শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কলকাতা কাণ্ড: প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ সন্মুখত নতুন বিপদ! এইবাৰ আৰজি কৰ কেলেংকাৰীৰ তদন্ত কৰিব CBIয়ে

RG Kar Scam: কলকাতাস্থিত আৰজি কৰ চিকিৎসা মহাবিদ্যালয়ৰ দুৰ্নীতিৰ তদন্ত কৰিব CBIয়ে। কলকাতা আৰক্ষীক শনিবাৰে পুৱা ১০ বজাৰ ভিতৰত তদন্ত সম্পৰ্কীয় নথিপত্ৰ চিবিআইক হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিছে কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজৰ্শী ভৰদ্বাজে।

কলকাতা কাণ্ড: প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ সন্মুখত নতুন বিপদ! এইবাৰ আৰজি কৰ কেলেংকাৰীৰ তদন্ত কৰিব CBIয়ে
আৰজি কৰ কেলেংকাৰীৰ তদন্ত কৰিব CBIয়ে
trishna-kalita
Trishna Kalita | Published: 23 Aug 2024 16:40 PM

কলকাতাত কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযোগৰ সন্মুখীন হোৱা আৰজি কৰ মেডিকেল কলেজ এণ্ড হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ সম্মুখত নতুন বিপদে থিয় দিছে। কলিকতা উচ্চ ন্যায়ালয়ে আৰজি কৰৰ সকলো দুৰ্নীতিৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰিছে। দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আবেদন দাখিল কৰিছিল প্ৰাক্তন ডেপুটি চুপাৰ আখটাৰ আলীয়ে। আবেদনখনৰ শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে যচিবিআইয়ে আৰজি কৰৰ দুৰ্নীতিৰ তদন্ত কৰিব। যিহেতু চিবিআইয়ে আৰজি কৰৰ চিকিৎসকৰ মৃত্যুৰ তদন্ত কৰি আছে। সেয়েহে কেলেংকাৰীৰ তদন্তটো CBIক হস্তান্তৰ কৰা হৈছে। ইয়াকে লৈ ন্যায়াধীশ ৰাজৰ্শী ভৰদ্বাজে শনিবাৰে পুৱা ১০.৩০ বজাৰ ভিতৰত তদন্তৰ নথিপত্ৰ দাখিল কৰাৰ নিৰ্দেশ দিছে।

কলিকতা উচ্চ ন্যায়ালয়ে আৰজি কৰৰ সকলো দুৰ্নীতিৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে। আৰজি কৰৰ প্ৰাক্তন উপ-অধীক্ষক আখটাৰ আলীৰ গোচৰটো চিবিআইয়ে তদন্ত কৰিব। এইটোও কোৱা হৈছে যে সকলো তথ্য শনিবাৰৰ ভিতৰত দাখিল কৰিব লাগিব। ৰাজ্য চৰকাৰে আৰজি কৰ গোচৰৰ তদন্তৰ বাবে এছআইটি গঠন কৰিছিল। কিন্তু এতিয়া চিবিআইয়ে বিষয়টো তদন্ত কৰিব। শুকুৰবাৰে ন্যায়াধীশ ৰাজৰ্শী ভৰদ্বাজে ৰাজ্যই গঠন কৰা বিশেষ অনুসন্ধান দল বা এছআইটিৰ তদন্ত নাকচ কৰে। কলিকতা উচ্চ ন্যায়ালয়ে এছআইটিক শনিবাৰে পুৱা ১০:৩০ বজাৰ ভিতৰত নথিপত্ৰসমূহ চিবিআইক হস্তান্তৰ কৰিবলৈ কৈছে। চিবিআইয়ে তদন্তৰ প্ৰাথমিক অনুসন্ধানৰ প্ৰতিবেদন তিনি সপ্তাহৰ পাছত আদালতত দাখিল কৰিব লাগিব।

প্ৰাক্তন উপ-অধীক্ষক আখটাৰ আলীয়ে বুধবাৰে উচ্চ ন্যায়ালয়ত আৰজি কৰ চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ বিৰুদ্ধে ইডি তদন্ত বিচাৰি গোচৰ ৰুজু কৰিছিল। চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাত সন্দীপৰ ভূমিকাক লৈ আৰম্ভণিৰে পৰা প্ৰশ্ন উত্থাপিত হৈ আহিছে। আখটাৰে আৰজি কৰৰ প্ৰাক্তন সঞ্চালকজনৰ বিৰুদ্ধে বিভিন্ন ক্ষেত্ৰত বিত্তীয় দুৰ্নীতিৰ লগতে মৃতদেহ আৰু জৈৱ-চিকিৎসা আৱৰ্জনাৰ চোৰাং ব্যৱসায়, ধন দাবীৰ অভিযোগ উত্থাপন কৰিছিল।

তেওঁৰ অভিযোগ আছিল যে সন্দীপ ঘোষে মৃতদেহ আৰু জৈৱ-চিকিৎসা আৱৰ্জনাৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত আছিল। তেওঁ চিকিৎসালয়ৰ সৈতে সম্পৰ্কিত কেইবাটাও গোচৰত দুৰ্নীতিত জড়িত আছিল। তেওঁ এই বিষয়ত আগতেও অভিযোগ উত্থাপন কৰিছিল। কিন্তু তেওঁৰ অভিযোগৰ ওপৰত কোনো ব্যৱস্থা লোৱা হোৱা নাছিল। ইয়াৰ পাছত তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। সেই আৱেদনৰ শুনানি গ্ৰহণ কৰি কলিকতা উচ্চ ন্যায়ালয়ে আজি চিবিআই তদন্তৰ নিৰ্দেশ দিয়ে।

উচ্চ ন্যায়ালয়ে কয় যে ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তদন্তৰ লগতে চিবিআইয়ে চিকিৎসালয়খনৰ বিত্তীয় দুৰ্নীতিৰ তদন্তও কৰিব। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে ইতিমধ্যে কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চিকিৎসকজনৰ ধৰ্ষণ আৰু হত্যাৰ তদন্ত কৰি আছে।

Latest News