ঘৰৰ ভিতৰত তেজেৰে লুতুৰী-পুতুৰী অৱস্থাত উদ্ধাৰ প্ৰাক্তন DGP ৰ মৃতদেহ…

পত্নীয়ে হত্যা কৰিলে প্ৰাক্তন ডিজিপিক। জানিব পৰা মতে, ঘৰৰ কোঠাত উদ্ধাৰ হয় প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ মৃতদেহ। আৰক্ষীয়ে ইতিমধ্যে পত্নীক জিম্মাত লৈ জেৰা আৰম্ভ কৰিছে।

ঘৰৰ ভিতৰত তেজেৰে লুতুৰী-পুতুৰী অৱস্থাত উদ্ধাৰ প্ৰাক্তন DGP ৰ মৃতদেহ...

ওম প্ৰকাশ

Published: 

20 Apr 2025 20:17 PM

কৰ্ণাটকৰ প্ৰাক্তন ডিজিপি ওম প্ৰকাশক হত্যা। পোহৰলৈ অহা তথ্য অনুসৰি বেংগালুৰুৰ কে এইচ এছ আৰ লেআউটতস্থিত বাসগৃগত ওম প্ৰকাশৰ মৃতদেহ তেজেৰ লুতুৰী পুতুৰী অৱস্থাত উদ্ধাৰ হয়। আৰক্ষীৰ মতে, কোনো দুৰ্বৃত্তই নহয়, এই হত্যাকাণ্ড সংঘটিত কৰিছে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ পত্নীয়ে। ঘটনাৰ পাছতে আৰক্ষীয়ে মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ১৯৮১ চনৰ বেটচৰ আই পি এছ বিষয়া ওম প্ৰকাশ ২০১৫ চনত ৰাজ্যৰ ৩৮ সংখ্যক ডি জি হৈছিল ওম প্ৰকাশ।

প্ৰাক্তন ডিজিপিগৰাকীৰ পত্নীয়ে জনোৱা মতে, মূলতঃ বিহাৰৰ চম্পাৰণৰ আই পি এছ ওম প্ৰকাশে অৱসৰৰ পিছত পৰিয়ালৰ সৈতে বাংগালুৰুত বাস কৰি আছিল। জানিব পৰা মতে, প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ পত্নী মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু মানসিক অশান্তিত ভুগিয়ে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰে। বৰ্তমান আৰক্ষীয়ে পত্নীক জেৰা কৰি তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

আৰক্ষীৰ মতে, ৰাজ্যখনৰ ৩৮ নং ডিজি আৰু আইজিপি হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে আই পি এছ ওম প্ৰকাশে অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ সঞ্চালক প্ৰধানৰ উপৰিও হোম গাৰ্ডৰ কমাণ্ডেণ্ট জেনেৰেল আৰু অসামৰিক প্ৰতিৰক্ষা সঞ্চালক হিচাপেও কাম কৰিছিল। কৰ্ণাটক কেডাৰৰ আই পি এছ বিষয়াগৰাকীয়ে প্ৰথমে বিহাৰত আছিল। তেওঁ কৰ্ণাটকৰ বেল্লাৰীৰ হাৰাপানহল্লী মহকুমাৰ এ এছ পি হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।

পৰৱৰ্তী সময়ত তেওঁ ৰাজ্যিক সতৰ্কতা আয়োগ আৰু কৰ্ণাটক লোকায়ুক্তৰ এছ পি হিচাপে আৰু চিকমগালুৰু, শিৱমোগ্গা আৰু উত্তৰ কানাড়া আদি জিলাত কেপ্তেইন হিচাপে দায়িত্ব লাভ কৰিছিল। ১৯৯৩ চনত ভাটকলৰ সাম্প্ৰদায়িক সংঘৰ্ষ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ ডি আই জি (প্ৰশাসন), ডি আই জি-উত্তৰ অঞ্চল, ডি আই জি-প্ৰশিক্ষণ আৰু ডি আই জি অগ্নিনিৰ্বাপক বাহিনী আদি পদতো কাৰ্যনিৰ্বাহ কৰিছিল। আই জি পি হিচাপে তেওঁ চি আই ডি আৰু পৰিবহণ আয়ুক্তৰ দায়িত্বও গ্ৰহণ কৰিছিল।

যৌনাংগত খজুৱতি আৰু প্ৰস্ৰাৱৰ সময়ত জ্বলি আছে নেকি? এই ক্ষেত্ৰত মহিলাসকল সাৱধান হোৱা উচিত
Health News: ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ বেঙেনা খাওক !
গৰমৰ দিনৰ মহৌষধ কেঁচা আম! জানক ইয়াৰ উপকাৰিতাৰ বিষয়ে...
আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলাই নেকি? তেন্তে কৰক এই কাম...