5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বৃহৎ প্রকল্পৰ নামত কাজিৰঙাৰ সাধাৰণ মানুহক উচ্ছেদ! লুৰিণৰ দাবী, হিমন্ত বিশ্ব শৰ্মা স্বয়ং বেপাৰী মুখ্যমন্ত্ৰী

বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ উদ্যোগত বোকাখাতৰ নাট্যমন্দিৰ প্ৰাংগনত আজি এক গণ সমাৱেশ অনুষ্ঠিত হয়। এই সমাৱেশত বিৰোধী ঐক মঞ্চ, অসমৰ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয়।

বৃহৎ প্রকল্পৰ নামত কাজিৰঙাৰ সাধাৰণ মানুহক উচ্ছেদ! লুৰিণৰ দাবী, হিমন্ত বিশ্ব শৰ্মা স্বয়ং বেপাৰী মুখ্যমন্ত্ৰী
বোকাখাতত গণ সমাৱেশ
Follow Us
monjit-dutta
Monjit Dutta | Published: 19 Sep 2024 21:05 PM

বৃহৎ হোটেল নিৰ্মাণ তথা কাজিৰঙাৰ অবৈধ সম্প্ৰসাৰণৰ নামত কাজিৰঙাৰ কাষৰীয়া সাধাৰণ মানুহক চলোৱা হৈছে উচ্ছেদ। জাতি, মাটি আৰু ভেটিৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সাধাৰণ খাটি খোৱা মানুহক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপনেৰে আজি বোকাখাতত অনুষ্ঠিত কৰা হয় এক গণ সমাৱেশ। বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ উদ্যোগত বোকাখাতৰ নাট্যমন্দিৰ প্ৰাংগনত এই গণ সমাৱেশ অনুষ্ঠিত হয়।

ভূমিৰ অধিকাৰৰ লগতে অসম চুক্তিৰ ৬ নং দফাক লৈ কৰা প্রতাৰণাৰ বিৰুদ্ধে, মূল্য বৃদ্ধি, মাইক্র’ফাইনেন্স, স্মাৰ্টমিটাৰৰ শোষণ প্ৰসঙ্গয়ো বিশেষ ঠাই পায় এই গণ সমাবেশত। এই গণ সমাৱেশত উপস্থিত থাকি বিৰোধী ঐক মঞ্চ, অসমৰ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয়।

লুৰিণজ্যোতি গগৈৰ অভিযোগ, বিজেপি চৰকাৰ হৈছে পুঁজিপতিৰ চৰকাৰ আৰু অসমৰ স্বয়ং মুখ্যমন্ত্ৰীগৰাকী এজন বেপাৰী মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই কেৱল নিজৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধি কৰিছে আৰু তাৰ বিপৰীতে সাধাৰণ খাটি খোৱা মানুহক বিভিন্ন অজুহাত দেখুৱাই নিজৰ থকা মাটিকণৰ পৰা উচ্ছেদ কৰিছে বুলি দাবী কৰে বিৰোধী নেতাগৰাকীয়ে।

তেওঁ লগতে কাজিৰঙাত হোটেল নিৰ্মাণৰ নামত ইংলে পথাৰৰ সাধাৰণ মানুহৰ কৃষিভূমি অধিগ্রহণ কৰা হৈছে আৰু আনফালে হিমন্ত বিশ্ব পৰিয়ালে কাজিৰঙাত বাগান, হোটেল সকলো ব্যবসায় আৰম্ভ কৰিছে বুলিও দাবী কৰে। ইফালে অসম চুক্তিৰ ৬ নং দফাক হিমন্ত বিশ্ব শৰ্মাই প্ৰতাৰণা কৰা বুলিও অভিযোগ কৰিছে অজাপৰ সভাপতিগৰাকীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে অসম চুক্তিৰ ৬ নং দফাক সম্পূৰ্ণ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে বুলি দাবী কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে গৃহ মন্ত্ৰালয়ৰ অনুমোদন অবিহনে মুখ্যমন্ত্ৰীৰ ৬ নং দফাক কাৰ্যকৰী কৰাৰ কোনো ক্ষমতা নাই। এইয়া সম্পূৰ্ণ ৰাজনৈতিক ভেকোভাওনা বুলিও তেওঁ লগতে অভিযোগ কৰে।

উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ বিধিৰ বিপৰীতে উচ্ছেদ কাৰ্য চলাই হিমন্ত বিশ্ব শৰ্মাই ‘উচ্ছেদ’ক সম্পূৰ্ণ ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰা বুলিও লুৰিণজ্যোতি গগৈয়ে অভিযোগ কৰে। তেওঁৰ দাবী, এফালে কা’ জাপি দি অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ হৰণ কৰাৰ চেষ্টা কৰিছে আৰু আনফালে অসম চুক্তিৰ ৬নং দফাক ৰাজনৈতিক ভাৱে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে।

নিজ ভাষণত গগৈয়ে লগতে ৰাজ্যত শেহতীয়াকৈ চলি থকা স্মাৰ্ট মিটাৰৰ প্ৰসংগও উত্থাপন কৰে। লুৰিণজ্যোতি গগৈৰ মতে, এইয়া স্মাৰ্ট মিটাৰ নহয় বিজেপি চৰকাৰৰ ‘স্মাৰ্ট ডকাইতি’। বিজেপি চৰকাৰৰ এনে লুণ্ঠন, প্ৰতাৰণাৰ বিৰুদ্ধে সকলো ৰাইজক মাৰবান্ধি থিয় হ’বলৈ আহ্বান জনায় অজাপৰ সভাপতিগৰাকীয়ে।

এই সমাৱেশত চি.পি.আই. (এম.এল) অসম ৰাজ্যিক কমিটীৰ সম্পাদক বিবেক দাস, চি.পি.আইৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক কনক গগৈ, চি.পি.আই (এম) দলৰ ৰাজ্যিক কমিটীৰ সদস্য নিৰংকুশ নাথ, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অলক নাথ, এই.পি.এইচ.এল.চিৰ অধ্যক্ষ জন ইংতি কাথাৰ, নিখিল ভাৰত কৃষক সভাৰ জয়ন্ত গগৈ, নিখিল ৰাভা জাতীয় পৰিষদৰ ৰাজ্যিক সম্পাদক গোবিন্দ ৰাভা, আইচাৰ ৰাজ্যিক সভাপতি সুব্ৰত তালুকদাৰকে আদি কৰি বিভিন্ন নেতৃবৃন্দ উপস্থিত থাকে।

ইফালে বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সংগ্রাম সমিতিৰ আহ্বায়ক প্রণৱ দলেই কাজিৰঙাক ৰক্ষাৰ স্বাৰ্থত জীৱন দি হ’লেও কাজিৰঙাৰ স্থানীয় মানুহৰ মাটিৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিব বুলি স্থানীয় ৰাইজৰ প্ৰতি আহ্বান জনায় আৰু লগতে ভৱিষ্যতে ঐক্যবদ্ধ সংগ্রামৰ প্রস্তাব গ্রহণ কৰে।

Latest News