বৰষুণে মাতি আনিলে কাল! বজ্ৰপাতৰ ফলত মৃত্যু শিশুসহ ৮ জনৰ… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

বৰষুণে মাতি আনিলে কাল! বজ্ৰপাতৰ ফলত মৃত্যু শিশুসহ ৮ জনৰ…

Published: 

23 Sep 2024 19:02 PM

বৰষুণৰ মাজতেই সংঘটিত শোকাবহ ঘটনা। বজ্ৰপাতৰ ফলত প্ৰাণ হেৰুৱালে ৮জনকৈলোকে। ইয়াৰে ৪ জন যুৱক আৰু ৪গৰাকী স্কুলীয়া ছাত্ৰ- ছাত্ৰী বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পাছতেই অঞ্চলটোত শোকে বিৰাজ কৰিছে।

বৰষুণে মাতি আনিলে কাল! বজ্ৰপাতৰ ফলত মৃত্যু শিশুসহ ৮ জনৰ...

বিজুলী- ঢেৰেকনি

Follow Us On

বজ্ৰপাতৰ ফলত প্ৰাণ হেৰুৱালে প্ৰায় ৮ জনলোকে। এই খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ চাৰিওফালে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।  মৃত্যু হোৱা লোককেইজনৰ ভিতৰত ৪ জন যুৱক আৰু ৪ গৰাকী স্কুলীয়া ছাত্ৰ- ছাত্ৰী আছে বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি এজনলোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। বৰ্তমান আঘাতপ্ৰাপ্তজনৰ চিকিৎসা চলি আছে। এই ঘটনা সংঘটিত হৈছে চত্তিশগড়ত।

এই ঘটনাৰ পাছতেই এতিয়া ছত্তিশগড়ৰ ৰাজনান্দগাঁও জিলাত শোকৰ ছাঁ পৰিছে। সোমানি থানা এলেকাৰ জোৰাতৰাই গাঁৱত সংঘটিত হৈছে এই ঘটনা। জিলাখনৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত অৱস্থিত জোৰাতৰাই গাঁৱত দুপৰীয়াৰ ভাগত বৰষুণ আৰু বিজুলী- ঢেৰেকনি আহিবলৈ আৰম্ভ কৰে। সেই সময়তে বজ্ৰপাতৰ ফলত ৮ জনলোকৰ মৃত্যু হয়।

বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে এজন যুৱকজন। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত স্থানীয় প্ৰশাসন আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰৰ কাম আৰম্ভ কৰিছে। এই দুৰ্ঘটনাক লৈ গাঁওবাসীৰ মাজত শংকাৰ পৰিবেশে বিৰাজ কৰিছে। বৰষুণ আৰু বেয়া বতৰৰ সময়ত নিৰাপদ স্থানত থাকিবলৈ আৰু কোনো মুকলি ঠাইলৈ নাযাবলৈ প্ৰশাসনে ৰাইজক আহ্বান জনাইছে। লগতে ল’ৰা-ছোৱালী আৰু বৃদ্ধসকলে যাতে এনে বতৰত বিশেষ কোনো কাম নাথাকিলে বাহিৰলৈ নাযায় তাৰ বাবে উপদেশ দিছে।

সমগ্ৰ দেশত বতৰে এতিয়া আজৱ ৰূপ ধাৰণ কৰিছে। বহু অঞ্চলত বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে আন বহু ঠাইত গৰমে জ্বলা- কলা খুৱাইছে। তেনে সময়তে সোমবাৰে চত্তিশগড়ত এই অনাকাংক্ষিত ঘটনা সংঘটিত হয়। বহু গ্ৰামাঞ্চলত বানপানী হোৱাৰ বিপৰীতে বহু ঠাইত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাত আদিৰ দৰে ঘটনাই সাধাৰণ জীৱন দুৰ্বিসহ কৰি পেলাইছে।

উল্লেখ্য যে, অসমতো বতৰৰ পৰিবৰ্তন দেখিবলৈ পোৱা গৈছে। ছেপ্টেম্বৰৰ মাহত প্ৰচণ্ড গৰমে জ্বলা- কলা খুৱাইছে জনতাক। দেওবাৰে অসমৰ বিভিন্ন অঞ্চলত সৰ্বাধিত তাপমাত্ৰা হয় ৩৮ ডিগ্ৰী চেলচিয়াছ। অসমত তাপমান ইমানেই বৃদ্ধি পাইছে যে ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে।

গৰমৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময়সীমা প্ৰশাসনে আগুৱাই দিছে। ইয়াৰ মাজতে আজি কামৰূপ (ম) প্ৰশাসনে জিলাখনৰ সকলো চৰকাৰী- বেচৰকাৰী বিদ্যালয় ৪ দিনৰ বাবে বন্ধৰ ঘোষণা কৰিছে। অৱশ্যে তাৰ মাজতে আজি গুৱাহাটীত বতৰৰ কিছু সাল- সলনি হয়। সন্ধিয়া হোৱা ধাৰাসাৰ বৰষুণৰ পাছতেই গুৱাহাটীবাসীয়ে গৰমৰ পৰা কিছু সকাহ লাভ কৰিছে। অৱশ্যে ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীৰ কেইবাটা অঞ্চলত বানপানীও হৈছে।

ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version