জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ ভয়ংকৰ সংঘৰ্ষ! ৫ সন্ত্ৰাসবাদী নিহত, আহত ২গৰাকী নিৰাপত্তাৰক্ষী

জম্মু আৰু কাশ্মীৰৰ বহুতো অঞ্চলত অব্যাহত আছে সুৰক্ষা বাহিনীৰ অভিযান। ইয়াৰ মাজতে কুলগামত সেনা-সন্ত্ৰাসবাদীৰ মাজত চলিছে ভয়ংকৰ সংঘৰ্ষ। সংঘৰ্ষত সেনাৰ গুলীত নিহত হৈছে ৫টাকৈ সন্ত্ৰাসবাদী।এনকাউণ্টাৰৰ এদিন পূৰ্বে ভাৰতীয় সেনাৰ সৈন্যই কুপৱাৰাত উদ্ধাৰ কৰিছিল অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী।

জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ ভয়ংকৰ সংঘৰ্ষ! ৫ সন্ত্ৰাসবাদী নিহত, আহত ২গৰাকী নিৰাপত্তাৰক্ষী

জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ ভয়ংকৰ সংঘৰ্ষ!

Published: 

19 Dec 2024 09:45 AM

জম্মু আৰু কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ । এই সংঘৰ্ষত এতিয়ালৈকে নিহত হৈছে ৫ সন্ত্ৰাসবাদী । সংঘৰ্ষত আহত হৈছে দুজনকৈ সৈনিক।  কুলগাম জিলাৰ কাদ্দৰ অঞ্চলত সংঘটিত হৈছে  এই এনকাউণ্টাৰৰ ঘটনা।

দক্ষিণ কাশ্মীৰৰ কুলগাম আৰু শ্বপিয়ান জিলাৰ সীমান্তৱৰ্তী বিহিবাগ-কাদ্দাৰত এটা বেষ্টনী আৰু তালাচী অভিযান চলাই আছিল নিৰাপত্তাৰক্ষীয়ে। সেই সময়তে ৪ৰ পৰা ৫ জনীয়া সন্ত্ৰাসবাদীৰ দলৰ উপস্থিতিৰ খবৰ লাভ কৰে নিৰাপত্তাৰক্ষীয়ে । তাৰ পাছতে পিছত দুয়োফালৰ পৰা গুলীবৰ্ষণ আৰম্ভ হয়। এতিয়াও অঞ্চলটোত চলি আছে তালাচী অভিযান।

 

 জম্মু-কাশ্মীৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিব অমিত শ্বাহে

ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ সম্ভাৱনা আছে। সূত্ৰই জনোৱা মতে, যে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহা, সেনা, অৰ্ধসামৰিক বাহিনী, জম্মু-কাশ্মীৰ প্ৰশাসন, চোৰাংচোৱা সংস্থা আৰু গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলে বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। এই বৈঠকত গৃহমন্ত্ৰীক বিদ্যমান পৰিস্থিতি আৰু সীমান্ত অঞ্চলৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হ’ব।

চলিত বৰ্ষত জম্মু আৰু কাশ্মীৰত কেইবাটাও সন্ত্ৰাসবাদী ঘটনা সংঘটিত হৈছে। ২০ অক্টোবৰত, মধ্য কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৭ জন লোক নিহত হৈছিল। এই ঘটনাৰ পূৰ্বে কাশ্মীৰত কাম কৰা বাহিৰৰ লোকসকলৰ ওপৰতো আক্ৰমণ কৰা হৈছিল।

২০১৯ চনত জম্মু আৰু কাশ্মীৰত ১৪২জন সন্ত্ৰাসবাদী নিহত হৈছিল। এই বছৰত এই সংখ্যা  এতিয়ালৈকে প্ৰায় ৪৫ জন হৈছে। ২০১৯ চনত ৫০জন সাধাৰণ লোক নিহত হৈছিল। আনহাতে এই বছৰৰ নৱেম্বৰৰ প্ৰথম সপ্তাহলৈ এই সংখ্যা ১৪ লৈ হ্ৰাস পাইছে।

শীতকালত ছালত ঘিউ লগালে কি হয়? জানক উপকাৰিতা...
ঘৰত কিয় বগা ঘোঁৰাৰ ফটো লগাব লাগে জানেনে?
শীতকালত আপোনাৰো আঙুলি ফুলে নেকি? ইয়াৰ কাৰণ আৰু ঘৰুৱা প্ৰতিকাৰ সম্পৰ্কে জানক...
ধোনীতকৈ কিমান কম ৰবিচন্দ্ৰন অশ্বিনৰ সম্পত্তি?