শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ওড়িশাত দুৰ্ঘটনাত পতিত কামাখ্যা এক্সপ্ৰেছ, লাইনচ্যুত ১১ টাকৈ ডবা

দুৰ্ঘটনাত পতিত হৈছে ১২২৫১ নম্বৰৰ কামাখ্যা এক্সপ্ৰেছ । খবৰ অনুসৰি, লাইনচ্যুত হৈছে ৰে'লখনৰ ১১ টাকৈ ডবা । দিনৰ ১১:৫৪ বজাৰ ভিতৰত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ওড়িশাত দুৰ্ঘটনাত পতিত কামাখ্যা এক্সপ্ৰেছ, লাইনচ্যুত ১১ টাকৈ ডবা
ৰে'ল দুৰ্ঘটনা
manas-borah
Manas Borah | Published: 30 Mar 2025 15:36 PM

ওড়িশাত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে ১২২৫১ নম্বৰৰ কামাখ্যা এক্সপ্ৰেছ । খবৰ অনুসৰি, লাইনচ্যুত হৈছে ৰে’লখনৰ ১১ টাকৈ ডবা । দিনৰ ১১:৫৪ বজাৰ ভিতৰত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ৰে’লৱেৰ পৰা পোৱা তথ্য অনুসৰি, ওড়িশাৰ কটক জিলাৰ নাৰগুণ্ডি ষ্টেচনৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত এতিয়ালৈকে কোনো লোক আহত-নিহত হোৱাৰ খবৰ পোৱা নাই। বৰ্তমান ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকল সেই স্থানত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে ।

ইষ্ট ক’ষ্ট ৰে’লৱেৰ চিপিআৰঅ’ অশোক কুমাৰ মিশ্ৰই কয় যে, “ৰে’লখনত থকা সকলো যাত্ৰী সুৰক্ষিত । ১২৫৫১ নম্বৰ বাংগালুৰু-কামাখ্যা এ চি ছুপাৰফাষ্ট এক্সপ্ৰেছৰ কিছুমান ডবা লাইনচ্যুত হোৱাৰ তথ্য লাভ কৰা গৈছিল। আমি তথ্য লাভ কৰিছো যে, ১১টা এচি ডবা ৰে’লপথৰ পৰা লাইনচ্যুত হয়। কোনো লোক আহত হোৱা নাই। সকলো যাত্ৰী সুৰক্ষিত। আমি যিমানদূৰ তথ্য লাভ কৰিছো, জৰুৰীকালীন সেৱা উপলব্ধ কৰা হৈছে । ৰে’লৱেৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল ঘটনা সংঘটিত স্থানত উপস্থিত হৈছে। তদন্তৰ পিছত আমি জানিব পাৰিম দুৰ্ঘটনাৰ কাৰণ।”

অসমৰ লগতে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ পৰা অসংখ্য যাত্ৰী কঢ়িয়াই অনা ৰে’লখন গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা। ইফালে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে । ৰে’লৱে তৰফৰ পৰা মুকলি কৰা টেলিফোন নম্বৰ হৈছে 8991124238 ।

উল্লেখ্য যে, ২০২৩ চনত ওড়িশাত আটাইতকৈ ডাঙৰ ৰে’ল দুৰ্ঘটনাটো সংঘটিত হৈছিল । য’ত তিনিখন ৰে’লৰ সংঘৰ্ষ হৈছিল। ইয়াৰ ভিতৰত আছিল শালিমাৰ-চেন্নাই ক’ৰ’মণ্ডল এক্সপ্ৰেছ, বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে’ল। এই ভয়ংকৰ দুৰ্ঘটনাত ২৯৬ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ১২০০ৰো অধিক লোক আহত হয়।