কলকাতা আৰ জি কৰ কাণ্ডঃ দোষী সঞ্জয় ৰয়ক আজীৱন কাৰাদণ্ড আদালতৰ…

Kolkata Rg kar hospital case: অৱশেষত শাস্তি ঘোষণা হ'ল কলকাতাৰ দেশ জোকাৰি যোৱা কাণ্ডত দোষী সাব্যস্ত সঞ্জয় ৰয়ৰ। উল্লেখ্য যে, যোৱা বছৰৰ আগষ্ট মাহত কলকাতাৰ আৰ জি কৰ হাস্পাতালত সংঘটিত হৈছিল জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা।

কলকাতা আৰ জি কৰ কাণ্ডঃ দোষী সঞ্জয় ৰয়ক আজীৱন কাৰাদণ্ড আদালতৰ...

কলকাতা কাণ্ড

Updated On: 

20 Jan 2025 15:04 PM

অৱশেষত শাস্তি  ঘোষণা হ’ল কলকতাৰ আৰ জি কৰ হাস্পাতালৰ দেশ জোকাৰি যোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ দোষী সাব্যস্ত সঞ্জয় ৰয়ৰ। শনিবাৰে ছিয়ালদহ আদালতে সঞ্জয় ৰয়ক দোষী সাব্যস্ত কৰিছিল আৰু তাৰ পাছতেই আজি তেওঁৰ শাস্তি ঘোষণা কৰে। আদালতে সঞ্জয় ৰয়ক আজীৱন কাৰাদণ্ড প্ৰদান কৰে। ন্যায়াধীশ অনিৰ্বান দাসে সঞ্জয়ক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে। মৃত্যুৰ আগলৈকে তেওঁ জেলত থাকিব লাগিব। ৬৪, ৬৬ আৰু ১০৩ নং ধাৰাত তেওঁলোকক দোষী সাব্যস্ত কৰিলেও এইবোৰ বিৰল গোচৰ নহয় বুলি উল্লেখ কৰে ন্যায়ালয়ে। উল্লেখ কৰা প্ৰয়োজন যে চিবিআইয়ে এই ঘটনা বিৰল বুলি উল্লেখ কৰাৰ লগতে সঞ্জয়ৰ ফাঁচীৰ দাবী কৰিছিল।

উল্লেখ্য যে, ২০২৪ চনৰ ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ হাস্পাতালত সংঘটিত হোৱা ভয়ংকৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল। এগৰাকী কনিষ্ঠ চিকিৎসকক হাস্পাতালৰ ভিতৰতে ধৰ্ষণ কৰি হত্যা কৰিছিল। এই ঘটনাৰ পাছত হাস্পাতালখনৰ বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছিল। আনকি হাস্পাতালত চলি থকা বিভিন্ন ছিণ্ডিকেটৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল হাস্পাতালখনৰ অধ্যক্ষ।

চাঞ্চল্যকৰ ধৰ্ষণ আৰু হত্যাকাণ্ড সন্দৰ্ভত আদালতত প্ৰায় ৫৭ দিন ধৰি শুনানি অনুষ্ঠিত হৈছিল। এই ঘটনা সন্দৰ্ভত পশ্চিম বংগৰ মমতা বেনাৰ্জী চৰকাৰ আৰু কলকাতা আৰক্ষীৰ বিৰুদ্ধেও বহু অভিযোগ উত্থাপন হৈছিল। তাৰ পাছতেই ১৩ আগষ্টত এই তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছিল চিবিআইয়ে। তথ্য অনুসৰি চিবিআইয়ে ১২০ জনতকৈ অধিক সাক্ষীৰ ভাষ্য আদালতত দাখিল কৰিছে। প্ৰায় ২ মাহ ধৰি এই গোচৰৰ কেমেৰা ট্ৰায়ল চলিছিল।

উল্লেখ্যে যে, যোৱা বছৰৰ অক্টোবৰ মাহত চিবিআইয়ে সঞ্জয় ৰয়ৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছিল। য’ত চিবিআইয়ে উল্লেখ কৰিছিল যে- কামৰ অন্তত মহিলা চিকিৎসকগৰাকীয়ে জিৰণি ল’বলৈ হাস্পাতালৰ চেমিনাৰ হলত শুবলৈ গৈছিল আৰু তেতিয়াই এই কাণ্ড সংঘটিত কৰিছিল সঞ্জয় ৰয়ে। ইয়াৰ লগতে চিচিটিভি ফুটেজত স্পষ্ট হৈ পৰিছে যে ৯ আগষ্টৰ পুৱা ৪.০৩ বজাত সঞ্জয় ৰয় চেমিনাৰ হলত প্ৰৱেশ কৰিছিল।

এই কাণ্ডই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিলি। দেশৰ বিভিন্ন প্ৰান্তত ইয়াক লৈ প্ৰতিবাদ সাব্যস্ত হৈছিল। একাংশই অভিযোগ কৰিছিল যে, ৯ আগষ্টৰ দিনা সংঘটিত হোৱা কাণ্ড কোনো এজন মানুহে সংঘটিত কৰিব নোৱাৰে। এই ঘটনাত অধিকলোক জড়িত আছে। কিন্তু চিবিআইৰ তদন্তৰ অন্তত কেৱল সঞ্জয় ৰয়হে এই গোচৰত দোষী সাব্যস্ত হয় আৰু তেওঁক আজি আদালতে শাস্তি প্ৰদান কৰে।

 

অন্য খবৰ পঢ়কঃ কলকাতা কাণ্ডঃ হাত ভঙা,চকু-মুখত তেজ! চিকিৎসকগৰাকীৰ মাতৃয়ে বৰ্ণনা কৰিলে সেই মৰ্মান্তিক দৃশ্য…

প্ৰায়ে হয় নেকি বেমাৰ-আজাৰ? শিৱলিংগত অৰ্পন কৰক এই বস্তু...
প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...
স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!