খাবলৈ পোৱা নাই খাদ্য-পানী, ৪০ ঘন্টা ধৰি ৭০০ ফুট দ’ গাঁতত আৱদ্ধ ৩ বছৰীয়া কনমানি
এক মৰ্মান্তিক ঘটনা! যোৱা ২ টা দিন ধৰি ৭০০ ফুট গভীৰ গাঁত এটাত আৱদ্ধ হৈ আছে ৩ বছৰীয়া এটি কনমানি। প্ৰশাসন তথা উদ্ধাৰকাৰী দলে দিনে নিশাই কষ্ট কৰিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই শিশুটিক। ২ টা দিন একো খাবলৈ পোৱা নাই শিশুটিয়ে। আনকি বৰ্তমান সময়ত কোনো গতিবিধিও লক্ষ্য কৰা হোৱা নাই।
প্ৰায় ৪০ ঘন্টা পাৰ হৈ গ’ল, কিন্তু এতিয়াও ৭০০ ফুট গভীৰ গাঁতত আৱদ্ধ হৈ আছে চাৰে তিনি বছৰীয়া এটি কনমানি। প্ৰশাসন তথা এন ডি আৰ এফ বাহিনীয়ে দিনে নিশাই শিশুটিক গাঁতৰ পৰা বাহিৰলৈ উলিওৱাৰ চেষ্টা কৰিছে যদিও সফল হোৱা নাই। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ জয়পুৰস্থিত কোতপুতলীত। জানিব পৰা মতে সোমবাৰে খেলি থকাৰ সময়তে শিশুটি ৭০০ ফুট গভীৰ গাঁত এটাত পৰি যায়। কিন্তু বৰ্তমান পৰ্যন্ত উদ্ধাৰ হোৱা নাই শিশুটি।
৩ বছৰীয়া শিশু চেতনা ৭০০ ফুট গভীৰ গাঁতটোৰ ১৫০ ফুটত আৱদ্ধ হৈ আছে। সকলো প্ৰচেষ্টা বিফল হোৱাৰ পাছত প্ৰশাসনে হাৰিয়ানাৰ পৰা পাইলিং মেছিন অনাৰ ব্যৱস্থা কৰিছে। শিশুটি গাঁতৰ ভিতৰত যোৱা ২ দিন ধৰি ভোক পিয়াহত আছে, প্ৰথম অৱস্থাত শিশুটিৰ গতিবিধ লক্ষ্য কৰা হৈছিল যদিও বৰ্তমান সময়ত শিশুটিৰ কোনো গতিবিধি দেখা পোৱা হোৱা নাই। দুদিন ধৰি শিশুটিক এল-বেণ্ড (লোহাৰ প্লেটেৰে তৈয়াৰী ঘৰতে বনোৱা)ৰ সহায়ত ওপৰলৈ টানি অনাৰ চেষ্টা কৰি থকা হৈছে যদিও সফল হোৱা নাই।
উল্লেখ্য যে, কিৰতপুৰ অঞ্চলৰ বৰিয়ালী কী ধানীৰ বাসিন্দা চেনতা সোমবাৰে ( ২৩ ডিচেম্বৰ) দুপৰীয়া প্ৰায় ১.৫০ মান বজাত ঘৰৰ ওচৰত নিৰ্মাণ হৈ থকা ব’ৰৱেলত পৰি যায় । একো নোখোৱাকৈ যোৱা দুটা দিন ধৰি চেতনাই ৭০০ ফুট দ’ গাঁতটোৰ ১৫০ ফুটত আৱদ্ধ হৈ আছে। বহু প্ৰচেষ্টাৰ অন্তত শিশুটিত মাত্ৰ ১২০ ফুট ওপৰলৈ অনাতহে সক্ষম হৈছে।
সোমবাৰে নিশা প্ৰায় ১ বজাত ৰিং ৰড আৰু আমৰেলা পদ্ধতি ব্যৱহাৰ কৰি শিশুটিক উদ্ধাৰ কৰাৰ চেষ্টা কৰা হৈছিল। কিন্তু সেই প্ৰচেষ্টাত বিফল হয় উদ্ধাৰকাৰী দল। সোমবাৰে নিশা প্ৰায় ৩ মান বজাত কৰা আন এক চেষ্টাত পুনৰ বিফল হয় প্ৰশাসন। মঙলবাৰে পুৱা প্ৰশাসনে শিশুটিক হুক ব্যৱহাৰ কৰি ওপৰলৈ উলিয়াই অনাৰ বাবে পৰিয়ালৰ পৰা অনুমতি লয়। কিন্তু ইয়াৰ পাছতো তেওঁলোক সফল নহয়। আনকি চতুৰ্থ প্ৰচেষ্টা এল বেণ্ডৰে টানি অনাতো বিফল হয়। এটাৰ পাছত আনটো প্ৰচেষ্টাত বিফল হোৱাৰ পাছতেই শিশুটিৰ পিতৃ-মাতৃৰ চিন্তা অধিক বৃদ্ধি পাইছে।
উদ্ধাৰ অভিযানত স্থানীয় ৰাইজেও প্ৰশাসনৰ সহায় কৰিছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইযাৰোপৰি মুকলিকৈ ব’ৰৱেল ৰখাৰ বিৰুদ্ধে সকীয়নি জাৰি কৰিছে প্ৰশাসনে । ভাৰতপুৰৰ আই জি ৰাহুল প্ৰকাশে কয় যে যদি কোনো ব’ৰৱেল খোলা থাকে তেন্তে ইয়াৰ মালিকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। উল্লেখ যে , এতিয়াও শিশুটিৰ উদ্ধাৰ অভিযান অব্যাহত আছে। শোকত ভাগি পৰিছে চেতনাৰ পিতৃ মাতৃ। সকলোৰে কেৱল এটাই প্ৰাৰ্থনা, সোনকালে উদ্ধাৰ হওক কনমানি চেতনা।