পত্নীয়ে বিচাৰিলেও দৈহিক মিলনত মতি নাই স্বামীৰ, উপেক্ষিত পত্নীয়ে কৰিলে সম্পৰ্ক ছেদ
বিবাহ বিচ্ছেদ বিচাৰি আইনৰ ওচৰ চাপিল এগৰাকী মহিলা । স্বামীৰ বিৰুদ্ধে উত্থাপন কৰিলে চাঞ্চল্যকৰ অভিযোগ । সাধাৰণতে ঘটাৰ দৰে স্বামীয়ে তেওঁক মাৰ-ধৰ নকৰে বা স্বামীৰ কোনো বিবাহ বৰ্হিঃভুত সম্পৰ্কও নাই । কিন্তু মহিলাগৰাকী নিৰূপায়, তেওঁৰ আৰু স্বামীৰ সৈতে সংসাৰ কৰাৰ ইচ্ছা নাই । সেয়ে বিচাৰিছে বিবাহ বিচ্ছেদ ।

বিবাহ বিচ্ছেদ বৰ্তমান সময়ত এক চিৰ পৰিচিত ঘটনাত পৰিণত হৈছে । ডাঙৰ ডাঙৰ চেলিব্ৰেটিৰ পৰা আৰম্ভ কৰি সাধাৰণ দম্পতীলৈকে বিভিন্ন কাৰণত স্বামী-স্ত্ৰীৰ বিবাহ বিচ্ছেদ ঘটে । কেতিয়াবা মনৰ অমিল,কেতিয়াবা পছন্দৰ অমিল, সংঘাত আদি বিভিন্ন কাৰণত বিবাহ বিচ্ছেদ হোৱা দেখা যায় । এই প্ৰতিবেদনত তেনে এটা ঘটনাৰ বিষয়ে ক’বলৈ লৈছোঁ ।
এগৰাকী মহিলা আইনৰ ওচৰ চাপিল এগৰাকী মহিলা । স্বামীৰ বিৰুদ্ধে উত্থাপন কৰিলে চাঞ্চল্যকৰ অভিযোগ । সাধাৰণতে ঘটাৰ দৰে স্বামীয়ে তেওঁক মাৰ-ধৰ নকৰে বা স্বামীৰ কোনো বিবাহ বৰ্হিঃভুত সম্পৰ্কও নাই । কিন্তু মহিলাগৰাকী নিৰূপায়, তেওঁৰ আৰু স্বামীৰ সৈতে সংসাৰ কৰাৰ ইচ্ছা নাই । সেয়ে বিচাৰিছে বিবাহ বিচ্ছেদ । স্বামীয়েনো এনে কি কৰিলে তেওঁৰ লগত যে সাতটা জনম একেলগে থকাৰ শপত লৈ বিবাহ পাশত আবদ্ধ হোৱাৰ পাচতো এতিয়া আদবাটতেই ভাঙিব খুজিছে জোৰা ।
কেৰালাৰ এইগৰাকী মহিলাই যৌন সম্পৰ্ক নকৰাৰ বাবে স্বামীৰ বিৰুদ্ধে বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিছিল । মহিলাগৰাকীয়ে অভিযোগ কৰে যে তেওঁৰ স্বামীয়ে গোটেই দিনটো পূজা-পাতলত ব্যস্ত হৈ থাকে আৰু কেৱল মন্দিৰ আৰু আশ্ৰমলৈ যায় । স্বামীয়ে তেওঁকো নিজৰ দৰেই আধ্যাত্মিক কৰি তুলিবলৈ চেষ্টা কৰিছে ।
‘বাৰ এণ্ড বেঞ্চ’ৰ এক প্ৰতিবেদন অনুসৰি ন্যায়াধীশ দেৱন ৰামচন্দ্ৰন আৰু এম বি স্নেহলতাৰ বিচাৰপীঠে এই গোচৰৰ ৰায়দানত কয়, ‘‘বিবাহে এজন স্বামী আন পত্নীৰ ব্যক্তিগত বিশ্বাসৰ ওপৰত সিদ্ধান্ত লোৱাৰ অধিকাৰ প্ৰদান নকৰে, সেয়া আধ্যাত্মিক হওক বা অন্যান্য । পত্নীক নিজৰ আধ্যাত্মিক জীৱন গ্ৰহণ কৰিবলৈ বাধ্য কৰা আৰু আৱেগিকভাৱে হাৰাশাস্তি কৰাটো মানসিক নিষ্ঠুৰতাৰ সমান । পাৰিবাৰিক জীৱনৰ প্ৰতি স্বামীৰ অনাগ্ৰহতাই তেওঁৰ বৈবাহিক কৰ্তব্য পালনত ব্যৰ্থ হোৱাৰ ইংগিত দিয়ে ।’’
