শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দেশ কঁপোৱা আৰজি কৰ কাণ্ডৰ ৰায়দান! আদালতত দোষী সাব্যস্ত মূল অভিযুক্ত সঞ্জয় ৰয়

আৰ জি কৰ কাণ্ডৰ অভিযুক্ত সঞ্জয় ৰয়ক দোষী সাব্যস্ত৷ শিয়ালদহ আদালতে প্ৰদান কৰে এই ৰায়৷ ২০২৪ চনৰ ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। যি ঘটনাৰ মূল অভিযুক্ত আছিল সঞ্জয় ৰয়৷

দেশ কঁপোৱা আৰজি কৰ কাণ্ডৰ ৰায়দান! আদালতত দোষী সাব্যস্ত মূল অভিযুক্ত সঞ্জয় ৰয়
আৰজি কৰ কাণ্ডৰ ৰায়দান
trishna-kalita
Trishna Kalita | Published: 18 Jan 2025 15:16 PM

কলকাতাৰ আৰজি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ঘটা ভয়ংকৰ কাণ্ডক লৈ শিয়ালদাহ আদালতৰ দোষী সাব্যস্ত দান। ঘটনা সন্দৰ্ভত আদালতে দোষী সাব্যস্ত কৰিছে অভিযুক্ত সঞ্জয় ৰয়ক। সোমবাৰে ঘোষণা কৰা হ’ব শাস্তি । ৮-৯ আগষ্ট ২০২৪ৰ নিশা আৰজি কৰত সংঘটিত হৈছিল নাৰকীয় কাণ্ড। যি ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ। য’ত ধৰ্ষণ কৰি হত্যা কৰা হৈছিল এগৰাকী মহিলা চিকিৎসকক। আজি ন্যায় পালে সেই ঘটনাৰ ভুক্তভোগীয়ে। আদালতে বৰ্তমান দোষী সাব্যস্ত কৰিছে অভিযুক্ত সঞ্জয় ৰয়ক ।

৫৭ দিন ধৰি চলিছিল গোচৰটোৰ শুনানি প্ৰক্ৰিয়া। ২০২৪ চনৰ আগষ্ট মাহত সংঘটিত ঘটনাটোৰ প্ৰায় ১৬২ দিন পিছত এই ৰায়দান কৰা হৈছে। ইয়াৰ আগতে গোচৰটোৰ তদন্ত  কৰিছিল কলকাতা আৰক্ষীয়ে। উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পিছত গোচৰটো চিবিআইক হস্তান্তৰ কৰা হয়। চিবিআইয়ে ১৩ আগষ্টত গোচৰটোৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত তদন্ত আৰম্ভ কৰিছিল।

এই সময়ত ১২০ জনতকৈও অধিক সাক্ষীৰ ভাষ্য লিপিবদ্ধ কৰিছিল চিবিআইয়ে । এই ক্ষেত্ৰত প্ৰায় দুমাহ ধৰি চলিছিল কেমেৰাৰ বিচাৰ। চিবিআইৰ অধিবক্তাই সঞ্জয় ৰয়ৰ বিৰুদ্ধে ঘটনাটোৰ বাবে দোষী প্ৰমাণ কৰিবলৈ এলভিএৰ উপৰিও, জৈৱিক সাক্ষ্যও দাখিল কৰিছিল। য’ত আছিস  ডিএনএ নমুনা, ভিচেৰা (শৰীৰৰ ভিতৰত অভ্যান্তৰীণ অংগ)  আদি। অৱশ্যে এতিয়ালৈ অভিযুক্ত সঞ্জয় ৰয়ে আদালতত নিজকে দোষী বুলি স্বীকাৰ কৰা নাই। তেওঁ চিঞৰি চিঞৰি আদালত দোষী নহয় বুলি কয়।

চিবিআইয়ে দাবী কৰা মতে যে ধৰ্ষণ আৰু মৃত্যুৰ সময়ত নিজকে বচাবলৈ দীৰ্ঘসময় ধৰি চেষ্টা কৰিছিল ভুক্তভোগী মহিলা চিকিৎসকগৰাকীয়ে । সেই সময়ত সঞ্জয় ৰয়ে চিকিৎসকগৰাকীৰ শৰীৰত পাঁচটাকৈ স্থানত আঘাত কৰে। যিবোৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। এইটো দাবী কৰা হৈছে যে ভুক্তভোগীৰ শৰীৰৰ স্বাবৰ নমুনা আৰু ডিএনএ নমুনা সঞ্জয় ৰয়ৰ সৈতে মিলা খাইছে। CBIৰ অধিবক্তাই ঘটনাটোক অমানৱীয়তাৰ সীমা অতিক্ৰম কৰা বুলি বৰ্ণনা কৰিছে।

অনুসন্ধানৰ সময়ত, এক বহু-প্ৰতিষ্ঠানিক চিকিৎসা পৰিষদে দাখিল কৰা প্ৰতিবেদনত এইটোও নিশ্চিত কৰা হৈছে যে ভুক্তভোগী মৃত্যু হাতেৰে ডিঙি চেপী ধৰাৰ ফলত হৈছিল। যেতিয়া প্ৰশিক্ষাৰ্থী চিকিৎসকগৰাকীয়ে নিজকে বচাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। আনকি তেওঁৰ চশমাও ভাঙি গৈছিল। বৰ্বৰতা ইমানেই সীমা অতিক্ৰম কৰিছিল যে চিকিৎসকগৰাকীৰ চকু, মুখ আৰু ব্যক্তিগত অংশৰ পৰা নিৰন্তৰ ৰক্তক্ষৰণ হৈ আছিল। ভুক্তভোগীৰ ডিঙি আৰু ওঠত আঘাতৰ চিহ্ন পোৱা গৈছিল।

এই ঘটনাৰ ক্ষেত্ৰত  স্বতঃপ্ৰণোদিতভাৱে গুৰুত্ব আৰোপ কৰাৰ লগতে দেশৰ চিকিৎসকসকলৰ সুৰক্ষাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছিল উচ্চতম ন্যায়ালয়ে। তাৰ পিছত সমগ্ৰ দেশৰ চিকিৎসকসকলৰ নিৰাপত্তাৰ ব্যৱধান হ্ৰাস কৰিবলৈ ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠন কৰা হৈছিল।

Latest News