মুখত জলকীয়াৰ গুড়ি, ছুৰীৰে প্ৰহাৰ! পত্নীয়ে কেনেকৈ হত্যা কৰিছিল প্ৰাক্তন DGP ক…

কৰ্ণাটকৰ প্ৰাক্তন ডিজিপি হত্যাকাণ্ডৰ ঘটনাই জোকাৰি যায় সমগ্ৰ দেশ। পত্নীয়ে অতি নৃশংসভাৱে হত্যা কৰে ওম প্ৰকাশক। বৰ্তমান আৰক্ষীয়ে পত্নী আৰু কন্যাক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

মুখত জলকীয়াৰ গুড়ি, ছুৰীৰে প্ৰহাৰ! পত্নীয়ে কেনেকৈ হত্যা কৰিছিল প্ৰাক্তন DGP ক...

ওম প্ৰকাশ

Published: 

21 Apr 2025 12:34 PM

দেওবাৰে কৰ্ণাটকত সংঘটিত হোৱা এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি যায় সমগ্ৰ দেশ। ৰাজ্যখনৰ প্ৰাক্তন ডিজিপিক হত্যা কৰা সন্দৰ্ভত আৰক্ষীয়ে পত্নী আৰু কন্যাক আটক কৰি জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ জেৰাত দুই মাতৃ-কন্যাই বহু বিস্ফোৰক তথ্য প্ৰকাশ কৰে। আৰক্ষীক জনাই যে তেওঁ ওম প্ৰকাশৰ মুখত জলকীয়াৰ গুড়ি সানি দিছিল। ইমানেই নহয়, হাত-ভৰি বান্ধি অতি নৃশংসভাৱে হত্যা কৰিছে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ওম প্ৰকাশক।

আৰক্ষীৰ আগত প্ৰাক্তন ডিজিপিগৰাকীৰ পত্নী পল্লবীয়ে জনাই যে, ওম প্ৰকাশক ছুৰীৰে হত্যা কৰাৰ পূৰ্বে তেওঁৰ মুখত জলকীয়াৰ গুড়ি সানি দিছিল। যাৰ বাবে তেওঁৰ মুখখন জ্বলা-পোৰা কৰিবলৈ আৰম্ভ কৰিছিল আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ওম প্ৰকাশ এইফালৰ পৰা সেইফাললৈ দৌৰিব আৰম্ভ কৰিছিল। তেতিয়াই পল্লৱীয়ে তেওঁৰ হাত-ভৰি বান্ধি ছুৰীৰে প্ৰহাৰ কৰে। যাৰ ফলত তেওঁৰ মৃত্যু হয়।

পল্লবীয়ে কয় যে, তেওঁলোকৰ পৰিয়ালত যোৱা এসপ্তাহ ধৰি কাজিয়া চলি আছিল। ওম প্ৰকাশে বাৰে বাৰে বন্দুক আনি পত্নী আৰু কন্যাক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল। পল্লৱীয়ে কয়, তেওঁ আমাক গুলীওৱাৰ ধমক দি থাকে। দেওবাৰ (২০ এপ্ৰিল)য়ে পুৱাৰ পৰা বিভিন্ন বিষয়ৰ ওপৰত ঘৰখনত কাজিয়া লাগি আছিল। ওম প্ৰকাশে দুপৰীয়া আমাক হত্যা কৰাৰ চেষ্টা কৰিছিল। আমি আমাৰ প্ৰাণ ৰক্ষা কৰাৰ চেষ্টা কৰো আৰু সেই সংঘৰ্ষতে এই সমগ্ৰ ঘটনা সংঘটিত হয়।

জলকীয়াৰ গুড়ি আৰু তেল

পল্লবীয়ে কয়, আমি আমাৰ প্ৰাণ ৰক্ষা কৰাৰ যথেষ্ঠ চেষ্টা কৰিছিলো। ইয়াৰ বাবে আমি জলকীয়াৰ গুড়ি আৰু তেলৰ ব্যৱহাৰ কৰিছিলো। জলকীয়াৰ গুড়ি মুখত সানি দিয়াৰ পাছত তেওঁৰ হাত-ভৰি বান্ধি ছুৰীৰে আক্ৰমণ কৰিছিলো। তেওঁ লগতে কয় যে, ছুৰীৰে আক্ৰমণ কৰাৰ পাছতে ওম প্ৰকাশৰ বহু তেজ ওলাইছিল আৰু ঘটনাস্থলীত তেওঁ নিহত হৈছিল। পৰৱৰ্তী সময়ত সন্ধিয়া পত্নীয়ে আৰক্ষীক খবৰ দিয়ে।

ঘটনা সন্দৰ্ভত মূল অভিযুক্ত পল্লবী। ইতিমধ্যে আৰক্ষীয়ে পল্লবীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত জানিব পৰা যাব এই কাণ্ডত কন্যাৰ ভূমিকা আছিল নে নাই। বৰ্তমান দুয়োকে আৰক্ষীয়ে জেৰা চলাই আছে। ইয়াৰোপৰি ঘটনা সন্দৰ্ভত ওম প্ৰকাশৰ পুত্ৰই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

সূত্ৰ অনুসৰি জানিব পৰা মতে, পত্নীয়ে হত্যাৰ পাছত অন্য এগৰাকী প্ৰাক্তন ডিজিপিৰ পত্নীক ফোন কৰি কৈছিল যে- “ৰাক্ষসক মাৰি পেলালো”। লগে লগে সেই মহিলাগৰাকীয়ে আৰক্ষীক খবৰ দিছিল। অৱশ্যে ইয়াৰ পূৰ্বে পল্লবীয়ে নিজেই আৰক্ষীক খবৰ দিছিল। ইয়াৰোপৰি কি কাৰণে এই ঘটনা সংঘটিত হ’ল তাৰ এতিয়ালৈকে নিশ্চিত কাৰণ পোহৰলৈ অহা নাই।

আৰক্ষীৰ সূত্ৰ অনুসৰি, প্ৰাক্তন ডিজিপিগৰাকীয়ে পূৰ্বতে তেওঁৰ লগত কিবা হ’ব পাৰে বুলি বন্ধুক জনাইছিল। তেওঁ কৈছিল যে, কোনো আত্মীয়ই তেওঁক হত্যা কৰিব পাৰে। অৱশ্যে কোনো ক্ষেত্ৰতেই তেওঁ পত্নীৰ নাম লোৱা নাছিল। এই সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কি কাৰণে এই ঘটনা সংঘটিত হল এই সকলো তদন্তৰ অন্ততহে পোহৰলৈ আহিব।

 

 

অন্য খবৰ পঢ়কঃ ঘৰৰ ভিতৰত তেজেৰে লুতুৰী-পুতুৰী অৱস্থাত উদ্ধাৰ প্ৰাক্তন DGP ৰ মৃতদেহ…

চাণক্যৰ মতে এজন ব্যক্তিৰ কি কি গুণে সন্মান বৃদ্ধি কৰে ?
যকৃত বিকল হ'লে কি কি লক্ষণে দেখা দিয়ে জানেনে? জানক সকলো...
ভগৱান হনুমানক আগবঢ়াওক এইসমূহ বস্তু, পূৰ হ'ব সকলো মনোকামনা
কিয় পালন কৰা হয় সতী সাধিনী দিৱস? বীৰাংগনা 'সাধিনী'ৰ বীৰত্বৰ কাহিনী জানক..