কলকাতা কাণ্ডঃ আৰক্ষীয়ে কি কৰি আছিল? ৰাষ্ট্ৰই আন এক জঘন্য কাণ্ডৰ বাবে অপেক্ষা কৰিব নোৱাৰেঃ উচ্চতম ন্যায়ালয়
মুখ্য ন্যায়াধীশগৰাকীয়ে প্ৰশ্ন কৰে যে, মৃতদেহটোৰ অন্তিম সৎকাৰৰ বাবে কেতিয়া গতাই দিয়া হৈছিল? কপিল ছিবালে উত্তৰ দিয়ে যে নিশা ৮.৩০ বজাত। পাছত মুখ্য ন্যায়াধীশগৰাকীয়ে কয়,মৃতদেহ গতাই দিয়াৰ ৩ ঘন্টা পাছত এজাহাৰ দাখিল কৰা গৈছে? কিয় এনে হৈছে?
দেশ জোকাৰি যোৱা কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালাত সংঘটিত হোৱা ধৰ্ষণ কাণ্ড সন্দৰ্ভত মঙলবাৰে (২০ আগষ্ট) দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত শুনানি হয়। এই বিষয়টোত উচ্চতম ন্যায়ালয়ে চুঅ’ মটো লৈ শুনানি গ্ৰহণ কৰে। শুনানিৰ সময়ত ন্যায়ালয়ে চিবিআইক চমন জাৰি কৰে। লগতে উচ্চতম ন্যায়ালয়ৰ ৩ জনীয়া বিচাৰপীঠে প্ৰশ্ন উত্থাপন কৰে যে আৰক্ষীয়ে কি কৰি আছিল? এই গোচৰৰ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জেবি পাৰ্দিৱাৰা আৰু ন্যায়াধীশ মনোজ মিশ্ৰই।
আদালতত চিবিআইৰ হৈ ছলিচিটিৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি দৰ্শাই, আনহাতে পশ্চিম বংগৰ জ্য়েষ্ঠ অধিবক্তা কপিল ছিবালো পশ্চিম বংগ চৰকাৰৰ গৈ উপস্থিত থাকে। শুনানি গ্ৰহণ কৰাৰ সময়ত মুখ্য ন্যায়াধীশে কয় যে, দেশে আৰু এটা ধৰ্ষণৰ কাৰণে অপেক্ষা কৰিব নোৱাৰে। ইয়াৰোপৰি বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে তেওঁ। তলত ইয়াৰ বিষয়ে উল্লেখ কৰা হ’ল-
- মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, ই কেৱল কলকাতাৰ ভয়ংকৰ ঘটনা নহয়, ই দেশৰ চিকিৎসকসকলৰ সুৰক্ষাৰ এক বিষয়। বিশেষকৈ মহিলা চিকিৎসকৰ সুৰক্ষা আৰু তেওঁলোকৰ কামৰ লগত জড়িত এক বিষয়। মহিলাৰ সুৰক্ষাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় একমত গঠন হ’ব লাগে।
- তেওঁ কয়, ধৰ্ষণৰ ঘটনা উদ্বেগজনক। ভুক্তভোগীৰ নামো সংবাদ মাধ্যমত আহিছে, তেওঁৰ ফটো দেখুওৱা গৈছে। উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত লৈছিল যে ধৰ্ষণৰ বলি হোৱা ভুক্তভোগীৰ নাম ৰাজহুৱা কৰিব নালাগে।
- পশ্চিম বংগ চৰকাৰৰ হৈ হাজিৰ হোৱা অধিবক্তা কপিল ছিবালক প্ৰশ্ন কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, এজাহাৰত হত্যাকাণ্ড স্পষ্ট হোৱা নাই? এনে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পাছতো অপৰাধস্থলী সংৰক্ষণ কৰা নহ’ল? আৰক্ষীয়ে কি কৰি আছিল?
- উচ্চতম ন্যায়ালয়ে বিষয়টোৰ ওপৰত নজৰ ৰাখিব।
- মুখ্য ন্যায়াধীশগৰাকীয়ে প্ৰশ্ন কৰে যে, মৃতদেহটোৰ অন্তিম সৎকাৰৰ বাবে কেতিয়া গতাই দিয়া হৈছিল? কপিল ছিবালে উত্তৰ দিয়ে যে নিশা ৮.৩০ বজাত। পাছত মুখ্য ন্যায়াধীশগৰাকীয়ে কয়,মৃতদেহ গতাই দিয়াৰ ৩ ঘন্টা পাছত এজাহাৰ দাখিল কৰা গৈছে? কিয় এনে হৈছে?
- উচ্চতম ন্যায়ালয়ে কয় যে ৰাজ্যত প্ৰতিবাদ চলি আছে, চিকিৎসক, নাগৰিক সমাজ, অধিবক্তা সকলোৱে এই বিষয়ত ক্ষোভ প্ৰকাশ কৰিছে।আপোনালোকে ধৈৰ্য ধৰক। আমি বিচাৰো ব্যৱস্থাটো ভাল হওক।
- ন্যায়ালয়ে কয়, আশা কৰা হৈছিল ৰাজ্যখনে আইন- শৃংখলা বজাই ৰাখিব আৰু অপৰাধস্থলী সুৰক্ষিত কৰিবৰ বাবে যন্ত্ৰপাতি নিয়োগ কৰিব। কিন্তু এয়া কিয় কৰিব নোৱাৰিলে সেয়া বুজি পোৱা নাই।
- তেওঁ কয়, চিকিৎসা ক্ষেত্ৰৰ লগত জড়িতসকলে হিংসাৰ সন্মুখীন হ’বলগীয়া হয়। তেওঁলোকে ২৪ ঘন্টাই কাম কৰে। কৰ্ম পৰিস্থিতিয়ে তেওঁলোকক হিংসাৰ সন্মুখীন কৰাইছে। ২০২৪ চনৰ মে’ মাহত পশ্চিম বংগত কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ কৰা হৈছিল আৰু পিছত তেওঁৰ মৃত্যু হৈছিল। ৰাষ্ট্ৰই আন এটা ধৰ্ষণৰ বাবে অপেক্ষা কৰিব নোৱাৰে।
- তেওঁ কয় যে বিহাৰত এটা ৰোগীৰ পৰিয়ালে এগৰাকী নাৰ্ছক ঠেলি দিছিল। হায়দৰাবাদত আন এজন চিকিৎসকক আক্ৰম আদি এনে বহু ঘটনা আছে। মহিলা চিকিৎসকসকল ৰোগীৰ আত্মীয়ৰ আক্ৰমণৰ সম্ভাৱনা বেছি আৰু যৌন হিংসাৰ সন্মুখী হোৱাৰ সম্ভাৱণা অধিক। অৰুণা শ্বানবাউগ গোচৰ ইয়াৰ উদাহৰণ। লিংগ হিংসাই ব্যৱস্থাটোত মহিলাসকলৰ সুৰক্ষাৰ অভাৱ প্ৰতিফলিত কৰে বুলি মুখ্য ন্য়ায়াধীশগৰাকীয়ে কয়।
- তেওঁ কয়, চিবিআইৰ পৰা আমি ৰিপোৰ্ট বিচাৰিছো।
- এখন ৰাষ্ট্ৰীয় টাস্ক ফৰ্চ গঠন কৰিব হ’ব, যিয়ে চিকিৎসকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে পৰামৰ্শ দাখিল কৰিব।