Lok Sabha Election 2024: কেৱল ৰকিবুলেই নহয়,সৰ্বাধিক ভোট লাভ কৰা শীৰ্ষ ১০ গৰাকী প্ৰাৰ্থীৰ তালিকাত কোন কোন ? – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

Lok Sabha Election 2024: কেৱল ৰকিবুলেই নহয়,সৰ্বাধিক ভোট লাভ কৰা শীৰ্ষ ১০ গৰাকী প্ৰাৰ্থীৰ তালিকাত কোন কোন ?

Published: 

05 Jun 2024 17:01 PM

Lok Sabha Election 2024: অসমৰ ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে সৰ্বাধিক ভোটৰ ব্যৱধানত জয় লাভ কৰে। এনে বহু কেইগৰাকী প্ৰাৰ্থী আছে, যিসকলে এক বিপুল ভোটৰ ব্যৱধানত এইবাৰ নিৰ্বাচনত জয় লাভ কৰে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কোন ১০ জন প্ৰাৰ্থীয়ে সৰ্বাধিক ব্যৱধানত জয় লাভ কৰিলে চাওঁ আহক...

1 / 10শংকৰ

শংকৰ লালৱানী (বিজেপি, ইন্দোৰ): ২০২৪ চনৰ লোকসভা নিৰ্বাচনত মধ্যপ্ৰদেশৰ ইন্দোৰ আসনৰ পৰা বিজেপি প্ৰাৰ্থী শংকৰ সিং লালৱানীয়ে সৰ্বাধিক ভোটত জয়লাভ কৰে। তেওঁ ১১,৭৫,০৯২ ভোটৰ ব্যৱধানত জয়লাভ কৰে। তেওঁ মুঠ ভোট লাভ কৰে, ১২,২৬,৭৫১টা। আৰু তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বহুজন সমাজ পাৰ্টিৰ সঞ্জয় সোলাংকীয়ে মাত্ৰ ৫১,৬৫৯ টা ভোট লাভ কৰে। প্ৰসংগক্ৰমে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে অন্তিম মুহূৰ্তত এই আসনত মনোনয়ন প্ৰত্যাহাৰ কৰি বিজেপিত যোগদান কৰে।

2 / 10

ৰকিবুল হুছেইন (কংগ্ৰেছ, ধুবুৰী): অসমৰ ধুবুৰী লোকসভা আসনৰ পৰা ১০.১২ লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে। তেওঁ এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক পৰাস্ত কৰে।

3 / 10

শিৱৰাজ সিং চৌহান (বিজেপি, বিদিশা) : মধ্যপ্ৰদেশৰ বিদিশা সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কংগ্ৰেছৰ প্ৰতাপ ভানু শৰ্মাক ৮ লাখ ২১ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰে। শিৱৰাজ সিং চৌহানে লাভ কৰে ১১,১৬,৪৬০টা ভোট। আৰু প্ৰতাপ ভানুৱে লাভ কৰে ২,৯৫,০৫২টা ভোট।

4 / 10

চি আৰ পাটিল (বিজেপি, নৱসাৰী) : গুজৰাটৰ নৱসাৰী আসনৰ পৰা বিজেপিৰ প্ৰাৰ্থী চি আৰ পাটিলে কংগ্ৰেছৰ নৈষদভাই ভূপতভাই দেশাইক ৭.৭৩ লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰে। চি আৰ পাটিলে লাভ কৰে ১০,৩১,০৬৫টা ভোট। দেশাই লাভ কৰে ২,৫৭,৫১৪টা ভোট।

5 / 10

গুজৰাটৰ গান্ধী নগৰৰ আসনৰ পৰা অমিত শ্বাহ (বিজেপি, গান্ধীনগৰ) কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৭.৮৮ লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰে। মুঠ ১০,১০,৯৭২ টা ভোট লাভ কৰে অমিত শ্বাহে। আৰু কংগ্ৰেছ প্ৰাৰ্থী সোনাল ৰমনভাই পেটেলে মাত্ৰ ২,৬৬,২৫৬ টা ভোট লাভ কৰে।

6 / 10

অভিষেক বেনাৰ্জী (ডাইমণ্ড হাৰ্বাৰ, তৃণমূল কংগ্ৰেছ): তৃণমূল কংগ্ৰেছৰ বাবে বেনাৰ্জীৰ আটাইতকৈ ডাঙৰ জয় আছিল অভিষেক বেনাৰ্জী। ডাইমণ্ড হাৰ্বাৰৰ আসনখনত তেওঁ ৭,১০,৯৩০ ভোটৰ ব্যৱধানত অভিলেখ বিজয় সাব্যস্ত কৰে । তেওঁ হাতত বিজেপিৰ অভিজিৎ দাস পৰাস্ত হয়। অভিষেক লাভ কৰে ১০,৪৮,২৩০টা ভোট। বিজেপিৰ প্ৰাৰ্থীয়ে লাভ কৰিলে মাত্ৰ ৩,৩৭,৩০০ ভোট।

7 / 10

গুজৰাটৰ বদোদৰাৰ পৰা বিজেপিৰ হেমাং যোশীয়ে ৫,৮২,১২৬টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। তেওঁ ৮,৭৩,১৮৯টা লাভ কৰে আৰু কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰে ২,৯১,০৬৩টা ভোট।

8 / 10

বিজেপি প্ৰাৰ্থী ৰাজপাল সিং যাদৱে গুজৰাটৰ পঞ্চমহল আসনৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী গুলাব সিং চৌহানক ৫,০৯,৩৪২ ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ৰাজপাল সিং যাদৱে লাভ কৰে ৭,৯৪,৫৭৯ আৰু গুলাব সিঙে ২,৮৫,২৩৭টা ভোট লাভ কৰে।

9 / 10

গুজৰাটৰ ৰাজকোট আসনত কংগ্ৰেছ প্ৰাৰ্থী পৰেশ ধনীক ৪,৮৪,২৬০ ভোটৰ ব্যৱধানত পৰাস্ত কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তম ভাই ৰূপালাই। ৰূপালাই ৮,৫৭,৯৮৪ আৰু ধনীয়ে ৩,৭৩,৭২৪টা ভোট লাভ কৰে।

10 / 10

তামিলনাডুৰ তিৰুভাল্লুৰ আসনত বিজেপিৰ বালাগনাপথি ভি পনক ৫,৭২,১৫৫ ভোটৰ ব্যৱধানত পৰাস্ত কৰে কংগ্ৰেছ প্ৰাৰ্থী শশীকান্ত সেনথিলে। সেনথিলে ৭,৯৬,৯৫৬ টা আৰু বালাগানাপথিয়ে ২,২৪,৮০১টা ভোট লাভ কৰে।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?