কাৰ নিৰ্দেশত কাম কৰি আছিল সন্দীপ ঘোষে! পোহৰলৈ কলকাতা কাণ্ডৰ ন ন তথ্য | Kolkata doctor case CBI enquiry RG Kar Medical College Sandeep Ghosh Abhijit Mondal Assam news - Assam Tv9

কাৰ নিৰ্দেশত কাম কৰি আছিল সন্দীপ ঘোষে! পোহৰলৈ কলকাতা কাণ্ডৰ ন ন তথ্য

Published: 

19 Sep 2024 20:02 PM

কলকাতাৰ চিকিৎসক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ চিবিআইৰ তদন্তত এই নৃশংস ঘটনাৰ ন ন তথ্য পোহৰলৈ আহিছে। এনে তথ্যসমূহে কলেজৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষে কাৰোবাৰ নিৰ্দেশত কাম কৰি থকাৰ ইংগিত দিয়া বুলি প্ৰকাশ পাইছে। অৰ্থাৎ সন্দীপ ঘোষ এক বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে চিবিআইয়ে।

কাৰ নিৰ্দেশত কাম কৰি আছিল সন্দীপ ঘোষে! পোহৰলৈ কলকাতা কাণ্ডৰ ন ন তথ্য

কলকাতা কাণ্ড সন্দৰ্ভত পোহৰলৈ নতুন তথ্য

Follow Us On

কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজত সংঘটিত হোৱা চিকিৎসক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে। তদন্তৰ সময়ত এই নৃশংস ঘটনাৰ ন ন তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে এই গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে আৰ জি কাৰ মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু তালা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত মণ্ডলক। চিবিআইৰ জেৰাৰ সময়ত সন্দীপ ঘোষ আৰু অভিজিত মণ্ডলৰ ৰিমাণ্ড কপিত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পাইছে। এনে তথ্যসমূহে কলেজৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষে কাৰোবাৰ নিৰ্দেশত কাম কৰি থকাৰ ইংগিত দিয়া বুলি প্ৰকাশ পাইছে।

এনে তথ্যৰ আধাৰতে কলকাতাৰ এই ধৰ্ষণ তথা হত্যাকাণ্ডৰ আঁৰত বৃ্হৎ কোনো ষড়যন্ত্ৰৰ সন্দেহ প্ৰকাশ কৰিছে চিবিআইয়ে। তদন্তকাৰী সংস্থাটোৱে সন্দীপ ঘোষ আৰু অভিজিত মণ্ডলৰ কল ডিটেইল ৰেক’ৰ্ড পৰীক্ষা কৰাৰ লগতে তেওঁলোকক কেইগৰাকীমান প্ৰত্যক্ষদৰ্শীৰ সন্মুখত বহুৱায়ো জেৰা কৰে। তদন্তৰ সময়ত তালা থানাৰ চিচিটিভি ফুটেজ সন্দৰ্ভতো অভিযুক্ত অভিজিত মণ্ডলক প্ৰশ্ন কৰা বুলি জানিব পৰা গৈছে।

ইফালে কল ডিটেইল ৰেক’ৰ্ড পৰীক্ষা কৰাৰ পিছত কিছু সন্দেহজনক মোবাইল নম্বৰৰ তথ্য পোহৰলৈ আহিছে আৰু এই বিষয়ত অভিযুক্তক জেৰা কৰা হ’ব বুলিও জানিব পৰা গৈছে। আনহাতে চিচিটিভি ফুটেজতো ঘটনাৰ সময়ত তথা ঘটনাৰ পূৰ্বে মেডিকেল কলেজত একাংশ সন্দেহযুক্ত লোকৰ গতিবিধি দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভতো অভিযুক্তসকলক জেৰা কৰা হৈছে বুলি প্ৰকাশ পাইছে।

চিবিআইৰ সূত্ৰই জানিবলৈ দিয়া মতে, ভুক্তভোগীৰ পৰিয়ালে দ্বিতীয়বাৰৰ বাবে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰিব বিচাৰিছিল যদিও সন্দীপ ঘোষ আৰু অভিজিত মণ্ডলে ইচ্ছাকৃতভাৱে মৃতদেহটো সোনকালে দাহ কৰাইছিল। ঘটনাৰ লগে লগে অভিযুক্ত সঞ্জয় ৰায়ক চিনাক্ত কৰা হ’লেও ঘটনাৰ সময়ত অভিযুক্ত সঞ্জয় ৰয়ে পিন্ধা কাপোৰ উদ্ধাৰ কৰাত দুদিন পলম হৈছিল বুলিও আঙুলিয়াই দি্যা হৈছে৷

আনহাতে ঘটনা সন্দৰ্ভত সন্দীপ ঘোষে সঠিক ধাৰাত গোচৰ পঞ্জীয়ন নকৰাক লৈ চিবিআইয়ে সন্দীপ ঘোষে আন কিছু লোকৰ নিৰ্দেশত কাম কৰি আছিল অৰ্থাৎ তেওঁ বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে। ইফালে যোৱা শনিবাৰে চিবিআইয়ে অভিজিৎ মণ্ডলক গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁক নিলম্বন কৰিছে ৰাজ্য চৰকাৰে। আৰক্ষী বিষয়াগৰাকী এই সমগ্ৰ কাণ্ডৰ প্ৰমাণ ধ্বংস কৰাৰ আঁৰত জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে চিবিআইয়ে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version