কংগ্ৰেছৰ হাতৰ পৰা যাব নেকি আন এখন ৰাজ্য? সংকটত মুখ্যমন্ত্ৰীৰ চকী…

Karnataka: মুডা কেলেংকাৰীত নাম সাঙোৰ খাইছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমায়াৰ। এই সন্দৰ্ভত তেওঁ আদালতত দাখিল কৰা আবেদন ইতিমধ্যে খাৰিজ হৈছে। যাৰ বাবে প্ৰশ্ন উত্থাপন হৈছে যে বিপদত পৰিব নেকি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ।

কংগ্ৰেছৰ হাতৰ পৰা যাব নেকি আন এখন ৰাজ্য? সংকটত মুখ্যমন্ত্ৰীৰ চকী...

সিদ্ধাৰমায়া

Published: 

25 Sep 2024 14:10 PM

বিপদ বৃদ্ধি হৈছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সিদ্ধাৰমায়াৰ। কৰ্ণাটক উচ্চ ন্যায়ালয়ে মুডা কেলেংকাৰীত তেওঁৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি দিয়াৰ পাছতেই এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কৰ্ণাটকত নাথাকিব নেকি কংগ্ৰেছ চৰকাৰ?  আদালতৰ সিদ্ধান্তৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ কোনো তদন্তত কুণ্ঠাবোধ নকৰে আৰু বিষয়টো আইনী বিশেষজ্ঞৰ সৈতে আলোচনা কৰিব। তেওঁ কয় যে, ৰিট আবেদনৰ ৰায় উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে ৰাজ্যপালৰ এক অনুমোদৰ প্ৰত্যাহ্বান জনাই ন্যায়ালয়ৰ কাষ চাপিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

কিন্তু আদালতত সকাহ নাপালে মুখ্যমন্ত্ৰীগৰাকীয়ে। আদালতে খাৰিজ কৰে তেওঁৰ আবেদন আৰু তাৰ পাছতেই এতিয়া সিদ্ধাৰমায়াৰ বিপদ বৃদ্ধি পাইছে। এই কঠিন সময়ত কংগ্ৰেছৰ জ্যেষ্ঠ মন্ত্ৰী আৰু নেতাসকল থিয় হৈ আছে সিদ্ধাৰমায়াৰ সৈতে। উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কয়, মুখ্যমন্ত্ৰীৰ কোনো দোষ নাই আৰু তদন্তৰ পিছতো তেওঁক যে নিৰ্দোষী সেয়া স্পষ্ট হৈ পৰিব। আবেদন নাকচ হোৱাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহত উপ-মন্ত্ৰী শিৱকুমাৰকে ধৰি কংগ্ৰেছৰ সকলো বিধায়ক সমবেত হৈ পৰৱৰ্তী পদক্ষেপৰ বিষয়ে আলোচনা কৰে। প্ৰশ্ন উত্থাপন হয় যে এতিয়া মুখ্যমন্ত্ৰীৰ হাতত কি আইনী বিকল্প বাকী আছে?

কি বিকল্প আছে

কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই সকলোকে অপেক্ষা কৰিব কৈ সময়ত সকলো স্পষ্ট হৈ পৰিব বুলি কৈছে। তেওঁ কয় যে, এই বিষয়ৰ তদন্তৰ বাবে এছ আই টি গঠন কৰা হৈছে। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ত আবেদন কৰাৰো বিকল্প আছে। এই গোচৰত মুখ্যমন্ত্ৰী দোষী হোৱাৰ কোনো প্ৰমাণ নাই বা কোনো প্ৰতিবেদনো নাই। আদালতৰ সিদ্ধান্তত কোৱা হৈছে যে মুডাত কেলেংকাৰী হৈছে আৰু গতিকে ইয়াৰ তদন্ত হ’ব লাগে।

ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীৰ হাতত ২টাকৈ আইনী বিকল্প আছে। প্ৰথমটো, কৰ্ণাটক উচ্চ ন্যায়ালয়ত ইন্ট্ৰা কোৰ্ট আবেদন দাখিল কৰি বিভাগীয় বিচাৰপীঠৰ দ্বাৰা গোচৰৰ শুনানি গ্ৰহণ কৰা। দ্বিতীয় বিকল্প হ’ল উচ্চতম ন্যায়ালয়ত এছ এল পি (Special Leave Petition) দাখিল কৰা। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত অনুসৰি ৰাজ্যপালৰ তদন্তৰ অনুমতি দিয়াৰ সিদ্ধান্ত স্বতন্ত্ৰ আৰু তেওঁৰ কৰ্তৃত্বৰ ভিতৰত আছিল।

আবেদন খাৰিজ হোৱাৰ পাছতেই এতিয়া বিজেপিয়ে সিদ্ধাৰমায়াৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। লগতে এই বিষয়টোত তেওঁলোকে উচিত তদন্ত বিচাৰিছে। উল্লেখ কৰা  প্ৰয়োজন যে, বিভিন্ন কেলেংকাৰীৰ অভিযোগত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন জেললৈ যোৱাৰ উদাহৰণ আছে। গতিকে প্ৰশ্ন উত্থাপন হৈছে, তদন্তৰ অন্তত জেললৈ যাব লাগিব নেকি কৰ্ণাটকৰ মুখ্যমন্ত্ৰীগৰাকী? যদি এনে হয় তেন্তে বিপদত পৰিব পাৰে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ।

অভিযোগ কি?

মুডা (MUDA)  হৈছে কৰ্ণাটকৰ ৰাজ্যিক পৰ্যায়ৰ উন্নয়ন সংস্থা যাক ১৯৮৮ চনৰ মে মাহত গঠন কৰা হৈছিল। মুডাৰ কাম হ’ল নগৰ উন্নয়ন প্ৰসাৰিক কৰা, গুণগত নগৰ আন্তঃগাঁছনি প্ৰদান কৰা, সুলভ মূল্যৰ গৃহ প্ৰদান কৰা, গৃহ নিৰ্মাণ কৰা আদি। অভিযোগ অনুসৰি এই আঁচনিৰ অধীনত মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত ভূমি আৱন্টন দিয়া হৈছিল।

 

দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...
পৃথিৱীৰ এই গাঁওখনত ১৮ ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন...কিন্তু কিয় ?
খ্ৰীষ্টমাছত সৰ্বাধিক বিক্ৰী হয় এইবিধ কেক! GST কিমান জানেনে?