আমি ৰাক্ষসৰ সৃষ্টি কৰি আছোঃ চিকিৎসকৰ লগত জঘন্য কাণ্ড হোৱাৰ পূৰ্বে কি কথা হৈছিল হোৱাটছ এপত

শুকুৰবাৰে (৯  আগষ্ট) পুৱা কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালৰ চতুৰ্থ মহলাৰ চেমিনাৰ হলত ​​কৰ্তব্যৰত অৱস্থাত থকা এগৰাকী কনিষ্ঠ চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হৈছিল।

আমি ৰাক্ষসৰ সৃষ্টি কৰি আছোঃ চিকিৎসকৰ লগত জঘন্য কাণ্ড হোৱাৰ পূৰ্বে কি কথা হৈছিল হোৱাটছ এপত

কলকাতা প্ৰতিবাদ

Published: 

12 Aug 2024 15:24 PM

কলকাতাৰ কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডই সমগ্ৰ দেশত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত আজি চিকিৎসকসকলে ধৰ্মঘট আৰু কৰ্ম বিৰতি পালন কৰে। এই ধৰ্ষণ হত্যাকাণ্ডৰ চিবিআই তদন্তৰ দাবী জনাইছে চিকিৎসকসকলে।ইয়াৰ মাজতে এই কাণ্ডৰ এদিন পূৰ্বৰ হোৱাটছ এপৰ মেছেজ পোহৰলৈ আহিছে। যাৰ বাবে এই কাণ্ড এক ডাঙৰ ষড়যন্ত্ৰ বুলি কৈছে একাংশই।  অৱশ্যে টিভি৯ য়ে এই মেছেজৰ স্পষ্টীকৰণ কৰা নাই। হোৱাটছ এপৰ লগতে দুই ছাত্ৰ- ছাত্ৰীৰ কথোপকথন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।

কনিষ্ঠ মহিলা চিকিৎসকগৰাকীৰ হত্যাকাণ্ডৰ নিশা আৰজিকৰ ডাক্তৰছ গ্ৰুপত এগৰাকী চিকিৎসকে কৈছিল যে “ভাই কাইলৈ ​​এনে খবৰ পাব যে মানুহৰ সন্মুখত মুখ দেখুৱাব নোৱাৰিব। নিশা শুই থকা অৱস্থাত কি হৈছিল সেই কথা ভাবিলে ভয় খাব”। এই বিষয়ে দ্বিতীয়জন ডাক্তৰে কয়, “আকৌ কিয় এনেকুৱা হৈছে”? এই মেছেজ নিশা ১১.৪৮ বজাৰ। পিছদিনা সেই গ্ৰুপটোতে আন এজন চিকিৎসক কৈছিল যে আমি ৰাক্ষসৰ সৃষ্টি কৰি আছো। আন এজনে ইয়াত একমত প্ৰকাশ কৰিছিল। তাৰ পাছত আন এজনে কয়, ঠিক আছে, বুজিলো, কিন্তু মাৰি কিয় পেলালে।

আনহাতে ঘটনা সন্দৰ্ভত এটা অডিঅ’ ক্লিপ ভাইৰেল হৈছে য’ত এজন কনিষ্ঠ চিকিৎসক আৰু এজন জ্যেষ্ঠ চিকিৎসকৰ মাজত কথা  বতৰা উল্লেখ আছে। তেওঁলোকে কৈছিল যে এই কাণ্ডত বহু ডাঙৰ মানুহ আৰু ইন্টাৰ্ণৰ হাত আছে। ইয়াক ঢাকি ৰাখিবলৈ চেষ্টা কৰা হৈছে বুলি কয়। জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে কৈছিল যে এই ঘটনাত প্ৰায় ৩ জনলোক জড়িত আছে। মোৰ দুখ লাগিছে যে এই ঘটনাত মোৰ সহপাঠীও জড়িত হৈ আছে।

উল্লেখ্য যে, শুকুৰবাৰে (৯  আগষ্ট) পুৱা কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালৰ চতুৰ্থ মহলাৰ চেমিনাৰ হলত ​​কৰ্তব্যৰত অৱস্থাত থকা এগৰাকী কনিষ্ঠ চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহিছিল যে মহিলা চিকিৎসকগৰাকীৰ লগত ধৰ্ষণো হৈছিল। তাৰ পাছতেই এই ধৰ্ষণ হত্যাকাণ্ডৰ লগত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল চিভিক ভলান্টিয়াৰ সঞ্জয় ৰয়।

সঞ্জয় ৰয় ২০১৯ চনত কলকাতা আৰক্ষীৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগত চিভিক ভলান্টিয়াৰ হিচাপে যোগদান কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত তেওঁ ৰাজনৈতিক ক্ষমতা ব্যৱহাৰ কৰি আৰ জি কৰ হাস্পতাললৈ বদলি হয়। এই ঘটনাত ৰাজনৈতিক ব্যক্তিও জড়িত থকাৰ অভিযোগ উঠিছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে ঘটনাৰ উপযুক্ত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে আৰু প্ৰয়োজন হলে এই তদন্তৰ দায়িত্ব চিবিআইক অৰ্পন কৰা হব বুলি কৈছে।

বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ ২০২৪ বৰ্ষৰ 'অসম প্ৰকাশন পৰিষদ সাহিত্য বঁ‌টা'
গুৰ দিয়া চাহৰ স্বাস্থ্যৰ উপকাৰিতা কি ? শীতকালত কিয় খাব লাগে ? জানক
নতুন বছৰৰ প্ৰথম দিনটোত কৰক এই মন্ত্ৰৰ জপ, ধনেৰে ভৰিব আপোনাৰ ঘৰ!
মেলবৰ্ণ টেষ্টৰ পিছতে অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিলে যশপ্ৰীত বুমৰাহে, স্থান নহ’ল ৰোহিতৰ