5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বুজাবুজিৰ অভাৱৰ বাবে ধৰ্মৰ নামত নিৰ্যাতন হ’বলৈ ধৰিছে : মোহন ভাগৱত

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী গৰাকীয়ে মন্তব্য় প্ৰকাশ কৰিছে যে, ধৰ্মৰ নামত সংঘটিত হোৱা সকলো নিৰ্যাতন আৰু অত্যাচাৰৰ দৰে ঘটনা সংঘটিত হোৱাৰ মূল কাৰণ হৈছে 'ধৰ্ম'ৰ বিষয়ে মানুহৰ মাজত থকা ভুল বুজাবুজি তথা বুজাবুজিৰ অভাৱ ।

বুজাবুজিৰ অভাৱৰ বাবে ধৰ্মৰ নামত নিৰ্যাতন হ’বলৈ ধৰিছে : মোহন ভাগৱত
আৰ এছ এছ মুৰব্বী মোহন ভাগৱতImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 23 Dec 2024 13:54 PM

ধৰ্মৰ নামত সামাজিক অস্থিৰতা সৃষ্টি হোৱাৰ কাৰণ কি ? কিয় ধৰ্মৰ নামত নিৰ্যাতন আৰু অত্য়াচাৰ দৰে ঘটনা সংঘটিত হ’বলৈ আৰম্ভ কৰিছে ? ধৰ্মৰ সন্দৰ্ভত মানুহৰ মাজত সঠিক ধাৰণা নথকাৰ বাবেই আজি এইধৰণৰ ঘটনা সংঘটিত হ’বলৈ ধৰিছে নেকি ? সমাজত এই ধৰণৰ প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে ধৰ্মক লৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে ।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী গৰাকীয়ে মন্তব্য় প্ৰকাশ কৰিছে যে, ধৰ্মৰ নামত সংঘটিত হোৱা সকলো নিৰ্যাতন আৰু অত্যাচাৰৰ দৰে ঘটনা সংঘটিত হোৱাৰ মূল কাৰণ হৈছে ‘ধৰ্ম’ৰ বিষয়ে মানুহৰ মাজত থকা ভুল বুজাবুজি তথা বুজাবুজিৰ অভাৱ । মহাৰাষ্ট্ৰৰ আমৰাৱতীত ‘মহানুভৱ আশ্ৰম’ৰ শতবাৰ্ষিকী অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে, ধৰ্ম সমাজৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু সঠিকভাৱে ধৰ্মৰ জ্ঞান দিয়াটো প্ৰয়োজন ।

তেওঁ স্পষ্টভাৱে কয়,’ ধৰ্মৰ অসম্পূৰ্ণ জ্ঞানে মানুহক অধৰ্ম কৰিব পাৰে । ধৰ্মৰ নামত সমগ্ৰ বিশ্বতে যিবোৰ অত্যাচাৰ আৰু নিৰ্যাতন সংঘটিত হৈছে, এই ঘটনাবোৰ প্ৰকৃততে ধৰ্মকলৈ ভুল বুজাবুজি আৰু বুজাবুজিৰ অভাৱৰ বাবেই সংঘটিত হৈছে।’ ধৰ্ম সদায় আছিল আৰু ইয়াৰ মতে সকলো কাম কৰে আৰু সেইবাবেই ইয়াক “সনাতন” বুলি কোৱা হয় বুলি দাবী কৰে আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে । লগতে তেওঁ কয় যে,’ধৰ্মৰ আচৰণ হৈছে ধৰ্মৰ সুৰক্ষা’।

লগতে তেওঁ কয় যে,’ অৱজ্ঞা আৰু শত্ৰুতাৰ বাবে প্ৰতিদিনে নতুন নতুন বিষয় উত্থাপন কৰাটো উচিত নহয়। ইয়াৰ সমাধান কি? আমি বিশ্বক দেখুৱাব লাগে যে আমি মিলাপ্ৰীতিৰে জীয়াই থাকিব পাৰো ।’

Latest News