Karbi Anglong Autonomous Council : মণিপুৰৰ প্ৰব্ৰজিত কুকিক বিতাড়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব কাৰ্বি স্বায়ত্ত শাসিত পৰিষদে…

মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ পিছত সিংহাসন পাহাৰত আশ্ৰয় লোৱা প্ৰায় ১০০০ কুকি-জো লোকক বিতাড়ন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদে। জিলাখনত আশ্ৰয় গ্ৰহণ কৰা কুকি-জোসকলক বিতাড়নৰ বিষয়ত বিভিন্ন অংশীদাৰৰ সৈতে বৈঠক অনুষ্ঠিত কৰি আলোচনা কৰা হ’ব বুলি কেএএচিৰ মুখ্য কাৰ্যবাহী সদস্য (চিইএম) তুলিৰাম ৰংহাঙে জানিবলৈ দিছে ।

Karbi Anglong Autonomous Council : মণিপুৰৰ প্ৰব্ৰজিত কুকিক বিতাড়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব কাৰ্বি স্বায়ত্ত শাসিত পৰিষদে...

তুলিৰাম ৰংহাং

Updated On: 

27 Nov 2024 15:39 PM

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে যোৱা বছৰ মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ পিছত সিংহাসন পাহাৰত আশ্ৰয় লোৱা প্ৰায় ১০০০ কুকি-জো লোকক বিতাড়ন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । জিলাখনত আশ্ৰয় গ্ৰহণ কৰা কুকি-জোসকলক বিতাড়নৰ বিষয়ত বিভিন্ন অংশীদাৰৰ সৈতে বৈঠক অনুষ্ঠিত কৰি আলোচনা কৰা হ’ব বুলি কেএএচিৰ মুখ্য কাৰ্যবাহী সদস্য (চিইএম) তুলিৰাম ৰংহাঙে জানিবলৈ দিছে ।

কেএএচিৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে,’আমি তেওঁলোকক বলপূৰ্বকভাৱে উচ্ছেদ কৰিবলৈ নাযাও । এই বিষয়ত কুকি সম্প্ৰদায়ৰ লোককে ধৰি বিভিন্ন সামাজিক আৰু ৰাজনৈতিক সংগঠনৰ সৈতে আলোচনা কৰি বিতাৰিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।’ ইয়াৰ লগতে কাৰ্বি আংলং জিলা প্ৰতিষ্ঠাৰ পৰাই কাৰ্বি আংলং জিলাত বাস কৰা বা দীৰ্ঘদিনীয়া স্থায়ী বাসিন্দা লোকেহে ভূমিৰ অধিকাৰ লাভ কৰিব স্পষ্ট কৰি দিছে কেএএচিৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ।

ভূমিহীন খিলঞ্জীয়া লোকৰ মাজত মাটিৰ পট্টা বিতৰণৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰংহাঙে কয় যে, জিলাখনৰ বাহিৰৰ পৰা বিশেষকৈ মণিপুৰৰ পৰা প্ৰব্ৰজন কৰা ব্যক্তিসকলক ভূমিৰ পট্টা বিতৰণৰ পদক্ষেপৰ জৰিয়তে ভূমিৰ অধিকাৰ প্ৰদান কৰা নহ’ব। ইয়াৰ লগতে মণিপুৰৰ কুকি-জো লোকসকলক বিতাৰিত কৰাৰ বিষয়ত আলোচনাৰ বাবে অহা কাইলৈ ২৮ নৱেম্বৰত এখন বৈঠক আহ্বান কৰা হৈছে বুলি জানিবলৈ দিছে তুলিৰাম ৰংহাঙে । তেওঁ কয়, ‘আমি সমস্যাটো সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰিবলৈ আশাবাদী।’

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাসমূহ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা পৰিচালিত হয়। পাহাৰবোৰ পূৰ্বেও কাৰ্বি আৰু কুকিৰ মাজত ব্যাপক জাতিগত সংঘাতৰ সাক্ষী হৈ আহিছে। কাৰ্বি আৰু কুকিৰ সংঘাতৰ মূলতে ভূমি, সম্পদ আৰু ৰাজনৈতিক প্ৰতিনিধিত্বক লৈ হোৱা বিবাদ।

যোৱা বছৰৰ মে’ মাহৰ পৰা মণিপুৰৰ কুকি-জোছ আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সংঘটিত হোৱা জাতিগত সং ২৫০ জনৰো অধিক লোক নিহত হৈছে। মেটেই সম্প্ৰদায়ৰ জনজাতীয় মৰ্যাদাৰ দাবী আৰু জনজাতীয় কুকি-জো জনগোষ্ঠীয়ে ইয়াৰ বিৰোধিতাক লৈ সংঘটিত হোৱা এই হিংসাত্মক পৰিস্থিতিৰ ফলত হাজাৰ হাজাৰ লোক স্থানচ্যুত হৈছে।

বুধবাৰৰ দিনটোত নকৰিব বিত্তীয় লেনদেন, খালী হ'ব ধনৰ ভঁৰাল!
কাউৰী ঘৰলৈ আহিলে কি সংকেত পোৱা যায়? জানক কি কয় বাস্তু শাস্ত্ৰই...
শনি দোষৰ পৰা মুক্তি পাবলৈ শিৱ লিংগত অৰ্পন কৰক এই ৫ বস্তু...
পকা অমিতা নে কেঁচা অমিতা বেছি উপকাৰী? কি কি বেমাৰৰ পৰা পাব উপশম