Rahul Gandhi:ৰায়বেৰেলী-ৱায়ানাদত জয়ী হৈ ৰাজনীতিত প্ৰিয়ংকাৰ বাট মুকলি কৰিলে নেকি ৰাহুলে?

Lok Sabha Election Results 2024: দুখন আসন জয় কৰাৰ পাছত ৰাহুল কোনখন আসনত সাংসদ হ’ব আৰু কোনখন আসন এৰিব সেই সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছে। কালি ৰাহুল গান্ধীয়ে কয় যে, তেওঁ এই বিষয়ত কোনো সিদ্ধান্ত লোৱা নাই। কিন্তু খবৰ প্ৰকাশ পাইছে যে, এইবাৰ ৰাহুলে ৱায়ানাদৰ আসনখন এৰিব পাৰে। মাকে দেখুৱাই দিয়া বাটেৰে খোজ কাঢ়িব পাৰে ৰাহুলে।

Rahul Gandhi:ৰায়বেৰেলী-ৱায়ানাদত জয়ী হৈ ৰাজনীতিত প্ৰিয়ংকাৰ বাট মুকলি কৰিলে নেকি ৰাহুলে?

ৰাহুল আৰু প্ৰিয়ংকা

Published: 

05 Jun 2024 09:28 AM

ৰাহুল গান্ধীয়ে কেৱল ৱায়ানাদতে নহয় ৰায়বেৰেলীতো জয়লাভ কৰে । ৰাহুলৰ এই জয়ে মাতৃ ছোনিয়া গান্ধীৰ অভিলেখও ভংগ কৰিছে ! ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পুনৰাবৃত্তি কৰিলে ৰাহুল গান্ধীয়ে। কেৱল আসন সলনি হৈছে। ২০১৪ চনত তেওঁ ৱায়ানাদৰ লগতে আমেথিৰ পৰা জয়লাভ কৰিছিল, এইবাৰ ৰাহুলে আমেথিৰ সলনি ৰায়বেৰেলীৰ পৰা জয়লাভ কৰিছে। কিন্তু ৰাহুল গান্ধীয়ে দুখন আসনৰ পৰা সাংসদ হ’ব নোৱাৰে। গতিকে কোনখন আসন এৰি যাব? সেই আসনত কোন থিয় হ’ব?

২০১৯ বৰ্ষৰ পৰাজয়ৰ পিছত ৰাহুলে বাছি লৈছিল মাতৃৰ দুৰ্গ ৰায়বেৰেলী। আৰু সেই সিদ্ধান্ত যে ভুল নহয় তাৰ প্ৰমাণ ৰাইজৰ আগত দাঙি ধৰিছে । ৰাহুলে তিনি লাখৰো অধিক ব্যৱধানত ৰায়বেৰেলী আৰু ৱায়ানাদ-দুয়োখন আসনৰ পৰা জয়লাভ কৰিছে।

দুখন আসন জয় কৰাৰ পাছত ৰাহুল কোনখন আসনত সাংসদ হ’ব আৰু কোনখন আসন এৰিব সেই সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছে। কালি ৰাহুল গান্ধীয়ে কয় যে, তেওঁ এই বিষয়ত কোনো সিদ্ধান্ত লোৱা নাই। কিন্তু খবৰ প্ৰকাশ পাইছে যে, এইবাৰ ৰাহুলে ৱায়ানাদৰ আসনখন এৰিব পাৰে। মাকে দেখুৱাই দিয়া বাটেৰে খোজ কাঢ়িব পাৰে ৰাহুলে।

১৯৯৯ চনত আমেথি আৰু ৰায়বেৰেলীৰ আসনৰ পৰা ছোনিয়া গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰি দুয়োখন আসনৰ পৰা জয়লাভ কৰে। যিহেতু আমেথিৰ পৰা অধিক ভোট লাভ কৰিছিল ছোনিয়াই, সেই সমষ্টিৰ পৰা সাংসদ হৈছিল। ৰায়বেৰেলী আসনখন এৰি দিছিল ।

এই নির্বাচনত ৰাহুল গান্ধীয়ে ৱায়ানাদত ৩ লাখ ৬৪ হাজাৰ ৪২২ ভোটত জয়লাভ কৰে, ইফালে ৰায়বেৰেলীৰ পৰা ৩ লাখ ৯০ হাজাৰ ৩০ ভোট লাভ কৰে। যদি তেওঁ মাতৃয়ে দেখুওৱা পথ অনুসৰণ কৰে, তেন্তে ৰাহুল গান্ধীয়ে ৱায়ানাদ এৰি ৰায়বেৰেলীৰ সাংসদ হ’ব।

ইয়াৰ পিছতে চৰ্চা চলিছে যে, ৱায়ানাদ সমষ্টিটো এতিয়া ৰাহুলে প্ৰিয়ংকা গান্ধীৰ হাতত এৰি দিব পাৰে । প্ৰিয়ংকা গান্ধী হ’ব পাৰে ৱায়ানাদ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী । ৰাজনৈতিক মহলতো এই কথাই ব্যাপক চৰ্চা লাভ কৰিছে । পিছে এই ক্ষেত্ৰত গান্ধী পৰিয়ালে কি সিদ্ধান্ত লয় সেয়া হ’ব লক্ষ্যণীয়।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস