কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদস্থলীত মমতা বেনাৰ্জীঃ কৰ্মস্থলীলৈ উভতিবলৈ জনালে আহ্বান
কলকাতা কাণ্ডৰ দোষীৰ শাস্তিৰ দাবীত আন্দোলনৰত কনিষ্ঠ চিকিৎসকসকলৰ প্ৰতিবাদস্থলীত আজি উপস্থিত হয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে চিকিৎসকসকলক প্ৰতিবাদ সামৰি কৰ্মস্থলীলৈ উভতিবলৈ আহ্বান জনায়। তেওঁ লগতে চিকিৎসকসকলক প্ৰতিবাদস্থলীতে দোষীৰ শাস্তিৰ প্ৰতিশ্ৰুতি দিয়ে।
যোৱা ৯ আগষ্টত কলকাতাৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ত ধৰ্ষণ তথা হত্যাৰ বলি হৈছিল এগৰাকী কনিষ্ঠ চিকিৎসক। এই ঘটনাই তোলপাৰ লগাইছিল সমগ্ৰ দেশত। এনে জঘন্য কাণ্ডৰ অভিযুক্তৰ শাস্তিৰ দাবীৰে দেশজুৰি সৃষ্টি হৈছিল প্ৰতিবাদৰ। ঘটনাক কেন্দ্ৰ কৰি দেশৰ আন প্ৰান্তত প্ৰতিবাদ শাম কাটিলেও কলকাতাত কনিষ্ঠ চিকিৎসকসকলৰ প্ৰতিবাদ অব্যাহত আছে। প্ৰতিবাদ সামৰি তেওঁলোকক কৰ্মস্থলীলৈ উভতিবলৈ পশ্চিম বংগ চৰকাৰে আহ্বান জনাই আহিছে যদিও দোষীৰ শাস্তিৰ দাবীত চৰকাৰৰ এই আহ্বান অগ্ৰাহ্য কৰি আহিছে কনিষ্ঠ চিকিৎসকসকলে।
তাৰ মাজতে কনিষ্ঠ চিকিৎসকসকলৰ প্ৰতিবাদস্থলীত উপস্থিত হয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মমতা বেনাৰ্জীয়ে আন্দোলনস্থলীত উপস্থিত হোৱাৰ লগে লগে এই জঘন্য কাণ্ডৰ বলি হোৱা কনিষ্ঠ চিকিৎসকগৰাকীৰ ন্যায়ৰ দাবীত তেওঁৰ সমুখতে প্ৰতিবাদ সাব্যস্ত কৰে কনিষ্ঠ চিকিৎসকসকলে। এনে পৰিস্থিতিত আন্দোলনকাৰীসকলক শান্ত হ’বলৈ অনুৰোধ জনায় মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে।
প্ৰতিবাদৰত কনিষ্ঠ চিকিৎসকসকলক তেওঁলোকৰ দাবী প্ৰকাশ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। চিকিৎসকসকলৰ আন্দোলনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি তেওঁ লগতে নিজেও ছাত্ৰ আন্দোলনৰ অংশ আছিল বুলি উল্লেখ কৰে। তেওঁ কয়, “মই নিজে ছাত্ৰ আন্দোলনৰ জৰিয়তে আগবাঢ়ি আহিছো। মইও মোৰ জীৱনত বহুত সংগ্ৰাম কৰিছো, সেয়ে আপোনালোকৰ সংগ্ৰাম মই বুজি পাওঁ।”
তেওঁ লগতে যোৱা নিশা বৰষুণৰ সময়তো চিকিৎসকলে প্ৰতিবাদথলীত বহি প্ৰতিবাদ অব্যাহত ৰখাক লৈ দুখ প্ৰকাশ কৰে। এই সমগ্ৰ ঘটনাই চিকিৎসকসকলক দুখ দিয়াৰ দৰেই তেওঁকো মানসিকভাৱে যথেষ্ট কষ্ট দিছে বুলি মন্তব্য কৰে মমতা বেনাৰ্জীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কনিষ্ঠ চিকিৎসকসকলক তেওঁলোকৰ দাবীসমূহ বিবেচনা কৰাৰ আশ্বাস দি কামলৈ উভতিবলৈ আহ্বান জনায়।
এইক্ষেত্ৰত চিকিৎসকসকলৰ পৰা কিছু সময় বিচাৰি মমতা বেনাৰ্জীয়ে লগতে চিকিৎসকসকলৰ লগত কোনো ধৰণৰ অন্যায় নহয় বুলিও প্ৰতিশ্ৰুতি দিয়ে। চিকিৎসকসকলৰ প্ৰতিবাদৰ সময়ত বহু কেইগৰাকী লোকৰ মৃত্যু হোৱা বুলি দুখ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মস্থলীলৈ উভতিবলৈ আহ্বান জনায়।
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে লগতে প্ৰতিবাদস্থলীতে দোষীৰ শাস্তিৰ প্ৰতিশ্ৰুতি দিয়ে। ইফালে ৰাজ্য চৰকাৰে প্ৰতিবাদকাৰী চিকিৎসকসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে বুলিও আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। চিকিৎসকসকলক কামলৈ উভতিবলৈ বাৰে বাৰে অনুৰোধ জনাই মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে লগতে চিকিৎসালয়ৰ উন্নয়ন, আন্তঃগাঁথনি, নিৰাপত্তা সম্পৰ্কীয় সকলো কাম আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰে।