শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অদ্ভুত নিয়ম! বিয়াৰ পিছত সাতদিন কোনো কাপোৰ নিপিন্ধাকৈ কটায় কইনাই

ভাৰতৰ ভিন্ন স্থানত বিয়াৰ নিয়মসমূহ ভিন ভিন । এনে এখন গাঁও আছে, য'ত বিয়াৰ পিছত কইনাই মানিব লাগে এক কঠোৰ নিয়ম । সাতদিনলৈ পিন্ধিব নোৱাৰে কোনো বস্ত্ৰ । ক'ত আছে এই গাঁওখন?

অদ্ভুত নিয়ম! বিয়াৰ পিছত সাতদিন কোনো কাপোৰ নিপিন্ধাকৈ কটায় কইনাই
প্ৰতীকী ছবি
raj-saikia
Raj Saikia | Published: 26 Mar 2025 17:38 PM

বিবাহ, এক নতুন সম্পৰ্কৰ আৰম্ভণি, এক পবিত্ৰ অনুষ্ঠান । ভাৰতত বিবাহক এইদৰেই গণ্য কৰা হয় । আমাৰ দেশত যিহেতু ভিন্ন ধৰ্ম আৰু জাতি-জনগোষ্ঠীৰ লোকে বাস কৰে, সেয়েহে তেওঁলোকৰ ৰীতি-নীতিও পৃথক । আনকি হিন্দু পৰম্পৰাতো বিভিন্ন সম্প্ৰদায়ৰ মাজত বিবাহক লৈ পৃথক পৃথক নিয়ম দেখা যায় । কিন্তু বিবাহৰ পাছত কইনা নগ্ন হৈ থাকিবলগীয়া হোৱা নিয়ম কেতিয়াবা শুনিছেনে ?

আচৰিত যেন লাগিলেও এয়া সত্য । এইখন ভাৰতৰে কাহিনী এয়া । আমাৰ দেশৰ এনে এক ঠাই আছে, য’ত বিয়াৰ পাছত কইনাই মানিব লগীয়া হয় এক অদ্ভুত নিয়ম । ইয়াত ন-কইনাই বিয়াৰ পাছত বিনা বসনে থাকিব লগীয়া হয় । তাকো এদিন বা দুদিন নহয়, সাতদিন পৰ্যন্ত থাকিব লাগে বিনা বস্ত্ৰই ।

হিমাচল প্ৰদেশৰ মণিকৰণৰ এখন সৰু গাঁও হৈছে পিনি । এই গাঁওখনতেই চলি আহিছে এই অদ্ভুত নিয়ম । বিয়াৰ পাছত ন-কইনাক নগ্ন কৰি ৰখা হয় ৭ দিনৰ বাবে । এই সময়ত তেওঁ স্বামীক দেখা কৰাতো দূৰৰে কথা, কোনো বাৰ্তালাপো কৰিব নোৱাৰে ।

বিয়াৰ পাছত শাওন মাহতো অদ্ভুত নিয়ম মানি চলিব লাগে ন-বোৱাৰীয়ে । সেই সময়তো তেওঁলোকে কোনো কাপোৰ পিন্ধিব নোৱাৰে । দেহত মাত্ৰ উলৰ চাদৰ এখন মেৰিয়াই ৰাখে । যাক বোলা হয় পাট্টু ।

কেৱল কইনাৰ বাবেই নহয়, দৰাৰ বাবেও আছে নিয়ম । বিয়াৰ পাছত এসপ্তাহলৈ মদ্যপান কৰিব নোৱাৰে দৰাই । সেই গাঁৱৰ লোকসকলে বিশ্বাস কৰে যে, যদি ন-কইনা আৰু দৰাই এই নিয়ম মানি চলে তেন্তে ঈশ্বৰে তেওঁলোকক সৌভাগ্যৱান হ’বলৈ আশীৰ্বাদ দিয়ে ।