শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

চৰম সিদ্ধান্তৰে জীৱনৰ কৰুণ সমাপ্তি ঘটালে সমকামী দম্পতীয়েঃ সবিশেষ জানিলে চকু সেমেকি উঠিব আপোনাৰো

যোৱা ৩১ জুলাইত উত্তৰ প্ৰদেশত চলন্ত ৰে’লৰ সমুখত পৰি আত্মহত্যা কৰে এহাল সমকামী দম্পতীয়ে। দুয়োৰে এগৰাকী বান্ধৱীয়ে নিহত সমকামী দম্পতীহালৰ বিষয়ে আৰক্ষীৰ আগত জানিবলৈ দিছে কিছু কথা। বান্ধৱীগৰাকীয়ে প্ৰকাশ কৰা এই কাহিনীয়ে শোকাহত কৰি তুলিছে সকলোকে।

চৰম সিদ্ধান্তৰে জীৱনৰ কৰুণ সমাপ্তি ঘটালে সমকামী দম্পতীয়েঃ সবিশেষ জানিলে চকু সেমেকি উঠিব আপোনাৰো
নিহত তনু আৰু খুচবু
monjit-dutta
Monjit Dutta | Published: 03 Aug 2024 16:32 PM

যোৱা ৩১ জুলাইৰ সন্ধিয়া প্ৰায় ৬ বজাত উত্তৰ প্ৰদেশত সংঘটিত হৈছিল এক শোকাৱহ ঘটনা। ৰাজ্যখনৰ আলিগড়ৰ দৌদ খান ৰে’লৱে ষ্টেচনৰ সমীপত চলন্ত ৰাজধানী এক্সপ্ৰেছৰ সমুখত পৰি আত্মহত্যা কৰিছিল দুগৰাকী যুৱতীয়ে। কেইবাটুকুৰা হৈ ৰে’লপথত সিঁচৰিত হৈ পৰিল দুয়োৰে মৃতদেহ। দুই যুৱতীয়ে পৰস্পৰে পৰস্পৰৰ হাতত ধৰি ৰেলপথত থিয় হয় আৰু দ্ৰুতবেগী ৰে’লখনে মহতীয়াই নিয়ে দুয়োকে। ৰে’লৰ খুন্দাত মৃত্যু হয় দুয়ো যুৱতীৰ। এই শোকাৱহ আত্মহত্যাৰ আঁৰৰ কিছু কথা সম্প্ৰতি প্ৰকাশ কৰিছে দুয়োৰে এগৰাকী বান্ধৱীয়ে। তেওঁ প্ৰকাশ কৰা এই কাহিনীয়ে জোকাৰি তুলিছে সকলোৰে হৃদয়।

ৰে’লপথত থিয় দি আত্মহত্যা কৰা দুই যুৱতীক খুচবু আৰু তনু বুলি চিনাক্ত কৰা হৈছে। নিহত খুচবুৱে এল এল বিত অধ্যয়ন কৰি থকাৰ বিপৰীতে বি এছ চিত অধ্যয়ন কৰি আছিল তনুৱে। দুয়োৰে বন্ধুৱে প্ৰকাশ কৰা মতে, খুছবু আৰু তনুৱে ৰতন প্ৰেম ডি এ ভি ইণ্টাৰ কলেজত একেলগে পঢ়িছিল। তাতে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠিছিল।

দুয়োৰে মাজৰ এই বন্ধুত্ব ইমানেই গাঢ় হৈ পৰে যে দুয়ো পৰস্পৰ অবিহনে জীয়াই থাকিব নোৱাৰাৰ দৰে এক পৰিস্থিতি হয়। লাহে লাহে দুয়োৰে মাজৰ এই সম্পৰ্কই প্ৰেমৰ ৰূপ ল’লে। ইফালে স্নাতক পৰ্যায়ত দুয়ো পৃথক পৃথক কলেজত নামভৰ্তি কৰিবলগা হয়। অৱশ্যে তাৰ পিছতো অটুট থাকে দুয়োৰে সম্পৰ্ক। দুয়োৰে ফটো দিয়াৰ উদ্দেশ্যে আনকি খুছবু আৰু তনুৱে ইনষ্টাগ্ৰামত দুটা পৃথক একাউণ্টো খুলি লৈছিল।

দুয়োৰে বন্ধুৱে আৰক্ষীৰ আগত দিয়া ভাষ্য মতে দুয়োৰে এই সম্পৰ্কৰ কথা কিছুদিন পূৰ্বে খুচবুৰ পৰিয়ালে জানিব পাৰে। বহু সময়ত তনু তেওঁলোকৰ ঘৰত থাকিছিল বাবে খুচবুৰ ভাতৃয়ে প্ৰথমে দুয়োৰে সম্পৰ্কক লৈ মুকলিকৈ প্ৰশ্ন কৰিছিল। ইয়াৰ পিছত লাহে লাহে পৰিয়ালৰ আন সদস্যসকলেও এই বিষয়ে জানিব পাৰে। এনে পৰিস্থিতিত ঘৰখনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।

ইফালে এই সম্পৰ্কৰ বিষয়ে তনুৰ পৰিয়ালৰ লোকে কোনো ভূ পোৱা নাছিল। কিন্তু খুচবুৰ পৰিয়ালৰ পৰা অহা বাধাৰ বাবে দুয়ো এক মানসিক অস্থিৰতাত সোমাই পৰিছিল। বহু বাধা-নিষেধৰ পাছতো দুয়োৰে মাজৰ কথা-বতৰা বন্ধ নোহোৱাত খুচবুৰ পৰিয়ালে খুচবুক পঢ়া-শুনা বন্ধ কৰাৰ সিদ্ধান্ত লয়। এনে সিদ্ধান্তই অধিক বিচলিত কৰি তোলে দুয়োকে।

বন্ধুজনে জানিবলৈ দিয়া মতে, যোৱা ৩০ জুলাইত খুচবুৱে তেওঁক ফোন কৰি ঘৰলৈ মাতে আৰু ঘৰৰ পৰা কিছু ওলাই যোৱাৰ পৰিকল্পনা কৰে। পৰিয়ালৰ লোকে খুচবুক ঘৰৰ পৰা ওলাই যাবলৈ নিদিয়াৰ কথাও খুচবুৱে তেওঁক অৱগত কৰে। এই পৰিকল্পনা মতেই ৩১ জুলাইত বন্ধুজন খুচবুৰ ঘৰলৈ গৈছিল আৰু পৰিয়ালৰ সন্মতি লৈ খুচবুক লৈ ওলাই গৈছিল।

বাহিৰত তেওঁলোকে তনুকো লগত লয়। তিনিওজনেই এখন ৰেষ্টুৰেণ্টলৈ গৈ প্ৰথমে কিছু আহাৰ গ্ৰহণ কৰে। সেই সময়ত দুয়ো ইজনে সিজনৰ অবিহনে জীয়াই থাকিব নোৱাৰে বুলি পুনৰ দোহাৰে। যদি পৰিয়াল মান্তি নহয় তেন্তে আত্মহত্যা কৰিব বুলি দুয়ো প্ৰকাশ কৰা বুলি বন্ধুজনে আৰক্ষীক জানিবলৈ দিয়ে।

তেওঁ লগতে জানিবলৈ দিয়া মতে খুচবু আৰু তনুৰ এনে কথাক তেওঁ গুৰুত্বপূৰ্ণ বুলি ভবা নাছিল আৰু দুয়োকে এৰি ওলাই আহিছিল। কিন্তু পিছত দুয়োৱে সঁচাকৈয়ে আত্মহত্যা কৰা বুলি তেওঁ জানিব পাৰে। দুয়োৰে এই সিদ্ধান্তত শোকত ভাগি পৰা বুলিও বন্ধুজনে উল্লেখ কৰে।

Latest News