শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

একেলগে একাধিক লক্ষ্যত কৰিব আঘাত, আলফা-এছ হ’ব ভাৰতৰ শত্ৰুৰ বাবে মহাকাল

আলফা-এছ হৈছে এক জটিল, আধুনিক অস্ত্ৰ ব্যৱস্থা যিয়ে একেলগে লঞ্চাৰৰ পৰা মানৱবিহীন বিমান (ইউএভি)ৰ এটা দল উৎক্ষেপণ কৰিব পাৰে । এই ড্ৰ’নবোৰ এনেদৰে প্ৰগেম কৰা হৈছে যাতে একেলগে কাম কৰিব পাৰে । শ্বৱাৰ্ম ড্ৰ’ন নিৰ্মাণ হ’লে এনে শত্ৰুৰ কোনো বিমান ঘাটি নাথাকিব য’ত ভাৰতে আক্ৰমণ কৰিব নোৱাৰে ।

একেলগে একাধিক লক্ষ্যত কৰিব আঘাত, আলফা-এছ হ’ব ভাৰতৰ শত্ৰুৰ বাবে মহাকাল
প্ৰতীকী ছবি
raj-saikia
Raj Saikia | Updated On: 12 Apr 2025 13:41 PM

দূৰৰ পৰা দেখাত ঠিক মৌমাখিৰ জাকৰ দৰে, কিন্তু এয়া ভাৰতীয় সেনাৰ ড্ৰোন । এখন বা দুখন নহয়, ছুখৈ বা ৰাফেলৰ বিস্ফোৰক ভৰ্তি এজাক ড্ৰোনে এতিয়া ভাৰতৰ শত্ৰুৰ লগত মোকাবিলা কৰিবলৈ সাজু । শ শ ড্ৰোন চকুৰ পলকতে শত্ৰুৰ ঘাটিত উপনীত হ’ব, যিবোৰ ঘাটি খালী চকুৰে দেখা নাযায়, বা যিবোৰত উপনীত হোৱাটো কঠিন । এই ড্ৰোনে একেলগে একে সময়তে একাধিক হাই-প্ৰফাইল গাৰ্ড টাৰ্গেট ধ্বংস কৰিব পাৰে । ইয়াৰ দৃষ্টিৰ পৰা সাৰি যাব নোৱাৰিব ভাৰতৰ শত্ৰু । ভাৰতীয় বায়ুসেনাই অতি সোনকালে এই অত্যাধুনিক অস্ত্ৰ ব্যৱস্থা লাভ কৰিব । ইয়াৰ চৰকাৰী নাম ALFA-S বা Air-Launched Flexible Asset (Swarm) ।

আলফা-এছ হৈছে এক জটিল, আধুনিক অস্ত্ৰ ব্যৱস্থা যিয়ে একেলগে লঞ্চাৰৰ পৰা মানৱবিহীন বিমান (ইউএভি)ৰ এটা দল উৎক্ষেপণ কৰিব পাৰে । এই ড্ৰ’নবোৰ এনেদৰে প্ৰগেম কৰা হৈছে যাতে একেলগে কাম কৰিব পাৰে । লঞ্চাৰো একেদৰেই হ’ব । বায়ুসেনাই ছুকৈ-৩০ এম কে আই, ৰাফেল বা তেজসৰ দৰে যুদ্ধ বিমানৰ পৰা এই ড্ৰোন আক্ৰমণ চলাব বিচাৰিছে । একৰ পৰা দুমিটাৰ দৈৰ্ঘ্য হ’ব এই ড্ৰ’নৰ । দুটা ‘ফল্ডিং উইং’ থাকিব । উইংবোৰ ভাঁজ কৰি ড্ৰ’নবোৰ বাকচত ভৰাই থ’ব পাৰি । বেটাৰী চালিত এই ড্ৰ’নে ঘণ্টাত ১০০ কিলোমিটাৰ বেগত উৰিব পাৰে ।

