5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Kargil Vijay Diwas: ২৫ বছৰ পূৰ্বে সৈনিকসকলৰ মনোবল বঢ়াবলৈ মোদী উপস্থিত হৈছিল টাইগাৰ হিলত

কাৰ্গিল বিজয় দিৱস উপলক্ষে ২৫ বছৰ আগৰ কিছুমান ফটো মোদী আৰ্কাইভ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা হৈছে। এই ফটোবোৰ তেতিয়া তোলা হৈছিল যেতিয়া নৰেন্দ্ৰ মোদীয়ে টাইগাৰ হিললৈ গৈ ভাৰতীয় সৈনিকসকলক লগ কৰিছিল। এই সময়ছোৱাত তেওঁ সাহসী সৈনিকসকলৰ মনোবল বৃদ্ধি কৰিছিল।

Kargil Vijay Diwas: ২৫ বছৰ পূৰ্বে সৈনিকসকলৰ মনোবল বঢ়াবলৈ মোদী উপস্থিত হৈছিল টাইগাৰ হিলত
ভাৰতীয় সৈনিকসকলৰ সৈতে টাইগাৰ হিলত মোদী
trishna-kalita
Trishna Kalita | Published: 26 Jul 2024 15:24 PM

আজি পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিল বিজয়ৰ ২৫তম বাৰ্ষিকী। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে লাডাখত ১৯৯৯ চনৰ যুদ্ধৰ ছহিদ নায়কসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে যুদ্ধ স্মাৰক পৰিদৰ্শন কৰে আৰু নায়কসকলক অভিবাদন জনায়।  প্ৰতি বছৰে ২৬ জুলাইত পালন কৰা কাৰ্গিল বিজয় দিৱস ভাৰতৰ ইতিহাসত এক অতি গুৰুত্বপূৰ্ণ দিন। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ সময়ত দেশৰ বাবে প্ৰাণ আহুতি দিয়া ভাৰতীয় জোৱানসকলৰ বীৰত্বক শ্ৰদ্ধাঞ্জলি জনাই এই উদযাপন কৰা হয়। এই যুদ্ধত ৫২৭জন ভাৰতীয় সৈনিক ছহিদ হৈছিল আৰু ১৩৬৩জন সৈনিক আহত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে লাডাখৰ শিনকুন লা টানেল প্ৰকল্পৰ বাবে এটা ভাৰ্চুৱেল উদঘাটন কৰে।

কাৰ্গিল বিজয় দিৱস উপলক্ষে ২৫ বছৰ আগৰ কিছুমান ফটো মোদী আৰ্কাইভ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা হৈছে। এই ফটোবোৰ তেতিয়া তোলা হৈছিল যেতিয়া নৰেন্দ্ৰ মোদীয়ে টাইগাৰ হিললৈ গৈ ভাৰতীয় সৈনিকসকলক লগ কৰিছিল। এই সময়ছোৱাত তেওঁ সাহসী সৈনিকসকলৰ মনোবল বৃদ্ধি কৰিছিল।মোদী আৰ্কাইভে ‘২৫ বছৰ আগতে কাৰ্গিল যুদ্ধৰ সন্মুখৰ পৰা শিক্ষা’ শীৰ্ষক শিৰোনামৰে সৈনিকসকলৰ সৈতে মোদীৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

 

এই ছবিসমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কাৰ্গিলত যুঁজি থকা সৈনিকসকলৰ সৈতে কথা পাতি থকা দেখা গৈছে। সৈনিকসকলৰ মনোবল বৃদ্ধি কৰা এই ফটোবোৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ অদম্য সাহস আৰু তেওঁৰ দেশপ্ৰেমক অনুভৱ কৰিব পাৰি।

 

পোষ্টটোত আৰু লিখা হৈছে, “আজি কাৰ্গিল বিজয়ৰ ২৫ বছৰ সম্পূৰ্ণ হৈছে। এইটো ভাৰতৰ ইতিহাসৰ এক নিৰ্ণায়ক মুহূৰ্ত। পাকিস্তানী সৈন্যই ভাৰতীয় সীমান্তত অনুপ্ৰৱেশ কৰিছিল। ইয়াৰ পাছতে ভাৰতে অপাৰেচন বিজয় আৰম্ভ কৰিব লগা হৈছিল। ভাৰতীয় সেনাই সম্পূৰ্ণ সাহসেৰে শত্ৰুৰ সৈতে যুঁজিছিল। প্ৰতি ইঞ্চি মাটি পুনৰ দখল কৰা হৈছিল আৰু দেশৰ অখণ্ডতাক সুৰক্ষিত ৰাখিছিল।

মোদী আৰ্কাইভ প্লেটফৰ্মত আৰু লিখিছিল – টাইগাৰ হিল, যি আটাইতকৈ বেছি যুদ্ধপীড়িত আছিল। ১৯৯৯ চনৰ ৪ জুলাইত হোৱা সেই ৰক্তক্ষয়ী যুদ্ধৰ পাছত ভাৰতীয় সেনাই টাইগাৰ হিলত ত্ৰিৰংগা উত্তোলন কৰে। ১৯৯৯ চনৰ ২৬ জুলাইত ভাৰতীয় সৈন্যই অৱশেষত পাকিস্তানী অনুপ্ৰৱেশকাৰীসকলক সীমান্তৰ পৰা উলিয়াই দিয়ে। এই ফটোবোৰে সৈনিকসকলৰ বীৰত্বৰ কথা মনত পেলাই দিয়ে।

 

 

 

Latest News