কেৰালাত প্ৰকৃতিৰ তাণ্ডৱলীলাৰ শিহৰণকাৰী ইতিহাসৰ বিষয়ে জানক | Kerala wayanad flood landslide and natural disaster Assam news - Assam Tv9

৬ বছৰত ৭০০জনৰ কৰুণ মৃত্যু! কেৰালাত প্ৰকৃতিৰ ধ্বংসলীলাৰ শিহৰণকাৰী ইতিহাসৰ বিষয়ে জানক

কেৰালাত প্ৰথমবাৰৰ বাবে এনে ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হোৱা নাই। পূৰ্বেও ৰাজ্যখন বহু দুৰ্যোগৰ সন্মুখীন হৈছে আৰু অতিক্ৰম কৰিছে । কিন্তু ধ্বংসলীলাৰ ছবি প্ৰতিবাৰেই ভয়াৱহ আছিল। ২০১৮ চনত কেৰালাত এই শতিকাত আটাইতকৈ ডাঙৰ বানপানী হৈছিল। য'ত ৪৮০ৰো অধিক লোকৰ মৃত্যু হৈছিল।

৬ বছৰত ৭০০জনৰ কৰুণ মৃত্যু! কেৰালাত প্ৰকৃতিৰ ধ্বংসলীলাৰ শিহৰণকাৰী ইতিহাসৰ বিষয়ে জানক

কেৰালাত প্ৰকৃতিৰ ধ্বংসলীলা

Published: 

31 Jul 2024 14:30 PM

দক্ষিণ ভাৰতৰ এখন অতি সুন্দৰ ৰাজ্য কেৰালা বৰ্তমান প্ৰকৃতিৰ তাণ্ডৱলীলাৰ সন্মুখীন হৈছে। যদিও কেৰালাৰ মুন্নাৰ, ৱায়ানাড, কোভালম আৰু ভাৰ্কলাৰ দৰে অঞ্চলসমূহে কেইবা দশক ধৰি পৰ্যটকক আকৰ্ষিত কৰি আহিছে,
কিন্তু যোৱা কেইবা বছৰত বৰষুণ আৰু বানপানীৰ বাবে হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰাজ্যখন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।

কেৰালাৰ এফালে মুন্নাৰ দৰে এখন সুন্দৰ পাহাৰীয়া কেন্দ্ৰ আছে। লগতে চাহ খেতি আৰু ১২বছৰত এবাৰ ফুলা নীলাকুৰিঞ্জি ইয়াৰ বিশেষ পৰিচয়। আনহাতে আন্তৰ্জাতিক স্বীকৃত কোভালম সমুদ্ৰতীৰ প্ৰায় এক শতিকাৰ পৰা পৰ্যটকৰ প্ৰিয় স্থান হৈ আহিছে। থেক্কাদিৰ নাম শুনিলে সুগন্ধি মচলাৰ বাগিচাৰ ছবিবোৰ চকুৰ আগত ভাহি উঠে। ৱায়ানাডৰ বিষয়ে ক’বলৈ গ’লে, যদিও ই ২০১৯চনত ৰাজনীতিৰ পৃষ্ঠাত প্ৰকাশ পাইছিল, যেতিয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ইয়াৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। ইয়াৰ জলপ্ৰপাত আৰু চেমব্ৰা শৃংগই বহু বছৰ ধৰি মানুহক আকৰ্ষিত কৰি আহিছে।

মনোমোহা বতৰ, সুন্দৰ সমভূমি আৰু বিশ্বৰ সৰ্বশ্ৰেষ্ঠ পৰ্যটন ক্ষেত্ৰৰ বাবে জনাজাত কেৰালা নিৰন্তৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। মঙলবাৰে (৩০ জুলাই) ৱায়ানাড জিলাত হোৱা ভূমিস্খলনত এতিয়ালৈকে ১৫০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। শ শ লোক সন্ধানহীন হৈ আছে, মানুহৰ ঘৰ ধ্বংস হৈছে আৰু ধ্বংসস্তূপত আৱদ্ধসকলৰ সন্ধান অব্যাহত আছে। কেৰালাৰ এই ধ্বংসযজ্ঞই আকৌ এবাৰ বিগত কেইবা বছৰৰ আগৰ আঘাতবোৰক জীয়াই তুলিছে। ৰ্বেও ৰাজ্যখন বহু দুৰ্যোগৰ সন্মুখীন হৈছে আৰু অতিক্ৰম কৰিছে । কিন্তু ধ্বংসলীলা ছবি প্ৰতিবাৰেই ভয়াৱহ আছিল।

 

২০১৮ৰ পিছত আটাইতকৈ ডাঙৰ দুৰ্যোগ

 

