শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সাপ আৰু কুকুৰ শূন্য ভাৰতৰ এই স্থান! পৰ্যটকেও লগত নিব নোৱাৰে কুকুৰ…

পৰ্যটকক সততে আকৰ্ষণ কৰা বহু সৌন্দৰ্যশালী স্থান ভাৰতত আছে। ইয়াৰে অধিকাংশ স্থানৰে  কিছুমান নিজা বৈশিষ্ট্য আছে। এনে পৰ্যটন স্থলীসমূহলৈ যোৱাৰ পূৰ্বে পৰ্যটকসকলে এনে বৈশিষ্ট্যসমূহৰ বিষয়ে জনাটো অত্যন্ত প্ৰয়োজনীয়। দেশৰ এনে এক আকৰ্ষণীয় আৰু সৌন্দৰ্যশালী পৰ্যটনস্থলীত আপুনি দেখিবলৈ নাপাব কুকুৰ আৰু সাপ।

সাপ আৰু কুকুৰ শূন্য ভাৰতৰ এই স্থান! পৰ্যটকেও লগত নিব নোৱাৰে কুকুৰ…
কুকুৰ মুক্ত ভাৰতৰ এই স্থানত
monjit-dutta
Monjit Dutta | Published: 27 Jan 2025 09:17 AM

পৰ্যটকক সততে আকৰ্ষণ কৰা বহু সৌন্দৰ্যশালী স্থান ভাৰতত আছে। ইয়াৰে অধিকাংশ স্থানৰে  কিছুমান নিজা বৈশিষ্ট্য আছে। এনে পৰ্যটন স্থলীসমূহলৈ যোৱাৰ পূৰ্বে পৰ্যটকসকলে এনে বৈশিষ্ট্যসমূহৰ বিষয়ে জনাটো অত্যন্ত প্ৰয়োজনীয়। অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে বিশেষ বৈশিষ্ট্যৰে ভৰপূৰ দেশৰ এনে এক পৰ্যটনস্থলী হৈছে লক্ষদ্বীপ। সৌন্দৰ্যশালী লক্ষদ্বীপত ব্যাপক হাৰত পৰ্যটকৰ সমাগম হয়। লক্ষদীপ ভ্ৰমণে স্বাভাৱিকতেই প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত এক স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰিব। পিছে লক্ষদ্বীপ ভ্ৰমণৰ পূৰ্বে পৰ্যটকসকলে কিছুমান কথা জানিলে উপকৃত হ’ব।

লক্ষদ্বীপৰ কোনো স্থানতে আপুনি দেখিবলৈ নাপায় কুকুৰ। পোহনীয়াই হওক বা অঘৰীয়েই হওক, সম্পূৰ্ণ কুকুৰ শূন্য পৰ্যটনৰ এই আকৰ্ষণীয় স্থলী। কুকুৰৰ প্ৰতি মানুহৰ প্ৰেম তথা বিশ্বাসক বৰ্ণনা কৰা নিষ্প্ৰয়োজন। কিন্তু লক্ষদ্বীপত আপুনি এটাও কুকুৰ দেখা নাপাব। স্থানীয় বাসিন্দাসকলৰ কুকুৰৰ প্ৰতি প্ৰেম থাকিলেও নিজ ঘৰত কুকুৰ পুহিব নোৱাৰে। লগতে পৰ্যটকসকলেও লক্ষদ্বীপলৈ কুকুৰ নিব নোৱাৰে।

পৰ্যটকলৈ লক্ষদ্বীপলৈ যাত্ৰাৰ সময়ত কোনো কাৰণতে কুকুৰ লগত নিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে। লক্ষণীয়ভাৱে WHOৰ তথ্য অনুসৰি লক্ষদ্বীপ ৰেবিজ মুক্ত ৰাজ্যও। কেৱল কুকুৰেই নহয়, লক্ষদ্বীপত আপুনি এটা সাপো দেখা নাপাব। অৰ্থাৎ লক্ষদ্বীপ সাপমুক্ত অঞ্চলো। তথ্য অনুসৰি লক্ষদ্বীপেই দেশৰ একমাত্ৰ অঞ্চল, য’ত সাপ পোৱা নাযায়।

অৱশ্যে লক্ষদ্বীপত মেকুৰী আৰু নিগনি প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াত আপুনি সকলো ৰাস্তাতে আৰু ৰিজ’ৰ্টৰ আশে-পাশে মেকুৰী আৰু নিগনি দেখা পাব। ইয়াৰ বাহিৰেও লক্ষদ্বীপত বৃহৎ সংখ্যক মাছ পোৱা যায়। ইয়াত বিভিন্ন প্ৰজাতিৰ মাছ দেখা পাব। তথ্য অনুসৰি লক্ষদ্বীপত ৬০০ৰো অধিক প্ৰজাতিৰ মাছ পোৱা যায়। বাটাৰফ্লাই ফিছ লক্ষদ্বীপৰ ৰাজ্যিক প্ৰাণী। ইয়াত কমেও আধা ডজন প্ৰজাতিৰ বাটাৰফ্লাই ফিছ পোৱা যায়।

৩৬টা সৰু দ্বীপেৰে গঠিত লক্ষদ্বীপৰ মুঠ জনসংখ্যা প্ৰায় ৬৪০০০। আৰু ইয়াৰ জনসংখ্যাৰ ৯৬ শতাংশই মুছলমান ধৰ্মাৱলম্বী। প্ৰতি বছৰে হাজাৰ হাজাৰ পৰ্যটক ইয়ালৈ আহে, লক্ষদ্বীপৰ উপাৰ্জনৰ মূল উৎসও পৰ্যটন আৰু মাছ। লক্ষণীয়ভাৱে লক্ষদ্বীপৰ মাত্ৰ দহটা দ্বীপতহে মানুহে বাস কৰে। এই দ্বীপসমূহ হৈছে কৱাৰাট্টী, অগাট্টি, আমিনি, কদমত, কিলাতন, চেতলাত, বিত্ৰা, আন্দোহ, কল্পনি আৰু মিনিকয়। কেইটামান দ্বীপত অৱশ্যে ১০০ জনতকৈও কম লোক বাস কৰে।