শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তীব্ৰবেগী বিলাসী বাহনে মহতিয়াই নিলে শ্ৰমিকক, চালকে সুধিলে- কোনোবা মৰিল নেকি?

এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বিলাসী বাহনে মহতিয়াই নিয়ে কেইবাজনো শ্ৰমিকক। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

তীব্ৰবেগী বিলাসী বাহনে মহতিয়াই নিলে শ্ৰমিকক, চালকে সুধিলে- কোনোবা মৰিল নেকি?
পথ দুৰ্ঘটনাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 31 Mar 2025 11:31 AM

পুনৰ পোহৰলৈ আহিছে হিট এণ্ড ৰানৰ এটা গোচৰ। এখন বিলাসী বাহনে মহতিয়াই লৈ যায় শ্ৰমিকক। জানিব পৰা মতে, এখন লেমবৰ্গিনি গাড়ী চালকে ডিভাইডাৰত থিয় হৈ থকা শ্ৰমিকসকলৰ ওপৰেৰে গাড়ী চলাই দিয়ে। যাৰ ফলত দুজনকৈ শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই ঘটনা সংঘটিত হৈছে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ গাতে লাগি থকা নয়ডাত।  এই ঘটনাৰ পাছতে উক্ত স্থানত উপস্থিত থকা লোকসকলে চালকজনক উভতি ধৰে।

কিন্তু ইমান ডাঙৰ পথ দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতো চালকজনৰ মুখত নাছিল কোনো অনুতাপৰ চিন। ইয়াৰ বিপৰীতে সেই স্থানত উপস্থিত থকা লোকসকলক তেওঁ সুধিছিল যে- কোনোবা মৰিলে নেকি?  এই ঘটনাৰ পাছতে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ চালকজনক আটক কৰে।

আৰক্ষীৰ মতে, এই দুৰ্ঘটনাত আহত দুয়োজন শ্ৰমিকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। নয়ডাৰ ছেক্টৰ ১২৬ থানা এলেকাৰ অন্তৰ্গত ছেক্টৰ ৯৪ৰ চৰখা ঘূৰণীয়া পথত সংঘটিত হয় এই দুৰ্ঘটনা। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ মতে, ঘটনাস্থলীত বহুমহলীয়া অট্টালিকা নিৰ্মাণৰ কাম চলি আছে।

আৰক্ষীয়ে কয় যে, দেওবাৰে বিয়লি ডিভাইডাৰত একাংশ শ্ৰমিক থিয় হৈ আছিল। সেই সময়তে বিপৰীতে দিশৰ পৰা এখন তীব্ৰবেগী বিলাসী বাহন আহি আছিল। কিন্তু হঠাতে শ্ৰমিকে নিয়ন্ত্ৰণ হেৰুৱাই শ্ৰমিককেইজনক খুন্দা মাৰে, যাৰ ফলত তেওঁলোকৰ প্ৰাণ কথমপি ৰক্ষা পৰে।

এই দুৰ্ঘটনাত আহত এজন শ্ৰমিকৰ ভৰি ভাঙি যোৱাৰ বিপৰীতে আনজন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। এই দুয়োজন শ্ৰমিক মূলতঃ ছত্তীশগড়ৰ। এই ঘটনাৰ এটা ভিডিঅ’ও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে কেনেকৈ তীব্ৰ বেগী বিলাসী বাহনখনে শ্ৰমিকসকলক মহতিয়াই লৈ যায় আৰু পাছত প্ৰশ্ন কৰে- কোনোবা মৰিল নেকি?

কেৱল ইমানেই নহয়, ঘটনাৰ পাছত চালকজন হাঁহি হাঁহি গাড়ীৰ পৰা ওলাই আহে। এই ঘটনাৰ ফলত সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক হাস্পাতালত ভৰ্তি কৰোৱাৰ লগতে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে গাড়ীখন। আৰক্ষীয়ে জনোৱা মতে,অভিযুক্ত গাড়ী চালকজন ৰাজস্থানৰ আজমেৰৰ বাসিন্দা দীপক বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ গাড়ীখন পণ্ডিচেৰীত পঞ্জীয়নভুক্ত। আৰক্ষীৰ জেৰাৰ সময়ত অভিযুক্তই কয় তেওঁৰ গাড়ীৰ ব্ৰেক বেয়া বাবে এই ঘটনা সংঘটিত হৈছে। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।