গৃহস্থ আছিল শুই, ঘৰত ভিতৰত প্ৰৱেশ বনৰজাৰ, চৌদিশে লাগিল হুৱা-দুৱা! ভিডিঅ’ ভাইৰেল…
শুই থকা অৱস্থাত ঘৰত ভিতৰত প্ৰৱেশ সিংহৰ। তাৰ পাছতে সৃষ্টি হয় আতংকময় পৰিস্থিতিৰ। সিংহটো প্ৰায় দুঘণ্টামান পাকঘৰত বহি থাকিল। ঘৰৰ লোকসকলে প্ৰাণ ৰক্ষাৰ বাবে ইফালে সিফালে দৌৰি থাকিল।

ঘৰৰ ভিতৰত বনৰজাৰ প্ৰৱেশ। প্ৰায় দুঘণ্টা ধৰি ঘৰটোৰ ভিতৰতে অৱস্থিতি লয় বনৰজাই। দুঘণ্টা ধৰি আতংকিত হৈ ইফালে সিফালে দৌৰিবলৈ ধৰিলে পৰিয়ালটোৱে। ঘটনাটো গুজৰাটৰ। যাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে।
গুজৰাজৰ আমৰেলী জিলাত সংঘটিত ঘটনাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। ঘৰটোৰ পাকঘৰৰ বেৰত কাষৰ থকা সিংহ এটাই তেওঁলোকৰ ফালে চাই থকা দেখি ভয়ত কঁপিবলৈ ধৰিলে। সিংহটো প্ৰায় দুঘণ্টামান পাকঘৰত বহি থাকিল। ঘৰৰ মানুহে প্ৰাণ ৰক্ষাৰ বাবে ইফালে সিফালে দৌৰি থাকিল। শেষত চিঞৰ শুনি চুবুৰীৰ মানুহ আৰু গাঁৱৰ মানুহে পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহে। শেষত পোহৰ আৰু শব্দ ব্যৱহাৰ কৰি গাঁৱৰ মানুহে সিংহটোক খেদি পঠিয়ালে, তেতিয়াহে সেই ঘৰটোৰ বাসিন্দাসকলে যেন পুনৰ প্ৰাণ উভতাই পালে হেৰুওৱা প্ৰাণ।
স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি গুজৰাটৰ আমৰেলীত থকা মুলুভাই ৰামভাই লখান্নোত্ৰাৰ পৰিয়ালে নিজৰ ঘৰত শুই থকা অৱস্থাত ছাদৰ ৰাষ্টাৰে সিংহটো ভিতৰলৈ সোমাই আহে। হঠাৎ অহা অতিথিজনে সৃষ্টি কৰে আতংকৰ । ঘৰৰ পৰা দৌৰি ওলাই গৈ পৰিয়ালটোৱে সহায় বিচাৰি গাঁৱৰ মানুহক ঘৰত থকা জন্তুটোৰ বিষয়ে অৱগত কৰে।
King of Forest entered a residential house in Gujarat’s Amreli late last night, causing panic among residents. #viralvideo #GujaratLion #LionentershouseinGujarat #Lionvideo, #GujaratLionvideo #शेर #घरमेंघुसाशेर pic.twitter.com/x8pOz5pOuH
— Shwetank Ratnamber (@swwetanksr) April 4, 2025
ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে, বেৰৰ ওপৰত বহি পাকঘৰত ফালে চাই আছে সিংহটোৱে। ইফালে সিফালে চাই থাকোতে এজন গাঁৱৰ মানুহে সিংহটোৰ মুখত টৰ্চৰ পোহৰ জ্বলাই । আন্ধাৰৰ মাজতে অহা পোহৰৰ বাবে সিংহটোৰ চকু দুটা জিলিকি উঠে, সি ক্ষন্তেক সময়ৰ বাবে কেমেৰাৰ ফালে চায়। সিংহটো প্ৰায় দুঘণ্টা ধৰি তাত বহি থাকে। অৱশেষত মানুহৰ ভিৰ বাঢ়ি অহাৰ লগে লগে আৰু কেইবাটাও পদ্ধতিৰ বনৰজাক খেদাৰ চেষ্টা চলোৱা হয়। অৱশেযত বহু প্ৰচেষ্টাৰ অন্তত সিংহটোক খেদি পঠাবলৈ সক্ষম হয় গাঁওবাসী। অৱশ্যে কাৰো কোনো ক্ষতি নকৰাকৈ শান্তিৰে সেই স্থান ত্যাগ কৰে সিংহটোৱে। তাৰ পাছতহে পৰিয়ালৰ লোকৰ হিতাহিত জ্ঞান ঘূৰি আহিল। প্ৰায় দুঘণ্টা ধৰি বন্ধ হৈ পৰিছিল সকলোৰে উশাহ।সিংহটো
অৱশ্যে গুজৰাটৰ আৱাসিক এলেকাত ‘বনৰজা’ প্ৰৱেশ কৰা ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত গুজৰাটৰ একেখন জিলাতে ভৱনগৰ-সোমনাথ ঘাইপথত সিংহ এটা খোজকাঢ়ি থকা দেখা পোৱাৰ পিছতে কমেও ১৫ মিনিটৰ বাবে যান-বাহন ৰখাই থোৱা হয়। সেই সময়ত কিছু সময়ৰ বাবে যাতায়ত বন্ধ হৈ পৰে। সিংহটোৱে এখন দলং পাৰ হৈ যোৱা দেখি গাড়ী, ট্ৰাক আৰু বাইক ৰখাই সিংহটোক ঘাইপথ পাৰ হ’বলৈ দিয়ে।