কলকাতা কাণ্ডঃ প্ৰতিবাদী চিকিৎসকৰ আমৰণ অনশন অব্যাহত, স্বাস্থ্যৰ অৱনতি
কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজত কনিষ্ঠ চিকিৎসকৰ নৃশংস ধৰ্ষণ তথা হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত আমৰণ অনশনত বহা চিকিৎসকসকলৰ এই প্ৰতিবাদী পন্থা গ্ৰহণৰ আজি ৯ দিন সম্পূৰ্ণ হৈছে। পিছে আমৰণ অনশনত বহা তিনিগৰাকী চিকিৎসকৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।
কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজত কনিষ্ঠ চিকিৎসকৰ নৃশংস ধৰ্ষণ তথা হত্যাকাণ্ডক কেন্দ্ৰ কৰি অব্যাহত আছে চিকিৎসকৰ প্ৰতিবাদ। এই নৃশংসতাৰ বলি হৈ প্ৰাণ হেৰুওৱা সহকৰ্মী চিকিৎসকগৰাকীৰ ন্যায়ৰ দাবীত কনিষ্ঠ চিকিৎসকসকলে আন্দোলন গঢ়ি তুলিছে। দীৰ্ঘদিনীয়া ধৰ্মঘটৰ অন্তত প্ৰতিবাদী চিকিৎসকসকলে আমৰণ অনশনত বহিছে। চিকিৎসকসকলৰ এই প্ৰতিবাদী পন্থা গ্ৰহণৰ আজি ৯ দিন সম্পূৰ্ণ হৈছে। পিছে আমৰণ অনশনত বহা তিনিগৰাকী চিকিৎসকৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটা বুলি জানিব পৰা গৈছে।
এনে পৰিস্থিতিত অসুস্থ চিকিৎসককেইগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি খবৰ প্ৰকাশ পাইছে। এই সন্দৰ্ভত আন্দোলনকাৰী জুনিয়ৰ ডাক্তৰ ফ’ৰামৰ এগৰাকী চিকিৎসকে প্ৰশাসনৰ এনে মনোভাৱক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। প্ৰতিবাদী চিকিৎসককেইজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে যদিও ৰাজ্য প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে চিকিৎসকজনে।
ইফালে এই নৃশংস ঘটনা সংঘটিত হোৱা আৰ জি কাৰ হাস্পতালৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এটা দলেও ১২ ঘণ্টীয়া প্ৰতীকী অনশন কাৰ্যসূচী গ্ৰহণ কৰি যোৱা ৯ দিন ধৰি অনশনত বহি থকা কনিষ্ঠ চিকিৎসকলৰ সৈতে সংহতি প্ৰকাশ কৰে। অৱশ্যে আদালতৰ নিৰ্দেশৰ পিছতে চিকিৎসালয়খনত নিয়োজিত হৈ থকা চিআইএছএফৰ জোৱানসকলে কনিষ্ঠ চিকিৎসকসকলক বাধা প্ৰদান কৰে।
আৰ জি কাৰ হাস্পতালত এই কাৰ্যসূচী গ্ৰহণ কৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ অধিকাংশই জ্যেষ্ঠ নাগৰিক। চিআইএছএফৰ জোৱানসকলৰ বাধাৰ পিছত তেওঁলোকে যিকোনো পৰিস্থিতিতে এই প্ৰতীকী অনশন কাৰ্যসূচী আগবঢ়াই নিব বুলি হুংকাৰ দিছে। পশ্চিম বংগৰ মালদা আৰু মুৰ্ছিদাবাদ চহৰতো বহু লোকে দিনৰ ভাগত প্ৰতীকী অনশন কাৰ্যসূচী গ্ৰহণ কৰি আছে।
আন্দোলনকাৰী চিকিৎসকসকলে আজি সকলো লোককে ৰন্ধন কাৰ্যৰ পৰা বিৰত থাকি তেওঁলোকৰ প্ৰতিবাদৰ প্ৰতি সংহতি আৰু সমৰ্থন প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছে। আন্দোলনকাৰী কনিষ্ঠ চিকিৎসকসকলৰ সৈতে সংহতি প্ৰকাশ কৰি ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকসকলেও ১৪ অক্টোবৰৰ পৰা সমগ্ৰ পশ্চিম বংগৰ চিকিৎসা প্ৰতিষ্ঠানসমূহত ৪৮ ঘণ্টীয়া ‘আংশিক কাম বন্ধ’ৰ আহ্বান জনাইছে।
অৱশ্যে ব্যক্তিগত চিকিৎসালয়সমূহৰ হেল্থকেয়াৰ প্ৰফেচনেলৰ বেনাৰত চিকিৎসকসকলে সকলো জৰুৰীকালীন সুবিধা কাৰ্যক্ষম হৈ থাকিব বুলি সদৰী কৰিছে।ইফালে অনশন অব্যাহত ৰখা প্ৰতিবাদকাৰী কনিষ্ঠ চিকিৎসকসকলৰ কোনো ক্ষতি হ’লে সমগ্ৰ দেশতে চিকিৎসা সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিব বুলি সকীয়াই দিছে ফেডাৰেচন অৱ অল ইণ্ডিয়া মেডিকেল এছ’চিয়েশ্যনক।
শুকুৰবাৰে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ পূৰ্বে হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে ৫ অক্টোবৰৰ পৰা এই অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে কনিষ্ঠ চিকিৎসক।