শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Kolkata murder case: এটা নীলা ট্ৰলীলৈ গংগাৰ পাৰলৈ আহিল দুগৰাকী মহিলা; ট্ৰলীৰ ভিতৰত ইমান গধুৰ কি?

এটা ট্ৰলীবেগ, দুগৰাকী মহিলা আৰু অসাধাৰণ চাল-চলন । সন্দেহ হ'ল প্ৰত্যক্ষদৰ্শীৰ । আৰক্ষীক দিয়া হ'ল খবৰ । আৰক্ষীয়ে আহি সুধিলে কি আছে ভিতৰত, এগৰাকী মহিলাই ক'লে এটা কুকুৰ । কিন্তু ট্ৰলী খোলাৰ পাচত চকু কপালত উঠিল সকলোৰে । ট্ৰলীত সেয়া কি?

Kolkata murder case: এটা নীলা ট্ৰলীলৈ গংগাৰ পাৰলৈ আহিল দুগৰাকী মহিলা; ট্ৰলীৰ ভিতৰত ইমান গধুৰ কি?
মাতৃ-কন্যাৰ ভয়ংকৰ কাণ্ড
raj-saikia
Raj Saikia | Published: 27 Feb 2025 14:09 PM

গুৱাহাটী মহানগৰীত বন্দনা কলিতাই সংঘটিত কৰা ভয়ংকৰ হত্যাকাণ্ডৰ কথা আপোনাৰ নিশ্চয় মনত আছে । আজি ক’বলৈ ওলাইছোঁ তেনে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিষয়ে । যিটো ঘটনাই আপোনাক ভবাই তুলিব, কিমান নৃশংস হ’ব পাৰে মানুহ ।

ঘটনাটো কলকাতাৰ । মঙলবাৰে পুৱা ঠিক ৭ মান বজাত আহিৰীটোলা ঘাটৰ সমীপত এটা ট্ৰলীবেগ লৈ টেক্সীৰ পৰা নামে দুগৰাকী মহিলা । টেক্সী চালকৰ সৈতে দুই মহিলাই বাক-বিতণ্ডা কৰি থকাৰ সময়তে তেওঁলোকক প্ৰত্যক্ষ কৰে ঘাটত কৰ্মৰত এগৰাকী মহিলা কৰ্মীয়ে । পুৱা ঘাটৰ তলা খুলিবলৈ গৈ দুই মহিলাক প্ৰত্যক্ষ কৰে কৰ্মীগৰাকীয়ে । টেক্সীখন তেতিয়ালৈ গুচি গ’ল, কিন্তু ট্ৰলীবেগটো ইমানেই গধুৰ আছিল যে দুই মহিলাই দাঙিব পৰা নাছিল ।

দুই মহিলাৰ চাল-চলনত কিছু সন্দেহ ওপজে মহিলাকৰ্মীগৰাকীৰ । ঘাটত যোগাসন কৰিবলৈ অহা একাংশ লোকক বিষয়টো অৱগত কৰে তেওঁ । সেই লোকসকলৰ পৰামৰ্শ মতে খবৰ দিয়া হ’ল আৰক্ষীক । কিছু সময় পাছতে উপস্থিত হ’ল আৰক্ষী । বেগটোত কি আছে আৰক্ষীয়ে জানিব বিচৰাত এগৰাকী মহিলাই কয় যে বেগটোত এটা লেব্ৰাডৰ কুকুৰৰ মৃতদেহ আছে । কিন্তু স্থানীয় লোকসকলে বিষয়টো মানি ল’বলৈ টান পালে । সেই দুই মহিলা মাতৃ-কন্যা বুলি জনায় স্থানীয় লোকে ।

