Kanwar Yatra 2024: প্ৰতিখন হোটেল, ৰেষ্টুৰেন্টৰ সন্মুখত লগাব লাগিব মালিকৰ নামপ্লেট

থু পেলোৱা ৰুটি চনু ছুদক পাৰ্চেল কৰি দিব লাগে, যাতে ভাতৃত্ববোধ অক্ষত থাকে। এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে উত্তৰ দি লিখে যে,  আমাৰ শ্ৰী ৰাম জীয়ে শ্বাবৰীয়ে খোৱা জামু খাইছিল, গতিকে মই কিয় খাব নোৱাৰো?

Kanwar Yatra 2024: প্ৰতিখন হোটেল, ৰেষ্টুৰেন্টৰ  সন্মুখত লগাব লাগিব মালিকৰ নামপ্লেট

কানৱাৰ যাত্ৰা

Published: 

21 Jul 2024 14:16 PM

হিন্দু ধৰ্মত শাওন মাহটো অতি পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ মাহ বুলি গন্য কৰা হয়। এই মাহটোত শিৱক আৰাধনা কৰিলে মনৰ কামনা পূৰ্ণ হয় বুলি বিশ্বাস আছে। এইবাৰ ২২ জুলাইত শাওনৰ প্ৰথমটো সোমবাৰ। এই মাহৰ প্ৰথম দিনটোৰ পৰাই আৰম্ভ হয় কানৱৰ যাত্ৰা। কিন্তু এই যাত্ৰাৰ পূৰ্বে উত্তৰ প্ৰদেশ আৰক্ষীয়ে এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে। যাৰ বাবে দেশত আৰম্ভ হৈছে বিবাদ। যোগী চৰকাৰে কানৱৰ যাত্ৰা পথৰ সকলো ধৰণৰ খাদ্যৰ দোকান , সৰু ষ্টল আদিলৈ এক নিৰ্দেশনা জাৰি কৰিছে।

নিৰ্দেশত কোৱা হৈছে যে কানৱাড় যাত্ৰা পথত প্ৰতিখন দোকানৰ সন্মুখতে মালিকৰ নাম লিখা অনিবাৰ্য। যাতে যাত্ৰীসকলে গ’ম পাই কাৰ দোকানৰ খাদ্য খাই আছে। বিতৰ্ক চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কানৱাৰ তীৰ্থযাত্ৰীৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কাৰ্যলায়ৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে ”প্ৰতিখন খাদ্যৰ দোকানত লগাব লাগিব নামপ্লেট আৰু তাত লিখা থকিব লাগিব দোকানৰ মালিক, অপাৰেটৰ নাম আৰু পৰিচয়। মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ মতে কানৱাৰ যাত্ৰীসকলৰ ধৰ্মীয় আস্থা বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে হালাল প্ৰমাণ- পত্ৰ থকা সামগ্ৰী বিক্ৰী কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব”।

এই সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী কপিল দেৱ আগৰৱালে কৈছে যে, ”হৰিদ্বাৰৰ গোমুখৰ পৰা পানী লৈ কানৱাৰ যাত্ৰী সকলে গন্তব্য স্থানলৈ আগবাঢ়ে। এই সময়চোৱাত তেওঁলোকে মুজাফ্ফৰনগৰ আহিব লাগে। দেখা যায় যে একাংশ হোটেল, ৰেষ্টুৰেন্টৰ নাম হিন্দু ধৰ্মৰ যদিও সেইবোৰৰ মালিক মুছলিম। তেওঁ মুছলিম ইয়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। কিন্তু সেই সমূহ দোকানত আমিষ খাদ্য বিক্ৰী হয়। গতিকে এই সমূহ দোকান , ৰেষ্টুৰেন্টত মালিকৰ নাম লিখিব দিছে। ইয়াক আপত্তি কিয়? বহুকেইটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখিবলৈ পোৱা গৈছে যে ৰুটীসমূহত থু পেলাই বিক্ৰী কৰিছে”।

এই নিৰ্দেশৰ পাছতেই বিভিন্নজনে ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অভিনেতা চনু ছুদে কয় যে, প্ৰতিখন দোকানত মাত্ৰ এখন নাম প্লেট থাকিব লাগে আৰু সেয়া হ’ল মানৱতা।   অভিনেতাগৰাকীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ কংগনা ৰানাৱটে উত্তৰ দিয়ে যে এতিয়া হালালৰ ঠাইতো মানৱীয়তা  লাগে।

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী এজন লিখিছে যে, থু পেলোৱা ৰুটি চনু ছুদক পাৰ্চেল কৰি দিব লাগে, যাতে ভাতৃত্ববোধ অক্ষত থাকে। এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে উত্তৰ দি লিখে যে,  আমাৰ শ্ৰী ৰাম জীয়ে শ্বাবৰীয়ে খোৱা জামু খাইছিল, গতিকে মই কিয় খাব নোৱাৰো?  হিংসাক অহিংসাৰ দ্বাৰা পৰাস্ত কৰিব পাৰি ভাইটি। কেৱল মানৱতাহে অক্ষত অৱস্থাত থাকিব লাগে। ইয়াৰ পাছতে কংগনা ৰাণাৱতে কয় যে, চনু জীয়ে ঈশ্বৰ আৰু ধৰ্ম সম্পৰ্কে তেওঁৰ ব্যক্তিগত তথ্যৰ ভিত্তিত ৰামায়ণ পৰিচালনা কৰিব। বাহ, বলীউডৰ আৰু এখন ৰামায়ণ।

 

 

ৰুটিত থু পেলোৱাতো যে মানৱতাৰ শাৰীত নপৰে এই কথা বুজি পাই পাছত চনু ছুডে পুনৰ পোষ্ট কৰি লিখে যে, খাদ্যত থু পেলোৱাসকলক মই কেতিয়াও ন্যায্যতা প্ৰদান কৰা নাছিলো। ইয়াৰ বাবে তেওঁলোকক কঠোৰ শাস্তি দিয়ক, কিন্তু মানৱতা মানৱতা হৈ থাকক বন্ধু।

 

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