5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কলকাতা কাণ্ডঃ শেষৰবাৰ ডায়েৰীত কি লিখিছিল চিকিৎসকগৰাকীয়ে? অভিযুক্তক কি প্ৰশ্ন কৰিব CBI য়ে…

কলকাতা কাণ্ডৰ অভিযুক্ত সঞ্জয় ৰয়ৰ হ'ব চাইকলজিকেল টেষ্ট। এই ক্ষেত্ৰত চিবিআইয়ে প্ৰশ্নৰ এখন তালিকাও প্ৰস্তুত কৰিছে। মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষকো জেৰা চলাই আছে চিবিআইয়ে। এই কাণ্ডত আৰু বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে।

কলকাতা কাণ্ডঃ শেষৰবাৰ ডায়েৰীত কি লিখিছিল চিকিৎসকগৰাকীয়ে? অভিযুক্তক কি প্ৰশ্ন কৰিব CBI য়ে…
কলকাতা কাণ্ড
barasha-sarma
Barasha Sarma | Updated On: 18 Aug 2024 19:06 PM

কলকাতাৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ সমগ্ৰ দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে। নৃশংসতাৰ সীমা অতিক্ৰম কৰি এই কাণ্ড সংঘটিত কৰা সকলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে দেশবাসী। নিতৌ এই ঘটনাৰ লগত জড়িত ন ন আৰু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। এই সকলোবোৰৰ মাজতে চি বি আইয়ে আৰ জি কৰ মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষক জেৰা কৰি থকাৰ লগতে গোচৰটোৰ অভিযুক্ত সঞ্জয় ৰায়ৰ মানসিক পৰীক্ষাও আৰম্ভ কৰিছে। ইয়াৰ বাবে চি বি আইৰ চি এফ এছ এলৰ ৫জন চিকিৎসকৰ দলে কলিকতাত উপস্থিত হৈছে।

অভিযুক্ত সঞ্জয়ক তেওঁলোকে কি কি প্ৰশ্ন কৰিব তাৰ এখন সাম্ভাৱ্য তালিকাও প্ৰস্তুত কৰিছে । এই পৰীক্ষাটোক চাইকলজিকেল অটোচপি অৰ্থাৎ অভিযুক্তৰ মগজুৰ চাইকলজিকেল মৰণোত্তৰ পৰীক্ষা কৰা বুলি কোৱা হয়। অভিযুক্তৰ মনত কি চলি আছে সেই সকলো এই পৰীক্ষাৰ দ্বাৰা গম পোৱা যায়। এই পৰীক্ষাৰ বাবে চি বি আইক আদালতৰ অনুমতিৰ প্ৰয়োজন নাই। অৱশ্যে এই পৰীক্ষাৰ জৰিয়তে আৰু এই পৰীক্ষাৰ পিছত আদালতৰ অনুমতি সাপেক্ষে অভিযুক্তৰ ওপৰত ব্ৰেইন মেপিং, লাইভ ডিটেক্টৰ, নাৰ্কো টেষ্ট কৰিব পৰা যায়।

ভুক্তভোগীৰ পিতৃ- মাতৃয়ে অভিযুক্তৰ ফাঁচীৰ দাবী কৰিছে। সঞ্জয় ৰয়ৰ লগত আৰু বহু লোক এই ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। ভাইৰেল হোৱা ফোন ৰেকৰ্ডিং অনুসৰি এই কাণ্ডত প্ৰশিক্ষক চিকিৎসক, জ্যেষ্ঠ আদিও জড়িত আছে।  কিন্তু প্ৰশ্ন হয়, ন্যায় পাবনে ভুক্তভোগীয়ে।

 

ডায়েৰী

ইণ্ডিয়া টুডেৰ সাক্ষাৎকাৰত ভুক্তভোগীৰ পিতৃয়ে কৈছিল যে তেওঁৰ কন্যা অধ্যয়নশীল আছিল। সপোন বাস্তৱায়িক কৰিবলৈ প্ৰতিদিনে ১০ ৰ পৰা ১২ ঘন্টা পৰ্যন্ত অধ্যয়ন কৰিছিল। প্ৰতিদিনে ডায়েৰীও লিখিছিল তেওঁ। পিতৃৰ মতে তেওঁৰ কন্যাই ডায়েৰীত শেষৰ বাৰ লিখিছিল যে, তেওঁ পৰীক্ষাত শীৰ্ষস্থান দখল কৰি এম ডি পাঠ্যক্ৰমত স্বৰ্ণ পদক লাভ কৰিব বিচাৰে। কলকাতাৰ আৰ জি কৰ হাস্পতালত নিশাৰ কৰ্তব্য পালন কৰিবলৈ যোৱা পূৰ্বে চিকিৎসকগৰাকীয়ে এই ডায়েৰী লিখিছিল।

উল্লেখ্য যে, ৯ আগষ্টত আৰ জি কৰ হাস্পাতালৰ চেমিনাৰ হলত উদ্ধাৰ হৈছিল চিকিৎসকগৰাকীৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটোৰ বিভিন্ন স্থানত আঘাতৰ চিন থকাৰ লগতে সকলো ফালে তেজ পৰি আছিল।  মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিছিল যে চিকিৎসকগৰাকীৰ লগত ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। কেৱল ইমানেই নহয়, চিকিৎসকগৰাকীক ইমানেই অত্যাচাৰ কৰা হৈছে যে দেহৰ কেইবা অংশৰ হাড় ভাঙি গৈছিল।

এই বৰ্বৰ কাণ্ড পোহৰলৈ অহাৰ পাছতেই সমগ্ৰ দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতিদিনে চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰি ন্যায়ৰ দাবী জনাইছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সঞ্জয় ৰয় নামৰ এজন চিভিক ভলেন্টিয়াৰক। ইয়াৰোপৰি আৰু বিভিন্নজনৰ ওপৰত আৰক্ষীৰ সন্দেহ আছে। বৰ্তমান এই গোচৰটো চিবিআইৰ হাতত আছে।

Latest News