আৰক্ষীয়ে বাৰে বাৰে সোধাৰ পাছত কন্যাগৰাকীয়ে কয় যে তেওঁৰ পেহীয়েকে শহুৰৰ ঘৰত অত্যাচাৰ সহিব নোৱাৰি গাত জুই লগাই আত্মহনন কৰিছে । কিন্তু তেওঁলোকৰ কথাবোৰ কিবা অসংলগ্ন যেন লাগিল আৰক্ষীৰ । সন্দেহ বাঢ়ি অহাত খোলা হ’ল ট্ৰলীবেগটো । লগে লগেই গাৰ নোম শিঁয়ৰি উঠিল সেই স্থানতল থকা লোকসকলৰ । স্থানীয় লোকে দাবী কৰা মতে তেওঁলোকে ট্ৰলীৰ ভিতৰত প্ৰত্যক্ষ কৰে এগৰাকী মহিলাৰ মৃতদেহৰ চাৰিটা টুকুৰা । কাক হত্যা কৰি এইদৰে মৃতদেহ পেলাবলৈ আনিছিল দুই মহিলাই ?

নীলা ৰঙৰ ট্ৰলীবেগটোৰ ভিতৰভাগ তেজেৰে ৰাঙলী হৈ আছিল । লগে লগে দুই মহিলাক আটক কৰে আৰক্ষীয়ে । তেওঁলোকক সোধা-পোছা কৰাৰ পাছত পোহৰলৈ আহে এটাৰ পিছত আন এটা চাঞ্চল্যকৰ তথ্য । আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত জানিব পৰা মতে ধৃত দুই মহিলা হৈছে ফাল্গুনী ঘোষ আৰু তেওঁৰ মাতৃ আৰতি ঘোষ । তেওঁলোকৰ পৰা উদ্ধাৰ কৰা হয় ট্ৰেইনৰ টিকট । উত্তৰ ২৪ পৰগনাৰ কাজীপাৰাৰ পৰা কলকাতা পাৰ্ক ছাৰ্কাচলৈ ট্ৰেইনৰ টিকট কটা হৈছিল মঙলবাৰে । অৱশ্যে সেই ট্ৰলীটো লৈ তেওঁলোক আহিছিল টেক্সীত ।

ট্ৰলীৰ ভিতৰত কাৰ মৃতদেহ ?

আৰক্ষীয়ে জনোৱা মতে, যিগৰাকী মহিলাৰ মৃতদেহ চাৰি টুকুৰা কৰি ভৰাই অনা হৈছিল ট্ৰলীৰ ভিতৰত, তেওঁৰ নাম সুমিতা ঘোষ । সম্পৰ্কত ফাল্গুনীৰ স্বামীৰ পেহীয়েক তেওঁ । তেওঁকেই টুকুৰা-টুকুৰ কৰি ট্ৰলীত ভৰাই নিয়া বুলি অভিযোগ উঠিছে । কিন্তু কিয় এই নৃশংস ঘটনা সংঘটিত কৰা হ’ল, সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

প্ৰাথমিক তদন্ত অনুসৰি, উত্তৰ ২৪ পৰগনা জিলাৰ মধ্যগ্ৰামৰ এটা ভাড়াঘৰত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো । সেই ঘৰটোত বাস কৰিছিল ফাল্গুনী আৰু তেওঁৰ মাতৃ আৰতিয়ে । অপৰাধ শাখাৰ যুটীয়া আয়ুক্ত ৰূপেশ কুমাৰে জনোৱা মতে, সুমিতা ঘোষক হত্যা কৰা হৈছে । তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । সেইদিনা পুৱা ফাল্গুনী আৰু মাকে সুমিতাৰ মৃতদেহ ট্ৰলীবেগত ভৰাই আহিৰীটোলা ঘাটত গংগাত পেলাই দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ উঠিছে । কিন্তু তেওঁলোকৰ পৰিকল্পনা সফল নহ’ল ।

