বাংলাদেশী ৰোগীৰ চিকিৎসা নকৰে কলকাতাৰ এখন চিকিৎসালয়ে, কিয় এই সিদ্ধান্ত…?
বাংলাদেশত শেহতীয়াকৈ হিন্দুসকলৰ ওপৰত সংঘটিত হোৱাৰ অত্যাচাৰৰ প্ৰতিবাদৰ অংশ হিচাপে কলকাতাৰ এখন চিকিৎসালয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । দেশখনত সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা হিংসাৰ প্ৰতিবাদ জনাই কলকাতাৰ জেএন ৰায় চিকিৎসালয়ে বাংলাদেশী ৰোগীক চিকিৎসা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
বাংলাদেশত সংখ্যলঘু হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ খবৰে প্ৰভাৱিত কৰিছে ভাৰতবৰ্ষৰ হিন্দু সমাজক । বাংলাদেশত শেহতীয়াকৈ হিন্দুসকলৰ ওপৰত সংঘটিত হোৱাৰ অত্যাচাৰৰ প্ৰতিবাদৰ অংশ হিচাপে কলকাতাৰ এখন চিকিৎসালয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । দেশখনত সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা হিংসাৰ প্ৰতিবাদ জনাই কলকাতাৰ জেএন ৰায় চিকিৎসালয়ে বাংলাদেশী ৰোগীক চিকিৎসা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
সূত্ৰৰ খবৰ অনুসৰি, কোনো বাংলাদেশী ৰোগীক অনিৰ্দিষ্টকাললৈ চিকিৎসাৰ বাবে ভৰ্তি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি চিকিৎসালখনে এক অধিসূচনা জাৰি কৰিছে । হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰ প্ৰতিবাদ জনাই এই সিদ্ধান্ত কৰা বুলি চিকিৎসালয়খনৰ এগৰাকী বিষয়াই জানিবলৈ দিছে । ইয়াৰ লগতে কলকাতাৰ আন আন চিকিৎসালয়সমূহকো একেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
বাংলাদেশত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে পৰা হিন্দুৰ ওপৰত অত্যাচাৰ, আক্ৰমণ আদিৰ অভিযোগ উত্থাপন হৈ আহিছে । শ্বেখ হাছিনাই ক্ষমতা ত্যাগ কৰাৰ পিছত বাংলাদেশত হিন্দুসকল হিংসাৰ বলি হোৱাৰ খবৰ প্ৰকাশ পাইছে । সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে বৃহৎ পৰিসৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ লগতে হিন্দুৰ মন্দিৰৰ লগতে ঘৰত আক্ৰমণ সংঘটিত হোৱাৰো খবৰ প্ৰকাশ পাইছে । শেহতীয়া বাংলাদেশত ইস্কনৰ মুখপাত্ৰ চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ ফলত ভাৰতীয় হিন্দু সমাজত অধিক ক্ষোভৰ সৃষ্টি হৈছে।
চিন্ময় দাসক গ্ৰেপ্তাৰ কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰত চৰকাৰে। চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । ইয়াৰ সমান্তৰালভাৱে বাংলাদেশ চৰকাৰে সংখ্যালঘুৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছে ভাৰতৰ হিন্দু সমাজে । ইফালে সংসদত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে, ভাৰতে বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত হোৱা হিংসাৰ ঘটনাক গুৰুত্ব সহকাৰে লৈছে।
তেওঁ কয় যে, সংখ্যালঘুকে ধৰি সকলো নাগৰিকৰ জীৱন আৰু স্বাধীনতা ৰক্ষা কৰাটো বাংলাদেশৰ প্ৰাথমিক দায়িত্ব। শ্বেখ হাছিনা চৰকাৰৰ পতন আৰু মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰখন ক্ষমতালৈ অহাৰ পিছত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কত কিছু প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। একেদৰে বাংলাদেশত হিন্দুসকলৰ ওপৰত সংঘটিত আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে কংগ্ৰেছে। কংগ্ৰেছে এক বিবৃতি প্ৰকাশ কৰি কয় যে, বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুসকলে সন্মুখীন হোৱা নিৰাপত্তাহীনতাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছো।