কলকাতা কাণ্ডঃ অভিযুক্ত সঞ্জয় ৰয় সৈতে ASI ৰ কি সম্পৰ্ক? CBI ৰ জেৰা আৰক্ষী বিষয়াক

আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ ১১ দিন উকলিল। কিন্তু আৰক্ষীয়ে এতিয়াও স্পষ্ট কৰা নাই এয়া ধৰ্ষণ নে দলবদ্ধ ধৰ্ষণ। ইয়াৰ মাজতে অভিযুক্ত সঞ্জয় ৰয়ৰ লগত আৰক্ষী বিষয়াৰ ঘনিষ্ঠতাৰ কথা পোহৰলৈ আহিছে।

কলকাতা কাণ্ডঃ অভিযুক্ত সঞ্জয় ৰয় সৈতে ASI ৰ কি সম্পৰ্ক? CBI ৰ জেৰা আৰক্ষী বিষয়াক

সঞ্জয় ৰয়

Updated On: 

21 Aug 2024 15:15 PM

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্য়াকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছে। চিবিআইৰ তদন্তত কনিষ্ঠি চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাকাণ্ড সন্দৰ্ভত নিতৌ ন ন পোহৰলৈ আহিছে। এই ঘটনাৰ ১১ দিন উকলিল, কিন্তু আজিও আৰক্ষীয়ে স্পষ্ট কৰা নাই যে যুৱতীগৰাকীৰ ধৰ্ষণ নে দলবদ্ধ ধৰ্ষণ হৈছিল। ভুক্তভোগীৰ পৰিয়ালৰ লোকৰ লগতে চিকিৎসকসকলেও কৈ আহিছে যে এয়া মাত্ৰা এজনলোকৰ কাম হ’ব নোৱাৰে। এই গোচৰত আৰক্ষীৰ গাফলতিৰ কথাও পোহৰলৈ আহিছে।

এই গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা সঞ্জয় ৰয়ৰ আৰক্ষীয়ে অহৰহ জেৰা চলাই আহিছে। তদন্তৰ আওতালৈ আহিছে মেডিকেল কলেজখনৰ প্ৰাক্তন অধ্যক্ষ, আৰক্ষী বিষয়া আদি বহুতো। ২০ আগষ্টত সঞ্জয় ৰয়ৰ ঘনিষ্ঠ এ এছ আই (ASI) অৰূপ দত্তক চি বি আইয়ে চমন জাৰি কৰিছিল। যাৰ পাছত তেওঁৰ এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’ত দেখা গৈছে যে সংবাদ মাধ্যমৰ প্ৰশ্নৰ পৰা হাত সাৰিবলৈ অৰূপ দত্ত দৌৰি দৌৰি লুকাই  চিবিআই কাৰ্যলয়ত প্ৰৱেশ কৰিছে। এতিয়া অভিযুক্ত সঞ্জয় ৰয়ৰ লগত এ এছ আই গৰাকীৰ এখন ফটো পোহৰলৈ আহিছে।  এই ফটোৰ দ্বাৰা তেওঁলোকৰ ঘনিষ্ঠতাৰ উমান পাব পাৰি।

এ এছ আই অৰূপ দত্তক প্ৰায় ৮ ঘন্টা জেৰা চলাই চিবিআইয়ে। তেওঁৰ ভাষ্যৰ চিবিআইয়ে তদন্ত কৰি আছে আৰু পৰৱৰ্তী সময়ত অধিক সোধা- পোছাৰ বাবে তেওঁক মাতি পঠিয়াব পাৰে। চিবিআইয়ে এএছআই অৰূপ দত্তক সঞ্জয় ৰায়ৰ সৈতে সম্পৰ্ক সন্দৰ্ভত জেৰা কৰে। তেওঁক সোধা হৈছিল যে সঞ্জয় ৰায়ক চিকিৎসালয়লৈ যোৱাৰ অনুমতি দিছিল নেকি? কেতিয়া তেওঁলোকে অপৰাধৰ বিষয়ে জানিব পাৰিলে?  ইয়াৰ লগতে চিবিআইয়ে এই জঘন্য অপৰাধ সংঘটিত কৰি সঞ্জয় ৰায়ে শুই থকা আৰক্ষী বেৰেকৰ ফৰেনছিক তদন্তও চলাইছে।

পোহৰলৈ অহা ফটোখনত সঞ্জয় ৰয়ে ছেলফি লৈ থকা দেখিবলৈ পোৱা গৈছে।  বিপৰীত ফালে এ এছ আই অৰূপ দত্তক ক’লা টি-চাৰ্ট পিন্ধি বহি আছে। সঞ্জয় ৰয় ২০১৯ চনত দুৰ্যোগ ব্যৱস্থাপনা গোটত অসামৰিক স্বেচ্ছাসেৱক হিচাপে নিযুক্তি লাভ কৰিছিল যদিও তেওঁ কলকাতা আৰক্ষী কল্যাণ ব’ৰ্ডত কাম কৰিবলৈ আৰম্ভ কৰিছিল।

এই ঘটনাত মেডিকেল কলেজখনৰ প্ৰাক্তন অধ্যক্ষও জেৰাৰ সন্মুখীন হৈছে।  ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত হোৱাৰ ৪ দিন পাছত অধ্যক্ষগৰাকীয়ে পদত্যাগ কৰিছিল।  অভিযোগ উত্থাপন হৈছে যে প্ৰাক্তন অধ্যক্ষগৰাকীয়ে এই ঘটনাত আত্মহত্যাৰ ঘটনা ৰূপ দিয়াৰ চেষ্টা কৰিছিল। ঘটনাৰ বিষয়ে গম পোৱাৰ পাছত তেওঁ আৰক্ষীৰ খবৰ দিয়াৰ পৰিৱৰ্তে এখন বৈঠক অনুষ্ঠিত কৰিছিল।

উল্লেখ্য যে, ৯ আগষ্টত কলকাতাৰ আৰ জি মেডিকেল কলেজত চিকিৎসগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল। ইয়াৰ পাছতেই সমগ্ৰ দেশতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। এতিয়াও এই হত্যাকাণ্ড আৰু ধৰ্ষণৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত হৈ আছে। ইয়াৰ মাজতে মঙলবাৰে এই গোচৰৰ শুনানি অনুষ্ঠিত কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে এই ঘটনাৰ ওপৰত পশ্চিম বংগৰ আৰক্ষীক কঠোৰ প্ৰশ্ন কৰে। আৰক্ষীৰ ভূমিকাৰ ওপৰত এক প্ৰকাৰ ক্ষোভ ব্যক্ত কৰে তেওঁ। ইয়াৰ লগতে নেশ্যনেস টাস্ক ফোৰ্চ গঠন কৰাৰ নিৰ্দেশ জাৰি কৰে। এতিয়া এই নৃশংস, বৰ্বৰ, জঘন্য হত্যাকাণ্ডৰ ন্যায়ৰ বাবে ৰৈ আছে জনতা।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...