তিনিমাহপূৰ্বে বায়েকৰ ঘৰলৈ আহিছিল সুমিতা ঘোষ

তিনিমাহপূৰ্বে শিয়ালদহৰ ঠাকুৰপাৰাত থকা বায়েকৰ ঘৰলৈ আহিছিল সুমিতা ঘোষ । ১৫ পূৰ্বে তেওঁৰ তাৰ পৰা গুচি গৈছিল । তাৰ পাছত কোনো যোগাযোগ নাছিল সুমিতাৰ । এই কথা ব্যক্ত কৰিছে সুমিতাৰ ভিনিহিয়েক মানিক ঘোষে । সম্পত্তিৰ বাবে এই হত্যাকাণ্ড সংঘটিত হ’ব পাৰে বুলি তেওঁ সন্দেহ প্ৰকাশ কৰিছে । খুৰশালীয়েকৰ সৈতে সংঘটিত হোৱা এই ঘটনা সম্পৰ্কে তেওঁ আৰক্ষীৰ মুখৰ পৰাহে গম পোৱা বুলি কয় । মানিক ঘোষে কয়, “তেওঁ বছৰত এবাৰ আহেই আৰু দুই-এমাহ থাকে । যোৱা বছৰো তেওঁ ফেব্ৰুৱাৰীত আহিছিল । কেবাদিনো আছিল ।”

তেওঁ লগতে কয়, ফাল্গুনী ঘোষ আৰু আৰতি ঘোষ বহুবাৰ তেওঁলোকৰ ঘৰলৈ আহিছিল । কিন্তু কোনো পাৰিবাৰিক অশান্তিৰ অনুমান কৰিব পৰা নাছিল । এফালে সুমিতা সম্পৰ্কত ফাল্গুনীৰ পেহীশাহু । মঙলবাৰে পুৱা আহিৰীটোলা ঘাটত নীলা ৰঙৰ ট্ৰলীত উদ্ধাৰ হ’ল সেই সুমিতাৰেই মৃতদেহৰ টুকুৰা ।

সুমিতাৰ হত্যাৰ খবৰে পৰিয়ালকো আচৰিত কৰি তুলিছে । ভিনিহিয়েক মানিক ঘোষে জনোৱা মতে, প্ৰায় ১৫ দিন পূৰ্বে যেতিয়া সুমিতা যাবলৈ ওলাইছিল, তেতিয়া তেওঁ কৈছিল যে কোনো আত্মীয়ৰ ঘৰলৈ যাব । তাৰ পিছত কোনো কথা হোৱা নাছিল সুমিতাৰ সৈতে । মানিক ঘোষৰ ভাতৃয়ে জনায় যে সুমিতাই কোনো শত্ৰু থকা বুলি কোৱা নাছিল । ক’ত, কেনেকৈ কি ঘটিল একো বুজি পোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ আঁৰত কোনো বিত্তীয় বিষয় থাকিব পাৰে ।

ফাল্গুনীৰ সৈতে আছিল সুমিতাৰ দীৰ্ঘদিনীয়া বিবাদ

জানিব পৰা মতে, সুমিতা ঘোষৰ সৈতে ফাল্গুনীৰ বিবাদ আছিল দীৰ্ঘদিনীয়া । আৰক্ষীয়ে ফাল্গুনীৰ বাসগৃহৰ মজিয়াৰ পৰা এটা ইটা উদ্ধাৰ কৰিছে । সেই ইটাটো হত্যাৰ সময়ত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা হৈছে । হত্যা কৰাৰ পাছত সুমিতাৰ মৃতদেহ টুকুৰা-টুকুৰ কৰি ট্ৰলীত ভৰাই লৈ যোৱা হৈছিল গংগাত উটুৱাই দিবলৈ ।

আৰক্ষীয়ে জনোৱা মতে, টকা-পইচাৰ বাবেই সংঘটিত হয় এই জঘন্য হত্যাকাণ্ড । সুমিতাৰ বেংক একাউন্টত শকত পৰিমাণৰ ধনৰাশি আছিল । সেই ধনৰ বাবেই অভিযুক্তই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে । জেৰাৰ সময়ত দুয়োৱে যি স্বীকাৰোক্তি দিছে, তাতো কিছু বিসংগতি ধৰা পেলাইছে আৰক্ষীয়ে । কিয় হত্যা কৰা হ’ল সুমিতাক ? সেয়া এতিয়াও পোহৰলৈ আহিবলৈ বাকী ।