আদালতে কয়, ‘‘১৯৫৫ চনৰ হিন্দু বিবাহ আইন ১৩(১)(ia)ৰ অধীনত মানসিক নিষ্ঠুৰতা বিবাহ বিচ্ছেদৰ ভিত্তি । এয়া প্ৰযোজ্য যেতিয়া স্বামীয়ে নিজৰ বৈবাহিক কৰ্তব্য পালন নকৰে ।’’ উল্লেখ্য যে এই দম্পতীয়ে ২০১৬ চনত আদালতত বিবাহপাশত আবদ্ধ হৈছিল যদিও কেইবছৰমান পাছত তেওঁলোকৰ বৈবাহিক জীৱনত সংঘাতৰ সৃষ্টি হ’বলৈ ধৰে । পত্নীয়ে দাবী কৰে যে তেওঁ অতি ধাৰ্মিক হোৱাৰ বাবেই এনে হৈছে ।
পত্নীয়ে কয় যে তেওঁৰ স্বামীৰ যৌন সম্পৰ্ক আৰু সন্তান জন্ম দিয়াৰ কোনো আগ্ৰহ নাই । অফিচৰ পৰা উভতি অহাৰ পিছত তেওঁ পোনে পোনে মন্দিৰ আৰু আশ্ৰমলৈ যায় । পত্নীকো একেদৰে কৰিবলৈ কয় । কেৱল সেয়াই নহয়, স্বামীয়ে পত্নীগৰাকীৰ পৰৱৰ্তী পঢ়া-শুনা বন্ধ কৰি দিয়ে । মহিলাগৰাকীয়ে ২০১৯ চনতো বিবাহ বিচ্ছেদ বিচাৰি আহিছিল যদিও স্বামীয়ে নিজৰ আচৰণ সলনি কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতে অভিযোগ উঠাই লয় ।
কিন্তু তেনেকুৱা একো নোহোৱাত পুনৰ ২০২২ চনত তেওঁ বিবাহ বিচ্ছেদ বিচাৰি আইনৰ কাষলৈ আহে । এই সময়ছোৱাত পৰিয়াল আদালতে মহিলাগৰাকীৰ সপক্ষে ৰায় দিয়ে । পিছত মহিলাগৰাকীৰ স্বামীয়ে তেওঁৰ আধ্যাত্মিক আচাৰ-ব্যৱহাৰৰ ভুল ব্যাখ্যা কৰা বুলি দাবী কৰি উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে । পিছত উচ্চ ন্যায়ালয়ে দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰি তাৰ পিছত আদালতৰ বিবাহ বিচ্ছেদৰ নিৰ্দেশক সমৰ্থন কৰে ।
(অস্বীকাৰ: যদি আপোনাৰ কোনো নিৰ্দিষ্ট গোচৰ আছে, তেন্তে আইনী বিশেষজ্ঞ (উকীল)ৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয় । ইয়াত দিয়া তথ্যসমূহ কেৱল আদালতৰ সিদ্ধান্ত আৰু প্ৰবন্ধৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে । যিকোনো গোচৰৰ বাবে জানিব বিচাৰিলে উপযুক্ত উকীলৰ পৰামৰ্শ ল’ব পাৰে ।)