বিজেপি নেতাৰ ঘৰত গ্ৰেনেড আক্ৰমণ কৰাসকলক আমি হত্যা কৰিমঃ লৰেন্স বিষ্ণোই গেং

বিজেপি নেতাৰ ঘৰত গ্ৰেনেড আক্ৰমণৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে লৰেন্স বিষ্ণোই গেঙে। তেওঁলোকে কয় যে, বিজেপি নেতাৰ ঘৰত আক্ৰমণ কৰা আক্ৰমণকাৰীক হত্যা কৰা হ'ব।

বিজেপি নেতাৰ ঘৰত গ্ৰেনেড আক্ৰমণ কৰাসকলক আমি হত্যা কৰিমঃ লৰেন্স বিষ্ণোই গেং

লৰেন্স বিষ্ণোই

Published: 

14 Apr 2025 19:33 PM

বিজেপি নেতাৰ ঘৰত গ্ৰেনেড আক্ৰমণৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ল’ৰেন্স বিষ্ণোই গেঙে। সামাজিক মাধ্যমত পোষ্ট কৰি ল’ৰেন্স বিষ্ণোই গেঙে কয় যে, বিজেপি নেতাৰ ঘৰত গ্ৰেনেড আক্ৰমণৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো সম্পৰ্ক নাই। উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিন পূৰ্বে পঞ্জাৱৰ বিজেপি নেতা মনোৰঞ্জন কালিয়াৰ ঘৰত কোনোৱে গ্ৰেণেড আক্ৰমণ কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কৈছিল যে, আক্ৰমণকাৰী জীশান আখতাৰ আৰু পাকিস্তানী গেংষ্টাৰ শ্বাহজাদ ভাট্টীৰ সৈতে ল’ৰেন্স বিষ্ণোইৰ সম্পৰ্ক আছে।

ইয়াৰ বিপৰীতে ল’ৰেন্স গ্ৰুপে কৈছে যে, ” দুয়োজনেই দেশৰ শত্ৰু, তেওঁলোকৰ লগত আমাৰ কোনো সম্পৰ্ক নাই, আমি দুয়োকে হত্যা কৰিম। আমাৰ নামত মানুহৰ পৰা ধন সংগ্ৰহ কৰি আছে তেওঁলোকে”। পোষ্টটোত ল’ৰেন্স গ্ৰুপৰ সদস্যসকলক সতৰ্ক থাকিবলৈ আৰু তেওঁলোকৰ সৈতে কোনো কথা নাপাতিবলৈ আহ্বান জনায়। ইয়াৰ লগতে কয় যে, আক্ৰমণত জড়িত থকা আছু ৰাণাৰ সৈতেও ল’ৰেন্স গ্ৰুপৰ কোনো সম্পৰ্ক নাই।

এই সন্দৰ্ভত আৰক্ষী অধীক্ষক হৰবিন্দৰ সিংহ বিৰ্কে কয় যে, ল’ৰেন্স গ্ৰুপ এই ঘটনাত জড়িত আছে আৰু বৰ্তমান তদন্ত চলি আছে। জীশান আৰু শ্বাহজাদ ভট্টীৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি কয় আৰক্ষী অধীক্ষকগৰাকীয়ে। ইতিমধ্যে এই ঘটনাৰ মূল অভিযুক্ত চৈদুল আমিনক দিল্লীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

এছ এছ পিয়ে কয় যে ৰোজৰ সন্ধুকে ধৰি গ্ৰেনেড আক্ৰমণ জড়িত বহিঃদেশত  থকা সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় তদন্তকাৰী দলৰ সহযোগত গোচৰ ৰুজু কৰা হৈছে। ইফালে এই বিষয়ত ধাৰাবাহিকভাৱে তদন্ত অব্যাহত আছে। লগতে কয় যে,  পঞ্জাৱৰ পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰিলে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ৭-৮ এপ্ৰিলৰ নিশা পঞ্জাৱৰ জলন্ধৰত বিজেপি নেতা মনোৰঞ্জন কলিয়াৰ বাসগৃহত গ্ৰেনেড আক্ৰমণৰ ঘটনা সংঘটিত হয় । এই গোচৰত আৰক্ষীয়ে মূল অভিযুক্ত ছাইদুল আমিনক গ্ৰেপ্তাৰ কৰি ৭ দিনৰ পুলিচ জিম্মা লাভ কৰিছে। পঞ্জাৱ আৰক্ষীৰ ডিজিপি গৌৰৱ যাদৱে কয় যে কেন্দ্ৰীয় সংস্থা আৰু দিল্লী আৰক্ষীৰ সহযোগত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ছাইদুল আমিন উত্তৰ প্ৰদেশৰ আমৰোহাৰ বাসিন্দা। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

 

 

অন্য খবৰ পঢ়কঃ Lawrence Bishnoi: জীৱন্তে জ্বলাই দিছিল যুৱতীক!কিয় আৰু কেনেকৈ লৰেন্স বিষ্ণোই প্ৰৱেশ কৰিছিল অপৰাধ জগতত

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক