পুনৰ ৰাজপথ কঁপাবলৈ সাজু হৈছে কৃষকঃ দ্বিতীয় কৃষক আন্দোলনৰ অব্যাহত ৰখাৰ সিদ্ধান্ত | Kisan Andolan-2 national conference kisan mazdoor morcha tractor march on august 15 Assam news - Assam Tv9

পুনৰ ৰাজপথ কঁপাবলৈ সাজু হৈছে কৃষকঃ দ্বিতীয় কৃষক আন্দোলনৰ অব্যাহত ৰখাৰ সিদ্ধান্ত

দেওবাৰে দিল্লীৰ কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত সংযুক্ত কিষাণ মৰ্চা আৰু কিষাণ মজদুৰ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হয় কিষাণ মজদুৰ ৰাষ্ট্ৰীয় সন্মিলন। এই সন্মিলনত কৃষকৰ সমস্যা আৰু দাবী সন্দৰ্ভত আলোচনা কৰা হয়। সন্মিলনতে কৃষকৰ সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ১ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ কিষাণ মজদুৰ মৰ্চাৰ নেতা সৰৱান সিং পাণ্ডেই কিষাণ আন্দোলন-২ৰ আহ্বান জনাইছে।

পুনৰ ৰাজপথ কঁপাবলৈ সাজু হৈছে কৃষকঃ দ্বিতীয় কৃষক আন্দোলনৰ অব্যাহত ৰখাৰ সিদ্ধান্ত

পুনৰ কৃষক আন্দোলন

Published: 

22 Jul 2024 19:29 PM

পুনৰ এবাৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৰাজপথ কঁপাবলৈ সাজু হৈছে দেশৰ কৃষকসকল। সংযুক্ত কিষাণ মৰ্চা আৰু কিষাণ মজদুৰ মৰ্চাই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কৃষক আন্দোলন-২ অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে। দেওবাৰে দিল্লীৰ কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত সংযুক্ত কিষাণ মৰ্চা আৰু কিষাণ মজদুৰ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হয় কিষাণ মজদুৰ ৰাষ্ট্ৰীয় সন্মিলন। এই সন্মিলনত কৃষকৰ সমস্যা আৰু দাবী সন্দৰ্ভত আলোচনা কৰা হয়। সন্মিলনতে কৃষকৰ সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ১ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ কিষাণ মজদুৰ মৰ্চাৰ নেতা সৰৱান সিং পাণ্ডেই কিষাণ আন্দোলন-২ৰ আহ্বান জনাইছে।

এই আন্দোলনৰ কাৰ্যসূচী হিচাপে ১ আগষ্টত মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত আৰু ১৫ আগষ্টত সমগ্ৰ দেশতে ট্ৰেক্টৰ সমদল উলিয়াব বুলি কৃষক নেতাগৰাকীয়ে ঘোষণা কৰে। একে সময়তে কৃষক আন্দোলন-২ৰ অধীনত নতুন ফৌজদাৰী আইনখনৰ প্ৰতিলিপি দাহ কৰা হ’ব আৰু ছেপ্টেম্বৰ মাহত দুখন বৃ্হৎ কৃষক ৰেলী অনুষ্ঠিত কৰা হ’ব বুলি তেওঁ লগতে কয়।

সন্মিলনত কৃষক নেতাগৰাকীয়ে কয় যে হাৰিয়ানাত কৃষক আন্দোলনৰ সময়ত ৪৩৩ জন কৃষক আহত হৈছে আৰু একে সময়তে কৃষকক আক্ৰমণ কৰা বিষয়াসকলকো চৰকাৰে সন্মান জনাবলৈ ওলাইছে। এনে কাৰ্যক ধিক্কাৰ জনাই কৃষক নেতা পাণ্ডেই লখিমপুৰ খেৰীৰ কৃষক হত্যা ঘটনাৰ মূল অভিযুক্ত আশীষ মিশ্ৰৰ জামিন প্ৰদানৰ ঘটনাকো তীব্ৰ গৰিহণা দিয়ে।

কৃষক নেতাগৰাকীয়ে সদৰী কৰা মতে ৩১ আগষ্টত হাৰিয়ানাত চলি থকা আন্দোলনে ২০০ দিন সম্পূৰ্ণ হ’ব আৰু সেই উপলক্ষে তেওঁলোকে ৰাজ্যজুৰি দুটাকৈ বৃহৎ কৃষক ৰেলী কৰিব। এই আন্দোলন সফল কৰি তুলিবলৈ কৃষকসকলক উক্ত দিনা সীমান্তলৈ আহিবলৈ আহ্বান জনাইছে কৃষক নেতাগৰাকীয়ে। তেওঁ সদৰী কৰা মতে, প্ৰথমখন ৰেলী অহা ১৫ ছেপ্টেম্বৰত জিন্দত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন ৰেলী পিপলিত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হৈছিল কৃষক আন্দোলন ২.০। এই আন্দোলনৰ অংশ হিচাপে শম্ভু সীমান্তত কৃষকসকলে নিজৰ দাবীত অটল থাকি প্ৰতিবাদ সাব্যস্ত কৰি আছে। প্ৰতিবাদী কৃষকসকলে এম এছ পিৰ নিশ্চয়তা সন্দৰ্ভত আইন প্ৰণয়নৰ দাবী তোলাৰ লগতে স্বামীনাথন আয়োগৰ প্ৰতিবেদন অনুসৰি দাম নিৰ্ধাৰণ কৰিবলৈ দাবী উত্থাপন কৰিছে।

লগতে কৃষক আৰু শ্ৰমিকৰ ঋণ ৰেহাই, কৃষকক পেঞ্চনৰ লগতে প্ৰতিমাহে ১০ হাজাৰ টকা সাহায্য, ২০২০-২১ বৰ্ষৰ কৃষক আন্দোলনত কৃষকৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা সকলো গোচৰ বাতিল কৰিবলৈও কৃষকসকলে দাবী জনাইছে। লগতে কৃষক আন্দোলন-২ৰ সময়ত কৃষকক গুলীচালনা তথা নিৰ্যাতন চলোৱা আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী তুলিছে কৃষকসকলে।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?