Pahalgam terror attack: প্ৰথমে নাম-ধৰ্ম, তাৰ পিছত নৃশংস হত্যা! ভাৰতবৰ্ষৰ সভ্যতা, ঐক্য আৰু শান্তিৰ ওপৰত এয়া এক নিৰ্মম আঘাত
কাশ্মীৰত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণত প্ৰায় ৩০ জন পৰ্যটকৰ মৃত্যুৰ আশংকা। দেশ কঁপাই যোৱা এই আক্ৰমণত বহু লোক আহত হৈছে। সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ ধৰ্ম সোধে আৰু গুলীচালনা কৰে। এই আক্ৰমণ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত সংঘটিত হয়। আনকি এই আক্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয় আছিল চৌদি আৰৱত। প্ৰধানমন্ত্ৰীকে ধৰি আন বহু নেতাই এই আক্ৰমণক কাপুৰুষৰ ঘটনা বুলি গৰিহণা দিছে।

প্ৰথমে নাম-ধৰ্ম, তাৰ পিছত নৃশংস হত্যা!
ভূ-স্বৰ্গ কাশ্মীৰত শান্তি ঘূৰি অহা যেন লগাৰ সময়তে সংঘটিত হয় এক অপ্ৰীতিকৰ ঘটনা। এইবাৰ সন্ত্ৰাসবাদীয়ে পৰ্যটকক আক্ৰমণ কৰে। যোৱা কেইবছৰমানৰ পৰা এনে লাগিছিল যে কাশ্মীৰত পৰ্যটকৰ বাবে শান্তি আৰু নিশ্চয়তা আছে। পেহেলগাম এক নৈসৰ্গিক ঠাই । য’ত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰাও হাজাৰ হাজাৰ পৰ্যটক আহে প্ৰতি বছৰে ফুৰিবলৈ।
যদিও নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে। কিন্তু এই আক্ৰমণৰ পৰা এনে লাগে, সন্ত্ৰাসবাদীয়ে সেই সময় বাছি লৈছিল যেতিয়া আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স ভাৰতত আছে। কাশ্মীৰ ভ্ৰমণ কৰিবলৈ আগ্ৰহী আমেৰিকানসকলেও এই ভ্ৰমণৰ পিছত আহিলেহেঁতেন। কিন্তু হঠাৎ কৰা এই আক্ৰমণে পৰ্যটকৰ মনোবল ভাঙি পেলাইছে।
এই আক্রমণে সন্ত্ৰাসবাদীৰ আন এক কাণ্ড উদঙাই দিছে। হত্যা কৰাৰ আগতে ব্যক্তিকেইজনৰ ধৰ্মৰ বিষয়ে শুধিছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, প্ৰথমে নাম-ধৰ্ম, তাৰ পিছত নৃশংস হত্যা কৰে। সন্ত্ৰাসবাদীয়ে হিন্দু নাম শুনিলে লগে লগে গুলীয়াই দিয়ে। এই সন্ত্ৰাসবাদী কাণ্ডত ৩০ জন পৰ্যটকৰ মৃত্যুৰ আশংকা কৰা হৈছে যদিও বহু লোক আহত হৈছে। এতিয়া চৌদি আৰৱ ভ্ৰমণৰ পৰাও উভতি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২৬/১১ৰ মুম্বাইত সংঘটিত আক্ৰমণৰ পিছত এইটোৱেই প্ৰথম সন্ত্ৰাসবাদী কাণ্ড, য’ত ইমান বৃহৎ সংখ্যক নিৰীহ লোকৰ মৃত্যু হৈছে।
পৰ্যটন উদ্যোগত মোক্ষ আঘাত
একেদৰে চাৰি দশকৰ আগতে আম্বালা-চণ্ডীগড়ৰ মাজত শিখ সন্ত্ৰাসবাদীয়ে কৰিছিল। ১৯৮৭ চনত লাড়নুংৰ সমীপত হাৰিয়ানা ৰোডৱেজৰ এখন বাছত জোৰকৈ নমাই ৩৮ জন হিন্দু যাত্ৰীক শিখ সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল। এই বাছখন চণ্ডীগড়ৰ পৰা হৰিদ্বাৰলৈ গৈছিল। মঙলবাৰেও পহলগামত এনেধৰণৰ ঘটনা সংঘটিত হয়। পহলগামৰ বৈছাৰণ উপত্যকাত ঘোঁৰাত উঠি যোৱা পৰ্যটকৰ দল এটাক একাংশ লোকে তেওঁলোকৰ নাম সোধাত হিন্দু নাম শুনি গুলীয়াই হত্যা কৰে। বৰ্তমান এই সকলোবোৰ প্ৰত্যক্ষদৰ্শীৰ পৰা পোৱা তথ্যহে।
এই গুলীচালনাই পুনৰ জম্মু-কাশ্মীৰৰ শোভাক আঁতৰাই দিব। পৰ্যটকসকলে জম্মু-কাশ্মীৰত পুনৰ আশা কঢ়িয়াই আনিছিল। তাত থকা হোটেলৰ পৰা আৰম্ভ কৰি ঊনৰ কাপোৰ আৰু কেশৰ উৎপাদকলৈকে সকলোৱে আনন্দিত হৈছিল। কিন্তু এতিয়া সকলোতে আউল লাগিল।