Prashant Kishor Prediction: বিফল হ’ল প্ৰশান্ত কিশোৰ ! কোন কোন ৰাজ্যত মিলিল কিশোৰৰ ভৱিষ্যতবাণী ?
Lok Sabha Election 2024 Results: ফলাফলৰ পৰা এটা কথা স্পষ্ট হৈছে যে, এইবাৰ এনডিএৰ লগত ইণ্ডিয়া এলায়েন্সে কঠোৰ যুঁজ দিলে । বহুতে ক'ব খোজে যে, এইবাৰ নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ ভৱিষ্যতবাণী সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে । প্ৰশান্ত কিশোৰৰ ভৱিষ্যতবাণী আখৰে আখৰে পূৰণ হোৱা পশ্চিম বংগৰ দৰে ৰাজ্যতো দেখা গ’ল সম্পূৰ্ণ এখন বিপৰীত ছবি ।
ভাৰতৰ লোকসভা নিৰ্বাচন ২০২৪ ৰ প্ৰকৃত ফলাফল প্ৰকাশ পোৱাৰ পূৰ্বে Exit poll আৰু ৰাজনৈতিক বিশ্লেষক প্ৰশান্ত কিশোৰৰ ভৱিষ্যতবাণীয়ে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছিল । মঙলবাৰৰ (৪ জুন) দিনা লোকসভা নিৰ্বাচনৰ ভোট গণনা আগবাঢ়ি যোৱাৰ লগে লগে দেখা গ’ল Exit poll ৰ বিপৰীত এখন ছবি । পিছে ৰাজনৈতিক বিশ্লেষক প্ৰশান্ত কিশোৰে নিৰ্বাচনৰ ফলাফলক লৈ যি ভৱিষ্যতবাণী কৰিছিল সেয়া মিলিল নে?
ফলাফলৰ পৰা এটা কথা স্পষ্ট হৈছে যে, এইবাৰ এনডিএৰ লগত ইণ্ডিয়া এলায়েন্সে কঠোৰ যুঁজ দিলে । বহুতে ক’ব খোজে যে, এইবাৰ নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ ভৱিষ্যতবাণী সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে । প্ৰশান্ত কিশোৰৰ ভৱিষ্যতবাণী আখৰে আখৰে পূৰণ হোৱা পশ্চিম বংগৰ দৰে ৰাজ্যতো দেখা গ’ল সম্পূৰ্ণ এখন বিপৰীত ছবি ।
নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে প্ৰশান্ত কিশোৰে কৈছিল যে,‘পশ্চিম বংগত বিজেপি এক নম্বৰ দল হিচাপে আত্মপ্ৰকাশ কৰিব। বংগত ভাল প্ৰদৰ্শন কৰিব বিজেপিয়ে। বহুতে আচৰিত হ’ব, কিন্তু মোৰ হিচাপ অনুসৰি, লোকসভা নিৰ্বাচনত বিজেপি এক নম্বৰ দল হিচাপে আত্মপ্ৰকাশ কৰিব।”
VIDEO | @ 𝟒 𝐏𝐚𝐫𝐥𝐢𝐚𝐦𝐞𝐧𝐭 𝐒𝐭𝐫𝐞𝐞𝐭: “They (BJP) will significantly add number of seats in eastern and southern India, and we would also see a huge jump in their vote share which is more important in states like Tamil Nadu. I had said this a year back that for the… pic.twitter.com/bWcKRQNtSy
— Press Trust of India (@PTI_News) April 7, 2024
ফলাফলে ওলোৱাৰ লগে লগে দেখা গ’ল পশ্চিম বংগত বিজেপিয়ে মাত্ৰ ১২ খন আসন লাভ কৰিছে । ইফালে ৰাজ্যখনত তৃণমূল কংগ্ৰেছ লাভ কৰিছে ২৯খন আসন । সমান্তৰালভাৱে কংগ্ৰেছে মাত্ৰ এখন আসন লাভ কৰাৰ বিপৰীতে চিপিএমে এখনো আসন লাভ নকৰিলে ।
তদুপৰি এইবাৰৰ নিৰ্বাচনত পশ্চিম বংগত বিজেপিৰ আসনৰ সংখ্যা কমিলে । যোৱা ২০১৯ চনৰ নিৰ্বাচনৰ বংগত বিজেপিয়ে লাভ কৰিছিল ১৯খন আসন। এইবাৰ মাত্ৰ ১২ খন আসন লাভ কৰিছে বিজেপিয়ে । বংগত এইবাৰ ৭ খন আসন হেৰুৱালে বিজেপিয়ে । সেই হিচাপ অনুসৰি বংগত সম্পৰ্ণৰূপে বিফল হ’ল প্ৰশান্ত কিশোৰৰ ভৱিষ্যতবাণী ।
আনহাতে, প্ৰশান্ত কিশোৰে পূৰ্ব আৰু দক্ষিণ ভাৰতত বিজেপিয়ে ভাল প্ৰদৰ্শন কৰিব বুলিও কৈছিল । তেওঁ কৈছিল, তামিলনাডুৰ দৰে ৰাজ্যত বিজেপিয়ে আগতকৈ বেছি ভোট লাভ কৰিব । ভোটৰ শতাংশত দুটা সংখ্যা অতিক্ৰম কৰিব পাৰে বিজেপিয়ে। তেলেংগানাত বিজেপি প্ৰথম বা দ্বিতীয় স্থান লাভ কৰিব পাৰে।
লোকসভা নিৰ্বাচনৰ ফলাফললৈ লক্ষ্য কৰিলে দেখা যায় যে, ইয়াতো প্ৰশান্ত কিশোৰৰ ভৱিষ্যতবাণী সম্পূৰ্ণৰূপে বিফল হৈছে । তামিলনাডুত বিজেপিয়ে একাউণ্টেই খুলিব নোৱাৰিলে । ৰাজ্যখনত ডি এম কে ২২ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৯ খন আসন লাভ কৰে।
অৱশ্যে তেলেংগানাত বিজেপিৰ ফলাফল সন্দৰ্ভত প্ৰশান্ত কিশোৰৰ ভৱিষ্যতবাণী সঁচা হৈছে। তাত বিজেপিয়ে এক নম্বৰ স্থান দখল কৰিছে । তেলেংগানাত বিজেপিয়ে ৮খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ৮ খন আসন। সমান্তৰালভাৱে ওড়িশাত সঁচা হৈছে প্ৰশান্ত কিশোৰৰ ভৱিষ্যতবাণী । ওড়িশাত এক নম্বৰ স্থান লাভ কৰিছে বিজেপিয়ে। তাত বিজেপিয়ে ২১ খন আসনৰ ভিতৰত ২০ খন আসন লাভ কৰিছে।
কিন্তু এক কথাত ক’বলৈ গলে, বহু ৰাজ্যত বিফল হ’ল প্ৰশান্ত কিশোৰৰ ভৱিষ্যতবাণী । প্ৰশান্ত কিশোৰে কয় যে, বিজেপিয়ে ২০১৯ চনত ৩০৩খন লাভ কৰিছিল । এইবাৰ সেই সংখ্যা থাকিব পাৰে বা তাতকৈ অধিক আসন লাভ কৰিব পাৰে। কিন্তু বিজেপি নেতৃত্বাধীন এন ডি এয়ে ২৯২খন আসন লাভ কৰিছে। কেৱল বিজেপিয়ে অকলে লাভ কৰিলে ২৪০ খন আসন ।