আৰক্ষীয়ে দাবী কৰা মতে ১ জানুৱাৰীত ঠিকাদাৰ সুৰেশ চন্দ্ৰকাৰৰ ভাতৃ ৰীতেশে সাংবাদিকগৰাকীক ফোন কৰিছিল। মুকেশ চন্দ্ৰকাৰ তাত উপস্থিত হোৱাৰ লগে লগে, সুৰেশৰ চুপাৰভাইজাৰ মহেন্দ্ৰ আৰু ভাতৃ ৰীতেশে তেওঁৰ মূৰত আঘাত কৰে আৰু তাৰ পিছত তেওঁক চুৰিৰে হত্যা কৰে। ইয়াৰ পিছত মৃতদেহটো এটা চেপ্টিক টেংকত ৰখা হৈছিল। তেওঁলোক দুয়োজনে ঠিকাদাৰ সুৰেশ চন্দ্ৰকাৰক হত্যাৰ বিষয়ে অৱগত কৰিবলৈ ফোন কৰিছিল।

হত্যাৰ পিছদিনা ৰীতেশে বিজাপুৰৰ পৰা ৰায়পুৰ হৈ দিল্লীলৈ পলায়ন কৰে। তাৰ পাছতে ৰীতেশক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় য’ত মহেন্দ্ৰ আৰু দিনেশক বিজাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ মতে সুৰেশ চন্দ্ৰকাৰ ঘটনাটোৰ মূল সূত্ৰধাৰ। সেয়েহে, তেওঁক মুখ্য অভিযুক্ত কৰা হৈছে। অৱশ্যে এতিয়াও পলাতক সুৰেশ চন্দ্ৰকাৰ । আৰক্ষীয়ে তেওঁৰ অৱস্থান অনুসৰণ কৰি আছে আৰু শীঘ্ৰেই তেওঁক গ্ৰেপ্তাৰ কৰাৰ আশ্বাস প্ৰদান কৰিছে।

এই হত্যাকাণ্ডৰ পিছৰে পৰা, সন্দেহৰ আঙুলি সুৰেশ চন্দ্ৰকাৰৰ ফালে উঠিছিল। ইয়াৰ কাৰণ হৈছে সাংবাদিকজনে পথ নিৰ্মাণৰ বিসংগতি সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছিল। যাৰ ঠিকা  লৈছিল সুৰেশে। এইটো কোৱা হৈছে যে ৰিপৰ্টিঙৰ ওপৰত ক্ষুদ্ধ সুৰেশ চন্দ্ৰকাৰে মুকেশক ৰাস্তাৰ পৰা আঁতৰাবলৈ পৰিকল্পনা কৰিছিল। ইয়াৰ উপৰিও সুৰেশৰ গোপন আদ্দাৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা হয়।

ঘটনাটোৰ পিছত, আৰক্ষীয়ে শনিবাৰে হত্যাৰ গোচৰত অভিযুক্ত সুৰেশ চন্দ্ৰকাৰৰ গোপন আদ্দাত জেচিবিৰে অভিযান আৰম্ভ কৰে। প্ৰশাসনে সুৰেশ চন্দ্ৰকাৰৰ অবৈধ দখলকৃত স্থানসমূহ চিনাক্ত কৰি জেচিবিৰে ধ্বংসৰ কাম আৰম্ভ কৰিছে। ইয়াৰ উপৰিও, আৰক্ষীয়ে এতিয়া সুৰেশ চন্দ্ৰকাৰৰ ক’লা অধ্যায় উন্মোচনৰ অনুসন্ধান আৰম্ভ কৰিছে। এইটো কোৱা হৈছে যে সুৰেশ চন্দ্ৰকাৰক বিজাপুৰৰ প্ৰভাৱশালী লোকসকলৰ মাজত গণ্য কৰা হয়। এনে পৰিস্থিতিত, আৰক্ষীয়েও সাৱধানতাৰে আগবাঢ়িছে।

জগদলপুৰৰ বস্তাৰ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে কয়, সাংবাদিক মুকেশ চন্দ্ৰকাৰৰ হত্যাকাণ্ডত জড়িত কোনো অভিযুক্তক সাৰি যাবলৈ দিয়া নহ’ব। গোচৰটোৰ তদন্তৰ বাবে গঠন কৰা এছআইটি দলে বৈজ্ঞানিক আৰু কাৰিকৰী প্ৰমাণৰ আধাৰত তদন্ত কৰিব আৰু যিমান সম্ভৱ সোনকালে আদালতত গোচৰৰ  অভিযোগনামা দাখিল কৰিব।

ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...
সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে