শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাষা কোনো ধৰ্মৰ অন্তৰ্গত নহয়, ভাষাই ধৰ্মক প্ৰতিনিধিত্ব নকৰে: উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে কয়, "আমাৰ ধাৰণাবোৰ স্পষ্ট হওক। ভাষা ধৰ্ম নহয়। ভাষাই ধৰ্মক প্ৰতিনিধিত্ব নকৰে। ভাষা এটা সম্প্ৰদায়ৰ, এটা অঞ্চলৰ, মানুহৰ; কোনো ধৰ্মৰ নহয়। ভাষা হৈছে ধাৰণা বিনিময়ৰ এক মাধ্যম যিয়ে বৈচিত্ৰময় মতামত আৰু বিশ্বাস ধাৰণ কৰা লোকসকলক ওচৰলৈ লৈ যায় আৰু ই তেওঁলোকৰ বিভাজনৰ কাৰণ হ'ব নালাগে।"

ভাষা কোনো ধৰ্মৰ অন্তৰ্গত নহয়, ভাষাই ধৰ্মক প্ৰতিনিধিত্ব নকৰে: উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়
trishna-kalita
Trishna Kalita | Published: 17 Apr 2025 13:08 PM

মঙলবাৰে উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰ পৌৰ পৰিষদৰ চাইনবৰ্ডত উৰ্দু ভাষাৰ ব্যৱহাৰক সমৰ্থন কৰি কয় যে “ভাষা এটা সম্প্ৰদায়ৰ, এটা অঞ্চলৰ, মানুহৰ, ভাষা কোনো ধৰ্মৰ নহয়”। শীৰ্ষ আদালতে লগতে কয় যে উৰ্দু “গংগা-যমুনি তহজীব বা হিন্দুস্তানী তেহজীবৰ আটাইতকৈ উন্নত নমুনা”।

ন্যায়াধীশ সুধাংশু ধুলিয়া আৰু কে বিনোদ চন্দ্ৰন গঠিত বিচাৰপীঠে উৰ্দু ভাষা ব্যৱহাৰৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ স্থানীয় কৰ্তৃপক্ষ (অফিচিয়েল লেংগুৱেজ) আইন, ২০২২ৰ অধীনত কোনো আইনী বাধা প্ৰদান নকৰা বোম্বাই উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰিবলৈ অস্বীকাৰ কৰে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰে এগৰাকী প্ৰাক্তন কাউন্সিলাৰে। য’ত আকোলা জিলাৰ পাটুৰ পৌৰ পৰিষদৰ কাৰ্যালয়ত এখন চাইনবৰ্ডত উৰ্দু ভাষাৰ উপস্থিতিৰ বিৰোধিতা কৰে প্ৰাক্তন কাউন্সিলাগৰাকীয়ে।

ন্যায়াধীশ ধুলিয়াই মৌলুড বেনজাদীৰ এটা বিখ্যাত উক্তিৰে নিজৰ বিচাৰ আৰম্ভ কৰিছিল: “যেতিয়া আপুনি এটা ভাষা শিকে, তেতিয়া আপুনি কেৱল নতুন ভাষা ক’বলৈ আৰু লিখিবলৈ শিকাই নহয়। আপুনি মুকলি মনৰ, উদাৰ, সহনশীল, দয়ালু আৰু সকলো মানৱ জাতিৰ প্ৰতি বিবেচনাশীল হ’বলৈও শিকে”।

উচ্চতম ন্যায়ালয়ে কয়, “আমাৰ ধাৰণাবোৰ স্পষ্ট হওক। ভাষা ধৰ্ম নহয়। ভাষাই ধৰ্মক প্ৰতিনিধিত্ব নকৰে। ভাষা এটা সম্প্ৰদায়ৰ, এটা অঞ্চলৰ, মানুহৰ; কোনো ধৰ্মৰ নহয়। ভাষা হৈছে ধাৰণা বিনিময়ৰ এক মাধ্যম যিয়ে বৈচিত্ৰময় মতামত আৰু বিশ্বাস ধাৰণ কৰা লোকসকলক ওচৰলৈ লৈ যায় আৰু ই তেওঁলোকৰ বিভাজনৰ কাৰণ হ’ব নালাগে।”

তদুপৰি শীৰ্ষ আদালতে এইটোও কয় যে ভাষাক এটা সম্প্ৰদায়ৰ সাংস্কৃতিক আৰু সভ্যতাগত অগ্ৰগতিৰ চিহ্ন হিচাপে চাব লাগিব। “গংগা-যমুনি তহজীবৰ উন্নতম নমুনা উৰ্দুৰ ক্ষেত্ৰতো তেনেকুৱাই বা উত্তৰ আৰু মধ্য ভাৰতৰ সমভূমিৰ সংমিশ্ৰিত সাংস্কৃতিক নীতি-নিয়ম হিন্দুস্তানী তহজীবৰ ক্ষেত্ৰতো তেনেকুৱাই। কিন্তু ভাষা শিক্ষণৰ আহিলা হোৱাৰ আগতে ইয়াৰ আদিম আৰু প্ৰাথমিক উদ্দেশ্য সদায় যোগাযোগ হৈ থাকিব।”

উৰ্দুৰ দৰে ভাষাই সততে সন্মুখীন হোৱা সামাজিক প্ৰতিৰোধৰ কথাও আদালতে সম্বোধন কৰি ভুল ধাৰণা আৰু পক্ষপাতিত্বৰ শিপা বুলি অভিহিত কৰে আদালতে। উল্লেখ কৰা হয়, “আমাৰ ভুল ধাৰণা, হয়তো আনকি এটা ভাষাৰ প্ৰতি আমাৰ পক্ষপাতিত্বকো বাস্তৱৰ বিৰুদ্ধে সাহসেৰে আৰু সত্যতাৰে পৰীক্ষা কৰিব লাগিব, যিটো হৈছে আমাৰ জাতিৰ এই মহান বৈচিত্ৰ্য। আমাৰ শক্তি কেতিয়াও আমাৰ দুৰ্বলতা হ’ব নোৱাৰে।”

যদি কোনো বিশেষ অঞ্চলৰ বাসিন্দা উৰ্দু ভাষাৰ সৈতে পৰিচিত হয় তেন্তে চৰকাৰী ব’ৰ্ডত ইয়াৰ উপস্থিতিৰ ওপৰত আপত্তি কৰাৰ কোনো বৈধ কাৰণ নাই বুলি শীৰ্ষ আদালতে ৰায় দিয়ে।আদালতে কয় যে, যদি পৌৰসভাই সামৰি লোৱা অঞ্চলটোৰ ভিতৰত বাস কৰা লোক বা কোনো লোক উৰ্দু ভাষাৰ সৈতে পৰিচিত, তেন্তে চৰকাৰী ভাষা অৰ্থাৎ মাৰাঠীৰ উপৰিও যদি পৌৰসভাৰ চাইনব’ৰ্ডত অন্ততঃ উৰ্দু ব্যৱহাৰ কৰা হয় তেন্তে কোনো আপত্তি হ’ব নালাগে। বহল সাংস্কৃতিক আলিংগনৰ আহ্বান জনাই বিচাৰপীঠে কয় যে, “আহক আমি উৰ্দু আৰু প্ৰতিটো ভাষাৰ সৈতে বন্ধুত্ব গঢ়ি তোলোঁ”।