যদি দোষ কৰিছে, শাস্তি পাব লাগেঃ মন্তব্য কলকাতা কাণ্ডৰ অভিযুক্ত সঞ্জয়ৰ ভগ্নীৰ
কলকাতাৰ নৃশংস ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্ত সঞ্জয় ৰয়ক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে সকলোৱে। তাৰ মাজতে শেহতীয়াকৈ পোহৰলৈ আহিছে সঞ্জয়ৰ ভগ্নীৰ মন্তব্য। যদি সঞ্জয়ে তেনে কাৰ্য সংঘটিত কৰিছে তেন্তে তেওঁক শাস্তি দিয়া উচিত বুলি সঞ্জয়ৰ ভগ্নীয়ে মন্তব্য কৰে।
কলকাতাৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত নৃশংস ধৰ্ষণ তথা হত্যাকাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। এই গোচৰত কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জয় ৰয়ক। ইতিমধ্যে সঞ্জয় ৰয়েও কলকাতা আৰক্ষী আৰু চিবিআইৰ সন্মুখত ধৰ্ষণ আৰু হত্যাৰ উত্থাপিত অভিযোগ স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে। শুকুৰবাৰে সঞ্জয় ৰয়ক ছিয়ালদাহ আদালতত হাজিৰ কৰা হয় আৰু আদালতে তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আদালতৰ এই নিৰ্দেশৰ পিছত অভিযুক্ত সঞ্জয় ৰয়ক কলকাতাৰ প্ৰেচিডেন্সি জেললৈ প্ৰেৰণ কৰা হৈছে।
অভিযুক্ত সঞ্জয় ৰয়ৰ পলিগ্ৰাফ টেষ্টৰ অনুমতিও প্ৰদান কৰিছে ছিয়ালদাহ আদালতে। প্ৰকাশিত খবৰ অনুসৰি সঞ্জয় ৰয়ৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক সন্দীপ ঘোষ, দুজন প্ৰশিক্ষাৰ্থী চিকিৎসকসহ এজন ইন্টাৰ্ণ আৰু এজন কৰ্মচাৰীয়ে পলিগ্ৰাফ পৰীক্ষাৰ বাবে সন্মতি প্ৰদান কৰিছে। বৰ্তমান সঞ্জয় ৰয়ক ৬ ছেপ্টেম্বৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
ইফালে অভিযুক্ত সঞ্জয় ৰয়ক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে সকলোৱে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও অভিযুক্তৰ মৃত্যুদণ্ডৰ দাবী জনাইছে। তাৰ মাজতে প্ৰকাশ পাইছে অভিযুক্ত সঞ্জয় ৰয়ৰ ভগ্নীৰ বক্তব্য। তেওঁৰ মন্তব্য, ভাতৃ সঞ্জয়ে কি কৰিছে তেওঁ নাজানে। যদি তেওঁৰ ভাতৃয়ে সঁচায়ে যুৱতীগৰাকীৰ লগত অন্যায় কৰিছে, তেন্তে তেওঁক শাস্তি দিয়া উচিত বুলি সঞ্জয়ৰ ভগ্নীয়ে মন্তব্য কৰে।
তেওঁ লগতে উল্লেখ কৰা মতে, যোৱা ১৭ বছৰ ধৰি ভাতৃ সঞ্জয় ৰয়ৰ লগত তেওঁ কথা পতা নাই। এই দীঘলীয়া সময়ছোৱাত তেওঁলোকৰ মাজত কেতিয়াও কোনো সাক্ষাতো হোৱা নাই বুলি সঞ্জয়ৰ ভগ্নীয়ে লগতে জানিবলৈ দিয়ে। সেয়েহে সঞ্জয়ৰ বিষয়ে একো ক’ব নোৱাৰিব বুলি তেওঁ লগতে কয়। অৱশ্যে শৈশৱত আন সকলো ল’ৰা-ছোৱালীৰ দৰেই সঞ্জয়ো স্বাভাৱিক আছিল বুলি যুৱতীগৰাকীয়ে জানিবলৈ দিয়ে।
ভাতৃৰ ক্ষেত্ৰত সেই সময়ত কেতিয়াও অদ্ভুত কোনো লক্ষণ দেখা নাছিল বুলি সঞ্জয়ৰ ভগ্নীয়ে লগতে উল্লেখ কৰে। আনহাতে দেশ কঁপোৱা কলকাতাৰ ধৰ্ষণ আৰু হত্যাকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ লগতে কয় যে ভাতৃ সঞ্জয়ে তেনে কোনো কাম কৰিছে নে নাই সেই বিষয়ে তেওঁ নাজানে। যদি তেওঁ সঁচাকৈয়ে তেনে কোনো কাৰ্য কৰিছে, তেন্তে তেওঁক দিয়া যিকোনো শাস্তি মানি ল’ব বুলি তেওঁ মন্তব্য কৰে।