  • ২০১৮ চনত কেৰালাত এই শতিকাত আটাইতকৈ ডাঙৰ বানপানী হৈছিল। য’ত ৪৮০ৰো অধিক লোকৰ মৃত্যু হৈছিল। কেন্দ্ৰীয় চৰকাৰে ইয়াক ‘গুৰুতৰ প্ৰকৃতিৰ দুৰ্যোগ’ বুলি ঘোষণা কৰিছিল। বানপানীৰ ফলত কেৱল ১.৪৫ নিযুত লোকসাহায্য শিবিৰত বাস কৰিবলৈ বাধ্য হোৱাই নহয়, ৫৫,০০০ হেক্টৰতকৈও অধিক কৃষিজাত শস্য ধ্বংস হৈছিল। কেৰালা চৰকাৰৰ মতে, ৰাজ্যখনৰ জনসংখ্যাৰ এক-ষষ্ঠাংশ লোক বানপানীৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত হৈছিল।
  • ইয়াৰ পাছতে ২০১৯ চনত পুথুমালাত ভূমিস্খলনত ১৭জন সাধাৰণ লোক নিহত হৈছিল।
  • ২০২১ চনত ইডুক্কি আৰু কোট্টায়ামত ভূমিস্খলনৰ ফলত ৩৫জন লোকৰ মৃত্যু হৈছিল। এক প্ৰতিবেদন অনুসৰি, ২০২১ চনত ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত কেৰালাত প্ৰায় ৫৩জন লোকৰ মৃত্যু হৈছিল।
  • ২০২২ৰআগষ্ট ভূমিস্খলন আৰু বানপানীৰ ফলত ১৮জন লোকৰ মৃত্যু হৈছিল।
  • Ministry of Earth Sciencesৰ মতে, ২০১৫ৰ পৰা ২০২২ চনৰ ভিতৰত দেশখনত মুঠ ৩,৭৮২টা ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল। যাৰ ভিতৰত কেৱল কেৰালাত সৰ্বাধিক ২,২৩৯টা ভূমিস্খলন নথিভুক্ত কৰা হৈছিল।
  • মঙলবাৰে ৱায়ানাডত হোৱা ধ্বংসযজ্ঞৰ বিষয়ে ক’বলৈ গ’লে, এতিয়ালৈকে এই ভূমিস্খলনত প্ৰায় ১৫০জন লোকে প্ৰাণ হেৰুৱাইছে।

 

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে ৰাজধানী তিৰুৱন্তপুৰমত উদ্ধাৰ অভিযান সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছে। সেনা, NDRF আৰু আৰক্ষীয়ে এতিয়ালৈকে এক হাজাৰৰো অধিক লোকক উদ্ধাৰ কৰি সাহায্য শিবিৰলৈ প্ৰেৰণ কৰিছে। ইয়াৰ উপৰিও, ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ দলটোৱে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানত নিয়োজিত হৈ আছে। কেন্দ্ৰীয় মন্ত্ৰী জৰ্জ কুৰিয়েনে মঙলবাৰে ভূমিস্খলন অঞ্চল পৰিদৰ্শন কৰি ভুক্তভোগীসকলক সাহায্য শিবিৰত সাক্ষাৎ কৰিছিল। বেয়া বতৰৰ বাবে ৱায়নাডৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ ভ্ৰমণ স্থগিত ৰখা হৈছে। কেৰালাৰ জনসম্পৰ্ক বিভাগে জনাইছে যে এজিমালা নৌ একাডেমীৰ ৬০টা দল ৱায়নাডত উদ্ধাৰ অভিযান চলাবৰ বাবে চুৰামালাত উপস্থিত হৈছে। যাৰ ভিতৰত এটা দলে লেফটেনেণ্ট কমাণ্ডেণ্ট আশীৰৱাডৰ নেতৃত্বত কাম কৰি আছে। এই দলটোত ৪৫জন নাবিক, ৫জন বিষয়া, ৬জন ফায়াৰ গাৰ্ড আৰু এজন চিকিৎসক আছে।

ৱায়ানডত সাহায্য আৰু উদ্ধাৰৰ কাম দ্ৰুতগতিত চলি আছে। কিন্তু প্ৰকৃতিৰ এই ধ্বংসলীলাৰ এই দৃশ্য দীৰ্ঘদিন ধৰি চকুৰ সন্মুখত আহি থাকিব। প্ৰকৃতিৰ ধ্বংসৰ এই ভয়ংকৰ ছবিবোৰ কেৰালাৰ স্মৃতিত চিৰদিনৰ বাবে সন্নিবিষ্ট হৈ পৰিছে।
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পাৰস্পৰিক সহযোগিতা আৰু সমন্বয়ৰ দ্বাৰা কেৰালা এই কঠিন সময়ৰ পৰা ওলাই আহিব পাৰিব, কিন্তু এই দুৰ্ঘটনাত প্ৰিয়জনক হেৰুওৱা লোকসকলৰ আঘাত কেতিয়াও নিৰাময় নহ’ব।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?