Narendra Modi: হেট্ৰিক! ইটালীৰ পৰা মালদ্বীপলৈকে, বিজয়ৰ বাবে বিশ্বৰ বহু দেশৰ নেতাই মোদীক জনালে অভিনন্দন

World Leaders Congratulates to Modi: নৰেন্দ্ৰ মোদীৰ এই বিজয়কলৈ শুভেচ্ছা জনাইছে বহু কেইখন দেশৰ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীয়ে । ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ পৰা আৰম্ভ কৰি মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুলৈকে প্ৰাক্তন আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতিসকলে তেওঁক বিজয়ৰ বাবে আগতীয়াকৈ অভিনন্দন জনায়।

Narendra Modi: হেট্ৰিক! ইটালীৰ পৰা মালদ্বীপলৈকে, বিজয়ৰ বাবে বিশ্বৰ বহু দেশৰ নেতাই মোদীক জনালে অভিনন্দন

বিশ্ব নেতাসকলে মোদীক জনালে অভিনন্দন

Updated On: 

05 Jun 2024 14:44 PM

একেৰাহে তৃতীয়বাৰৰ বাবে বাৰাণসীৰ পৰা জয় যাত্ৰা অব্যাহত ৰাখিলে নৰেন্দ্ৰ মোদীয়ে । বিপুল ভোটত জয় লাভ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে । উল্লেখ্য যে, বিজেপিয়ে সংখ্যাগৰিষ্ঠতা নাপালেও এনডিএ মিত্ৰজোঁটে চৰকাৰ গঠনৰ যাদুকৰী সংখ্যাত উপনীত হৈছে । ফলত সকলো ঠিকে থাকিলে নৰেন্দ্ৰ মোদীয়ে পুনৰ চৰকাৰ গঠন কৰিব।

ইফালে নৰেন্দ্ৰ মোদীৰ এই বিজয়কলৈ শুভেচ্ছা জনাইছে বহু কেইখন দেশৰ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীয়ে । ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ পৰা আৰম্ভ কৰি মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুলৈকে প্ৰাক্তন আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতিসকলে তেওঁক বিজয়ৰ বাবে আগতীয়াকৈ অভিনন্দন জনায়।

ইটালীৰ প্ৰধানমন্ত্ৰীৰ জৰ্জিয়া মেল’নিয়ে টুইটযোগে নৰেন্দ্ৰ মোদীক বাৰাণসীৰ সাংসদ হিচাপে হেট্ৰিক আৰু এন ডি এৰ মিত্ৰতাক বিজয়ৰ অভিনন্দন জনায়। তেওঁ টুইটাৰত লিখিছে, ‘নিৰ্বাচনত জয়ী হোৱাৰ বাবে নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছো । আমি ইটালী আৰু ভাৰতক একত্ৰিত কৰাৰ লগতে আমাৰ জনসাধাৰণৰ মংগলৰ বাবে বিভিন্ন বিষয়ত সহযোগিতা সুদৃঢ় কৰাৰ বাবে একেলগে কাম কৰি যাম।”

ইটালীৰ প্ৰধানমন্ত্ৰীৰ অভিনন্দনেৰে আপ্লুত হৈ নৰেন্দ্ৰ মোদীয়েও তেওঁক ধন্যবাদ জনায়। তেওঁ ভাৰত-ইটালীৰ কূটনৈতিক সম্পৰ্ক শক্তিশালি কৰাৰ বাবে প্ৰতিশ্ৰুতি দিছিল বুলি তেওঁ টুইটাৰযোগে প্ৰকাশ কৰে।

কেৱল ইটালীৰ প্ৰধানমন্ত্ৰীয়েই নহয়, মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱেও নৰেন্দ্ৰ মোদীক বিজয়ৰ বাবে অভিনন্দন জনায়। ৰাষ্ট্ৰপতি পদ গ্ৰহণ কৰাৰ পিছৰে পৰা মহম্মদ মুইজুৱে বিভিন্ন বিষয়ত ভাৰতৰ বিৰোধিতা কৰি দেশ-বিদেশত বিতৰ্কত লিপ্ত হৈছিল। কিন্তু এইবাৰ তেওঁ পুৰণি সংঘাতৰ পৰা আঁতৰি আহি নৰেন্দ্ৰ মোদীক বিজয়ৰ বাবে অভিনন্দন জনায়। মুইজুৱে দুয়োখন দেশৰ সমৃদ্ধি আৰু স্থিতিশীলতা বজাই ৰখাৰ বাবে একেলগে কাম কৰাৰ বাৰ্তাও প্ৰকাশ কৰে । একে সময়তে মালদ্বীপৰ উপ-ৰাষ্ট্ৰপতি হুছেইন মহম্মদ লতিফ, প্ৰথম ৰাষ্ট্ৰপতি মহম্মদ নাছিদ, প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল্লা শ্বাহিদেও মোদীক অভিনন্দন জনায়।

একেদৰে ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেয়ে নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে শক্তিশালীভাৱে কাম কৰাৰ বাৰ্তা প্ৰদান কৰিছে। ভাৰতক সকলো দিশতে আগবঢ়াই লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰে টবগেয়ে। সমান্তৰালভাৱে নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহালেও বিজেপি আৰু এন ডি এৰ মিত্ৰজোঁটৰ বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে। লগতে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক উৎসৱত অংশগ্ৰহণ কৰা সকলো ভাৰতবাসীক অভিনন্দন জ্ঞাপন কৰে।

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহ আৰু বিৰোধী দলৰ নেতা সাজিত প্ৰেমদাছাইও মোদীক বিজয়ৰ বাবে অভিনন্দন জনায়। তেওঁ টুইটাৰত লিখিছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ জনসাধাৰণে সমৃদ্ধি আৰু প্ৰগতি লাভ কৰিছে ।

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী সাৰথ ফন্সেকাৰ পৰা আৰম্ভ কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দ্ৰ ৰাজাপাকছেলৈকে মোদীৰ দৃষ্টিভংগী আৰু দৃঢ়তাক প্ৰশংসা কৰাৰ লগতে বিজয়ৰ বাবে অভিনন্দন জনায়। আনহাতে, মৰিচাছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জুগনৌথে নৰেন্দ্ৰ মোদীক তৃতীয়টো বিজয়ৰ বাবে অভিনন্দন জনায়। লগতে তেওঁ কয় যে, মোদীৰ নেতৃত্বত ভাৰত-মৰিচাছৰ বিশেষভাৱে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰা হ’ব।

জামাইকাৰ প্ৰধানমন্ত্ৰী এণ্ড্ৰু হলনেছ, বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী মিয়া আমোৰ মোটলেও নৰেন্দ্ৰ মোদীক তেওঁৰ বিশাল জয়ৰ বাবে অভিনন্দন জনায়। বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰীয়ে কয় যে, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে আৰু বাৰ্বাডোছ ভাৰতৰ অংশীদাৰ আৰু অনাগত দিনতো একেলগে কাম কৰি যাব।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস