শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভোটদানৰ সময়ত আঙুলিৰ পৰিৱৰ্তে কিয় নখত লগোৱা হয় বিশেষ চিয়াঁহী? এই চিয়াঁহী ক’ত আৰু কেনেকৈ প্ৰস্তুত কৰা হয় জানেনে?

ভোট দিয়াৰ সময়ত যে আপোনাৰ আঙুলিত চিয়াঁহীৰ দাগ দিয়া হয়, সেই চিয়াঁহীৰ ইতিহাস বাৰু জানেনে ? কেৱল ভাৰতত প্ৰস্তুত হোৱা এই চিয়াঁহী বিশ্বৰ প্ৰায় ৩০ খন দেশে ব্যৱহাৰ কৰে । জানো আহক এই চিয়াঁহীৰ এক মনোগ্ৰাহী কাহিনী-

ভোটদানৰ সময়ত আঙুলিৰ পৰিৱৰ্তে কিয় নখত লগোৱা হয় বিশেষ চিয়াঁহী? এই চিয়াঁহী ক’ত আৰু কেনেকৈ প্ৰস্তুত কৰা হয় জানেনে?
নিৰ্বাচনত ব্যৱহৃত চিয়াঁহীৰ ইতিহাসImage Credit source: Tv9 Hindi
raj-saikia
Raj Saikia | Published: 05 Feb 2025 15:23 PM

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ বুটাম টিপাৰ পূৰ্বে সকলো ভোটাৰৰ আঙুলিত নীলা চিয়াঁহী লগোৱা হৈছে । যিদৰে বাকী নিৰ্বাচনবোৰতো লগুৱা হয় । ভোটাধিকাৰ সাব্যস্ত কৰাৰ অন্তত ভোটাৰে চিয়াঁহী লগোৱা আঙুলি প্ৰদৰ্শন কৰি ছেল্ফী তুলি সামাজিক মাধ্যমত আপলোড কৰা দেখা গৈছে । কিন্তু ভোটদান নিশ্চিত কৰাৰ বাবে আঙুলিত লগোৱা এই চিয়াঁহীৰ আঁৰৰ কাহিনী আপুনি জানেনে ?

ইংৰাজৰ পৰা স্বাধীনতা লাভৰ পাছত ১৯৫১-৫২ চনত প্ৰথমবাৰৰ বাবে স্বাধীন ভাৰতত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া । কিন্তু সেই সময়ত একাংশ লোকে আনৰ নামতো ভোটদান কৰিছিল । বহুতে একাধিকবাৰ ভোটদান কৰে । নিৰ্বাচন আয়োগে এই সন্দৰ্ভত অভিযোগ লাভ কৰাত এই সমস্যা সমাধানৰ উপায় বিচাৰিবলৈ ধৰে । বহুকেইটা বিকল্প সন্দৰ্ভত পৰ্যালোচনা কৰাৰ অন্তত আয়োগে সিদ্ধান্ত গ্ৰহণ কৰে যে ভোটদাতাৰ আঙুলিত চিয়াঁহীৰে চিহ্নিত কৰা হওক । ইয়াৰ পৰা এইটো জানিব পৰা যাব যে কোনে ভোট দিছে, কোনে দিয়া নাই ।

কিন্তু তাতে আৰু এটা সমস্যা আহি পৰে যে ভোটাৰৰ আঙুলিত যি চিয়াঁহী ব্যৱহাৰ কৰা হ’ব, সেই চিয়াঁহী যাতে সহজে মচিব নোৱাৰে । কিন্তু এনে চিয়াঁহী পাব ক’ত ? নিৰ্বাচন আয়োগে ইয়াৰ সমাধান বিচাৰি কাষ চাপিল নেশ্যনেল ফিজিকেল লেৱৰেটৰী অৱ ইণ্ডিয়াৰ । এনপিএলে এনে এক চিয়াঁহী প্ৰস্তুত কৰিলে যাৰ দাগ পানী বা ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰিও আঁতৰাব নোৱাৰি । এনপিএলে এই চিয়াঁহী প্ৰস্তুতৰ দায়িত্ব মহীশূৰ পেইণ্টছ এণ্ড বাৰ্নিচ কোম্পানীক প্ৰদান কৰে ।

আঙুলিৰ পৰিৱৰ্তে নখত চিহ্ন প্ৰদান

১৯৭১ চনৰ পূৰ্বে এই চিয়াঁহী আঙুলিত লগোৱা হৈছিল । তাৰ মাজতে এক তথ্য পোহৰলৈ আহে যে বাৰাণসীৰ এগৰাকী যুৱতীয়ে আঙুলিত চিয়াঁহী লগাবলৈ অমান্তি হৈ ভোটদানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয় । কিয়নো কেইদিনমান পিছতে তেওঁৰ বিয়া আছিল আৰু বিয়াৰ দিনা আঙুলিত চিয়াঁহীৰ ৰং জিলিকি থাকিলে ভাল নালাগিব । তাৰোপৰি বাৰে বাৰে ঘঁহিলে ছালত সৃষ্টি অংকিত চিনটো মচি পেলাব পৰাৰ আশংকাও আছিল । ইয়াৰ পিছত ১৯৭১ চনত নিৰ্বাচন আয়োগে সিদ্ধান্ত লয় যে নখত চিয়াঁহী লগোৱা হ’ব, যাতে নখ বাঢ়ি যোৱাৰ লগে লগে সেই চিনটো নোহোৱা হৈ যায় ।

কোম্পানীটোৰ ইতিহাস মহীশূৰ ৰাজবংশৰ লগত জড়িত

এই চিয়াঁহী প্ৰস্তুত কৰা দেশৰ একমাত্ৰ কোম্পানী মহীশূৰ পেইণ্টছ এণ্ড বাৰ্নিচ লিমিটেডৰ মহীশূৰ ৰাজবংশৰ সৈতে জড়িত এক পুৰণি ইতিহাস আছে । গণতন্ত্ৰৰ অমলিন চিন সৃষ্টি কৰাসকল এসময়ত নিজেই শাসক আছিল যদিও আজি তেওঁলোকৰ উত্তৰাধিকাৰৰ চিন গণতন্ত্ৰৰ প্ৰতিজন ভোটাৰৰ আঙুলিত দেখা গৈছে । আচলতে দেশৰ স্বাধীনতাৰ আগতে কৰ্ণাটকৰ মহীশূৰত ৱাডিয়াৰ বংশই শাসন কৰিছিল ।

বিশ্বৰ অন্যতম ধনী ৰাজপৰিয়াল ৱাডিয়াৰ বংশৰ কৃষ্ণৰাজে ১৯৩৭ চনত ৰং আৰু বাৰ্নিচৰ কাৰখানা খুলিছিল । ইয়াৰ নাম ৰখা হৈছিল মহীশূৰ লাখ এণ্ড পেইণ্টছ । স্বাধীনতাৰ কিছু দিনৰ পাছতেই এই কাৰখানাটো কৰ্ণাটক চৰকাৰে দখল কৰে, য’ত নিৰ্বাচনৰ বাবে চিয়াঁহী উৎপাদন হ’বলৈ ধৰে । ১৯৮৯ চনত এই কাৰখানাটোৰ নাম সলনি কৰি মহীশূৰ পেইণ্টছ এণ্ড বাৰ্নিচ লিমিটেড (MPVL) কৰা হয় । এমপিবিএলে এই চিয়াঁহী কেৱল নিৰ্বাচন আয়োগ বা নিৰ্বাচনত কাম কৰা সংস্থাসমূহকহে যোগান ধৰে ।

কিয় সহজে নেৰাই এই চিয়াঁহীৰ দাগ

এই চিয়াঁহীৰ সূত্ৰ এটা বিজ্ঞান পৰীক্ষাগাৰৰ পৰা আহিছে । ইয়াৰ আঁৰত কাউন্সিল অৱ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চৰ বিজ্ঞানীসকলে কঠোৰ পৰিশ্ৰম কৰিছিল । ১৯৫২ চনত নেশ্যনেল ফিজিকেল লেৱৰেটৰীত ইয়াৰ উদ্ভাৱন কৰা হৈছিল । ইয়াক তৈয়াৰ কৰিবলৈ ৰূপৰ নাইট্ৰেট ব্যৱহাৰ কৰা হয় । ভোটাৰৰ নখত লগালেই ৰূপৰ নাইট্ৰেটে শৰীৰত থকা ছ’ডিয়ামৰ সৈতে মিলি ছ’ডিয়াম ক্লৰাইড গঠন কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ ফলত নীলা চিয়াঁহী ক’লা হৈ পৰে । ৰূপৰ নাইট্ৰেট আচলতে পানীৰ সংস্পৰ্শলৈ আহিলে গাঢ় হৈ পৰে । ইয়াৰ ওপৰত চাবোনৰ কোনো প্ৰভাৱ নপৰে ।

এই নিৰ্বাচনী চিয়াঁহীৰ সঠিক সূত্ৰ এতিয়াও গোপন । ভাৰতীয় ৰাষ্ট্ৰীয় ভৌতিক পৰীক্ষাগাৰ বা মহীশূৰ পেইণ্টছ এণ্ড বাৰ্নিচ লিমিটেডে কেতিয়াও ইয়াৰ সূত্ৰ ৰাজহুৱা কৰা নাই । এই চিয়াঁহী বনোৱাৰ অধিকাৰ আন কোনো কোম্পানীৰ নাই ।

কোন কোন দেশত ইয়াক ব্যৱহাৰ কৰা হয়

এই নিৰ্বাচনী চিয়াঁহী আজি ৩০খন দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যৱহাৰ হৈ আহিছে । এমপিবিএলৰ এই চিয়াঁহী ভাৰতকে ধৰি বিশ্বৰ বহু দেশত ব্যৱহাৰ কৰা হয় । এই দেশসমূহে কেৱল এমপিবিএলৰ পৰা চিয়াঁহী ক্ৰয় কৰে । এক প্ৰতিবেদন অনুসৰি এমপিবিএলৰ পৰা এই চিয়াঁহী ক্ৰয় কৰা দেশসমূহৰ ভিতৰত আছে দক্ষিণ আফ্ৰিকা, কানাডা, মালদ্বীপ, কম্বোডিয়া, মালয়েছিয়া, আফগানিস্তান, তুৰস্ক, নেপাল, ঘানা, পাপুয়া নিউগিনি, নাইজেৰিয়া, বুৰ্কিনা ফাচো, বুৰুণ্ডি, টগো আৰু ছিয়েৰা লিয়ন । কোম্পানীটোৰ ৱেবছাইট অনুসৰি ২০১৯-২০ বৰ্ষত এই কোম্পানীটোৰ ৰাজহ আছিল ২১.৫২ কোটি টকা । সেই সময়ত ইয়াৰ লাভ আছিল ৪.৭০ কোটি টকা ।