Kailash Mansarovar Yatra: পাকিস্তানৰ সৈতে সম্পৰ্ক ফাঁট মেলাৰ লগে লগে ভাৰতৰ বাবে দুৱাৰ মুকলি চীনৰ

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে চলিত বৰ্ষৰ জানুৱাৰী মাহত বেইজিঙলৈ দুদিনীয়া ভ্ৰমণ কৰিছিল। সেই ভ্ৰমণৰ সময়ত তেওঁ চীনৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত মিলিত হয়। সেই বৈঠকৰ সময়তে কৈলাশ-মানসৰোৱৰ যাত্ৰাৰ বিষয়টো উল্লেখ হয়।

Kailash Mansarovar Yatra:  পাকিস্তানৰ সৈতে সম্পৰ্ক ফাঁট মেলাৰ লগে লগে ভাৰতৰ বাবে দুৱাৰ মুকলি চীনৰ

পাকিস্তানৰ সৈতে সম্পৰ্ক ফাঁট মেলাৰ লগে লগে ভাৰতৰ বাবে দুৱাৰ মুকলি চীনৰ

Updated On: 

27 Apr 2025 13:19 PM

পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কত তিক্ততা। দুয়োখন দেশৰ সীমান্তও কৰি দিয়া হৈছে বন্ধ। সেই পৰিৱেশতেই নতুন দিল্লীয়ে চীনৰ সৈতে নতুন সম্পৰ্ক স্থাপন কৰিছে। কৈলাশৰ আশে-পাশে যি সমস্যাৰ সৃষ্টি হৈছিল, সেই সমস্যা সমাধান হ’ল। দূৰত্ব পাহৰি তীব্বতৰ দুৱাৰ তীৰ্থযাত্ৰীৰ বাবে খোল খালে। অহা বছৰৰ জুন মাহৰ পৰা আৰম্ভ কৈলাশ-মানসৰোৱৰ যাত্ৰা। কেন্দ্ৰই পুনৰবাৰ পাঁচ বছৰৰ মূৰত তীৰ্থযাত্ৰীৰ নাম পঞ্জীয়ন আৰম্ভ কৰিছে।

প্ৰশাসনিক সূত্ৰ অনুসৰি পঞ্জীয়নৰ পিছত অটোমেটিক মোডৰ জৰিয়তে ৫০ গৰাকী তীৰ্থযাত্ৰীৰ ১৫টা গোট গঠন কৰা হ’ব। ইয়াৰে পাঁচটা গোট লিপুলেখ পাৰ হৈ মানসৰোৱৰত উপস্থিত হ’ব। বাকী ১০ টা গোট নাথুলা সীমান্তত উপস্থিত হ’ব। ২০১৫ চনৰ পৰা যান্ত্ৰিক পদ্ধতি ব্যৱহাৰ কৰি একাধিক গোটত ভাগ কৰা হৈছে এই যাত্ৰা। কিন্তু কৰোনা মহামাৰীয়ে বন্ধ কৰা যাত্ৰা পাঁচ বছৰৰ পাছত পুনৰ মুকলি কৰি দিলে।

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে চলিত বৰ্ষৰ জানুৱাৰী মাহত বেইজিঙলৈ দুদিনীয়া ভ্ৰমণলৈ গৈছিল। সেই ভ্ৰমণৰ সময়ত তেওঁ চীনৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত মিলিত হয়। সেই বৈঠকৰ সময়তে কৈলাশ-মানসৰোৱৰ যাত্ৰাৰ বিষয়টো উল্লেখ হয়। তাৰ পাছত দুয়োখন দেশে বিগত কেইবাবছৰ ধৰি বন্ধ হৈ থকা কৈলাশ-মানসৰোৱৰ যাত্ৰা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ উপৰিও দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ আলোচনাই স্থান পাইছিল যদিও, এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।

Related Stories
পহলগ্ৰাম আক্ৰমণত কিদৰে সহায় কৰিছিল স্থানীয় লিংকমেনে! তদন্তত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
ভয়ংকৰ দুৰ্ঘটনা! কুঁৱাত বাগৰি পৰিল দ্ৰুতবেগী বাহনঃ প্ৰাণ হেৰুৱালে ১০ জনে
৮ লাখ জোৱান নিয়োজিত থকাৰ পিছতো…পহলগাম আক্ৰমণক লৈ ভাৰতীয় সেনাক অকৰ্মণ্য, মিডিয়াক বলীউড আখ্যা শ্বাহিদ আফ্ৰিদীৰ
তেজ উতলি আছে, সকলোৱে ন্যায় পাব: পহলগাম আক্ৰমণ সন্দৰ্ভত ‘মন কী বাত’যোগে প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ
যুদ্ধংদেহী ৰূপত ভাৰতীয় সেনা! বোমাৰে উৰুৱাইছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদীৰ ঘৰ
পণ্ডিত জৱাহৰলাল নেহৰুৱে সিন্ধু জল চুক্তি স্বাক্ষৰ কৰাটোৱে ভাৰতৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভুল… কিয় এইদৰে ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
সোৱাদত তিতা কেৰেলাৰ জুচে দেহত কৰে এনে উপকাৰিতা, লিভাৰেও পায় সুৰক্ষা
কাৰ সৈতে ৰে’লত ভ্ৰমণ কৰিব বিচাৰে কোহলীয়ে? জানিলে আপুনিও হ’ব আচৰিত…
গ্ৰীষ্মকালত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়, কেনেকৈ ল'ব হৃদযন্ত্ৰৰ যত্ন ?
ধন-সম্পত্তি আছেই ! ইয়াৰ উপৰি অনন্ত আম্বানী কিহৰ বাবে বেছি বিখ্যাত ?