5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কলকাতাৰ চিকিৎসকৰ লগত জঘন্য কাণ্ড কৰি হত্যাঃ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য

ভুক্তভোগীৰ ভৰি, ডিঙি, হাত, ওঁঠকে ধৰি শৰীৰৰ আন অংশত আঘাত পাইছিল। পিটিআইৰ তথ্য অনুসৰি চিকিৎসকগৰাকীক প্ৰথমে হত্যা কৰি ধৰ্ষণ কৰাৰ সম্ভাৱণাও আছে।

কলকাতাৰ চিকিৎসকৰ লগত জঘন্য কাণ্ড কৰি হত্যাঃ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য
কলকাতা
barasha-sarma
Barasha Sarma | Published: 12 Aug 2024 10:39 AM

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালত কনিষ্ঠ চিকিৎসকক ধৰ্ষণ আৰু হত্যা কৰা ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে। চিকিৎসকৰ ন্যায় আৰু নিৰাপত্তাৰ দাবীত সোমবাৰে ফেডাৰেশ্যন অৱ ৰেচিডেন্ট ডাক্তৰ এছচিয়েশ্যনে ধৰ্মঘটৰ আহ্বান জনাইছে। ইয়াৰ লগতে প্ৰতিবাদকাৰীসকলে ৫ দফা দাবী সন্দৰ্ভত অনিৰ্দিষ্টকালীন কাম বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে। আনহাতে যোৱা ৩ দিন ধৰি কনিষ্ঠ চিকিৎসকক হত্যাৰ বিৰোধিতা কৰি কলকাতাৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত হৈ আছে।

কনিষ্ঠ চিকিৎসকসকলে অহৰহ প্ৰতিবাদ আৰু কাম বৰ্জন কৰাৰ ফলত ৰাজ্যৰ স্বাস্থ্য ব্যৱস্থাত বিৰূপ প্ৰভাৱ পৰিছে। এই হত্যাকাণ্ড আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়ালৈকে প্ৰতিবাদ কম হোৱা নাই। এই গোচৰ সন্দৰ্ভত দেওবাৰে দিল্লীৰ আৰ এম এল হাস্পতালত ফেডাৰেচন অৱ ৰেচিডেণ্ট ডাক্তৰ এছ’চিয়েশ্যনৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ অন্তত কনিষ্ঠ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰত চি বি আই তদন্তৰ দাবী জনায়।

চিকিৎসকসকলে কয় যে, তেওঁলোকৰ পশ্চিম বংগ চৰকাৰৰ ওপৰত বিশ্বাস নাই। যাৰ বাবে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে। যদি তেওঁলোকৰ দাবী মানি নলয় তেন্তে দিল্লী, কলকাতাকে ধৰি অন্য ৰাজ্যতো অপিডি সেৱা, অটি আদিত ৰোগীয়ে আৱশ্যকীয় সুবিধা লাভ নকৰিব।

গ্ৰেপ্তাৰ

এই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদৰ পাছতেই নিলম্বন কৰা হৈছে হাস্পাতালখনৰ অধীক্ষকক। আনহাতে গ্ৰেপ্তাৰ কৰা হৈছে  এজন চিভিক ভলান্টিয়াৰক । উল্লেখ্য যে, শুকুৰবাৰে (৯  আগষ্ট) পুৱা কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালৰ চতুৰ্থ মহলাৰ চেমিনাৰ হলত ​​কৰ্তব্যৰত এজন কনিষ্ঠ চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হৈছিল।  চিকিৎসকগৰাকীৰ মৃত্যুৰ ঘটনাই সমগ্ৰ চিকিৎসা মহাবিদ্যালয়ত উত্তাল কৰি তোলে। তাৰ পাছতেই কলকাতা আৰক্ষীয়ে তদন্তৰ বাবে SIT গঠন কৰি নাগৰিক স্বেচ্ছাসেৱক সঞ্জয় ৰয়ক গ্ৰেপ্তাৰ কৰে।

ধৰ্ষণ আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

এই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে অভিযুক্তই। তেওঁ কৈছে যে হত্যাৰ পূৰ্বে তেওঁ সুৰাপান কৰিছিল। তাৰ পাছতেই চেমিনাৰ হলত শুই থকা কনিষ্ঠি চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰে। এই কাণ্ড সংঘটিত কৰি তেওঁ ঘৰলৈ গৈ পুনৰ সুৰাপান কৰে আৰু পৰ্ণ ভিডিঅ চায়। কেৱল ইমানেই নহয়, প্ৰমাণ নষ্ট কৰিবলৈ তেওঁ কাপোৰ আদিও ধুই দিয়ে।  পৰৱৰ্তী সময়ত চিচিটিভি ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়। আদালতে সঞ্জয় ৰয়ক ১৪ দিনৰ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কনিষ্ঠ চিকিৎসকজনক ধৰ্ষণ কৰি হত্যা কৰা বুলি জানিব পৰা যায়। মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি ভুক্তভোগীৰ চকু, মুখ আৰু গোপন অংগৰ পৰা তেজ ওলাইছিল। ইয়াৰোপৰি ভৰি, ডিঙি, হাত, ওঁঠকে ধৰি শৰীৰৰ আন অংশত আঘাত পাইছিল। পিটিআইৰ তথ্য অনুসৰি চিকিৎসকগৰাকীক প্ৰথমে হত্যা কৰি ধৰ্ষণ কৰাৰ সম্ভাৱণাও আছে।

চিভিক ভলান্টিয়াৰ সঞ্জয় ৰয় কোন

পশ্চিম বংগ চৰকাৰৰ ৱেবছাইট অনুসৰি পশ্চিম বংগ আৰু কলকাতাত আৰক্ষীৰ কাম-কাজত সহায়ক হোৱাকৈ নাগৰিক স্বেচ্ছাসেৱক অৰ্থাৎ চিভিক ভলান্টিয়াৰ নিযুক্তি দিছিল। এওলোকক ঠিকাভিত্তিত নিযুক্তি দিয়া হয়। পশ্চিম বংগত ১ লাখতকৈ অধিক চিভিক ভলান্টিয়াৰ আছে। সঞ্জয় ৰয় ২০১৯ চনত কলকাতা আৰক্ষীৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগত চিভিক ভলান্টিয়াৰ হিচাপে যোগদান কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত তেওঁ ৰাজনৈতিক ক্ষমতা ব্যৱহাৰ কৰি আৰ জি কৰ হাস্পতাললৈ বদলি হয়।

 

Latest News