কলকাতা কাণ্ডঃ প্ৰতিবাদ সামৰি ৪২ দিনৰ মূৰত কৰ্মস্থলীলৈ উভতিল চিকিৎসক | Kolkata doctor case RG Kar Medical College junior doctors protest resume duties after 42 days Assam news - Assam Tv9

কলকাতা কাণ্ডঃ প্ৰতিবাদ সামৰি ৪২ দিনৰ মূৰত কৰ্মস্থলীলৈ উভতিল চিকিৎসক

Published: 

21 Sep 2024 12:40 PM

কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজত ধৰ্ষণ তথা হত্যাৰ বলি হোৱা চিকিৎসকগৰাকীৰ ন্যায়ৰ দাবীত প্ৰতিবাদ কৰি অহা কনিষ্ঠ চিকিৎসকলে আজি ৪২ দিনৰ পিছত পুনৰ কৰ্মস্থলীলৈ উভতিছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে কেইবাবাৰো আলোচনাত মিলিত হোৱাৰ অন্তত শুকুৰবাৰে ধৰ্মঘটৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লৈছিল কনিষ্ঠ চিকিৎসকসকলে।

কলকাতা কাণ্ডঃ প্ৰতিবাদ সামৰি ৪২ দিনৰ মূৰত কৰ্মস্থলীলৈ উভতিল চিকিৎসক

কৰ্মস্থলীলৈ উভতিল প্ৰতিবাদী চিকিৎসক

Follow Us On

কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজৰ চিকিৎসক ধৰ্ষণ তথা হত্যাৰ গোচৰৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। কেন্দ্ৰীয় সংস্থা চিবিআইয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তত দৈনিক পোহৰলৈ আহিছে নতুন নতুন তথ্য। ইফালে এই নৃশংস ঘটনাৰ ভুক্তভোগী চিকিৎসকগৰাকীক ন্যায় প্ৰদানৰ দাবীত ঘটনাৰ পিছৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল কলকাতাৰ কনিষ্ঠ চিকিৎসকসকলে। অৱশেষত আজি কনিষ্ঠ চিকিৎসকসকলে এই প্ৰতিবাদৰ অন্ত পেলাই নিজ নিজ কৰ্মস্থলীলৈ উভতিছে। সুদীৰ্ঘ ৪২ দিনৰ মূৰত প্ৰতিবাদস্থলীৰ পৰা কৰ্মস্থলীলৈ উভতিছে চিকিৎসকসকল।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে কেইবাবাৰো আলোচনাত মিলিত হোৱাৰ অন্তত শুকুৰবাৰে ধৰ্মঘটৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লৈছিল কনিষ্ঠ চিকিৎসকসকলে আৰু আজিৰ পৰা পুনৰ কৰ্মক্ষেত্ৰলৈ ঘূৰিব বুলি নিশ্চিতি দিছিল। সেই অনুসৰি আজিৰে পৰা কনিষ্ঠ চিকিৎসকসকলে সকলো চিকিৎসালয়ৰ অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱাত পুনৰ যোগদান কৰিছে।

অৱশ্যে অ’পিডি সেৱাত যোগদানৰ পৰা বিৰত আছে কনিষ্ঠ চিকিৎসকসকল। এই সন্দৰ্ভত চিকিৎসকসকলে জানিবলৈ দিয়া মতে তেওঁলোকে আংশিকভাৱেহে কামলৈ ঘূৰি আহিছে, সেয়েহে তেওঁলোকে অ’পিডিত কাম কৰাৰ পৰা বিৰত থাকিব। তেওঁলোকে কেৱল অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰতহে সেৱা আগবঢ়াব বুলি চিকিৎসকসকলে উল্লেখ কৰিছে।

চিকিৎসকসকলে লগতে কয় যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁলোকৰ সকলো দাবী পূৰণ কৰিব বুলি আশ্বাস দিছে। এই গোচৰৰ অভিযুক্তক শাস্তি নিদিয়ালৈকে ধৰ্মঘটৰ সম্পূৰ্ণ অন্ত নপৰে বুলিও চিকিৎসকসকলে স্পষ্ট কৰি দিয়ে। প্ৰতিবাদী কনিষ্ঠ চিকিৎসকসকলৰ মন্তব্য, তেওঁলোকৰ ন্যায়ৰ যুঁজ এতিয়াও শেষ হোৱা নাই।

বংগ চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী কৰালৈ তেওঁলোকে এসপ্তাহ সময় অপেক্ষা কৰিব আৰু যদি সেই সময়ৰ ভিতৰত চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণ নহয়, তেন্তে পুনৰ ধৰ্মঘটলৈ ঘূৰি যাব বুলি কনিষ্ঠ চিকিৎসকসকলে লগতে হুংকাৰ দিছে। উল্লেখ্য যে বিগত ৯ আগষ্টত কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজত সংঘটিত মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ তথা হত্যাকাণ্ডৰ প্ৰতিবাদত কাম বন্ধ কৰি দিছিল কনিষ্ঠ চিকিৎসকলে।

ভুক্তভোগী চিকিৎসকগৰাকীৰ ন্যায়ৰ লগতে দোষীৰ শাস্তিৰ দাবীত প্ৰতিবাদত বহি পৰিছিল কনিষ্ঠ চিকিৎসকসকল। ইয়াৰ পিছত যোৱা ৪১ দিন ধৰি ধৰ্মঘট অব্যাহত ৰাখিছিল তেওঁলোকে। ইফালে কনিষ্ঠ চিকিৎসকসকলৰ প্ৰতিবাদৰ ফলত চিকিৎসা খণ্ডত দেখা দিয়া সমস্যাৰ দোহাই দি ৰাজ্যৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁলোকক প্ৰতিবাদ সামৰি পুনৰ কৰ্মস্থলীত যোগদানৰ বাবে অনুৰোধ জনাই আহিছিল।

চিকিৎসকসকলৰ প্ৰতিবাদস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে তেওঁলোকৰ সকলো দাবী পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰিছিল। ইয়াৰ পিছত মমতা বেনাৰ্জীৰ লগতে বংগ চৰকাৰৰ সৈতে কেইবাবাৰো আলোচনাত মিলিত হৈছিল প্ৰতিবাদী চিকিৎসকসকল। অৱশেষত চৰকাৰৰ পৰা দাবী পূৰণৰ আশ্বাস পোৱাৰ পিছত আজি কৰ্মস্থলীলৈ উভতিছে কনিষ্ঠ চিকিৎসকসকল।

মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব, জানক কিয় পুৱা সোনকালে শুই উঠিব লাগে...
পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
Exit mobile version