আলফা-এছ গ্লাইডাৰ পেডৰ সৈতে যুক্ত কৰি নিৰ্মাণ কৰা হৈছে । প্ৰতিখন গ্লাইডাৰত থাকিব ৪ৰ পৰা ১২খন আলফা ড্ৰোন । প্ৰতিখন ছুখৈ বা ৰাফেলে কমেও পাঁচটা পেড কঢ়িয়াই নিব পৰাকৈ সক্ষম । গ্লাইডাৰৰ ৰেঞ্জ ৫০-৭০ কিলোমিটাৰ । গ্লাইডাৰৰ পৰা আঁতৰি যোৱাৰ পিছত ড্ৰ’নে অতিৰিক্ত ১৫০ কিলোমিটাৰ দূৰত্বলৈকে লক্ষ্য কৰি ল’ব পাৰে । সামগ্ৰিকভাৱে আলফাই দূৰৰ পৰাও লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ সক্ষম । একে সময়তে ই শত্ৰুৰ প্ৰতিৰক্ষা ব্যৱস্থাকো চকুত ধূলি দিব পাৰে ।

হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল) আৰু বেংগালুৰুস্থিত ষ্টাৰ্ট আপ নিউ স্পেচ ৰিচাৰ্চ এণ্ড টেকন’লজিছে যৌথভাৱে বায়ুসেনাৰ বাবে এই নতুন অস্ত্ৰ প্ৰস্তুত কৰিছে । ডি আৰ ডি অ’ই ইয়াৰ তত্বাৱধান কৰি আছে । শ্বৱাৰ্ম ড্ৰ’ন নিৰ্মাণ হ’লে এনে শত্ৰুৰ কোনো বিমান ঘাটি নাথাকিব য’ত ভাৰতে আক্ৰমণ কৰিব নোৱাৰে । অত্যাধুনিক প্ৰতিৰক্ষা ব্যৱস্থাই এখন বা দুখন ড্ৰ’নক গুলীয়াই ভূ-পতিত কৰিলেও বাকী থকা ড্ৰ’নবোৰে পিনপইণ্টত সঠিকভাৱে আক্ৰমণ কৰি যাব । ফলত ভৱিষ্যতে লস্কৰ বা জৈছ উগ্ৰপন্থীৰ ঘাটি ধ্বংস কৰিবলৈ পাইলটযুক্ত যুঁজাৰু বিমান প্ৰেৰণৰ প্ৰয়োজন নাথাকিব ।

শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিৰক্ষা ছাৰ্ভিচেছ ষ্টাফ কলেজৰ সমাৱৰ্তন অনুষ্ঠানত কয়, “যুদ্ধক্ষেত্ৰৰ চৰিত্ৰ দ্ৰুতগতিত সলনি হৈছে । শত্ৰুতাপূৰ্ণ পৰিবেশতো আক্ৰমণ আৰু নিজকে ৰক্ষা কৰিবলৈ সাজু থাকিব লাগিব । পৰম্পৰাগত যুদ্ধৰ উপৰিও ভৱিষ্যতে মহাকাশ, চাইবাৰ জগত, আনকি তথ্যৰো যুদ্ধ হ’ব । তাৰ বাবে ভাৰতীয় সেনাও সাজু থাকিব লাগিব । ভাৰতীয় সেনাবাহিনীৰ সকলো বাহিনীৰ মাজত সঠিক সমন্বয়ৰ প্ৰয়োজন ।”

মানুহৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি আধুনিক যুদ্ধত জয়ী হ’বলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত গুৰুত্ব দিয়াৰ পোষকতা কৰিছিল তেওঁ । বায়ুসেনাও সেই দিশত আগবাঢ়িছে । আলফা-এছ ব্যৱস্থাই ইলেক্ট্ৰনিক ডাটা লিংক ব্যৱহাৰ কৰি ইখনে সিখনৰ লগত যোগাযোগ কৰিব । ইয়াত থাকিব ইলেক্ট্ৰ’-অপ্টিকেল চেন্সৰ । এই এআই চালিত অস্ত্ৰই শত্ৰুৰ গতিবিধিও ধৰা পেলাব পাৰে । ফলত লক্ষ্য হেৰুৱাৰ সম্ভাৱনা প্ৰায় শূন্য । চীনৰ পৰা গ্ৰহণ কৰা পাকিস্তানৰ এয়াৰ ডিফেন্স ব্যৱস্থাই প্ৰায় ২০০ কিলোমিটাৰ দূৰত্বৰ পৰা অহা ক্ষেপণাস্ত্ৰক বাধা দিব পাৰে । কিন্তু ALFA-S ড্ৰ’নে চীনৰ HQ9 ছাৰ্ফেচ টু এয়াৰ মিছাইল ব্যৱস্থাকো অসাৰ কৰি তুলিব পাৰে ।

প্ৰতিবেদক- দীপেন্দু পাল, TV9 বাংলা