শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৭ বছৰৰ কাৰাদণ্ড, ১০ লাখ টকাৰ জৰিমনা… কি আছে লোকসভাত গৃহত হোৱা অনুপ্ৰৱেশ বিধেয়কত? ক’লে গৃহমন্ত্ৰীয়ে

ভাৰতত লোকসভাত গৃহীত হৈছে কঠোৰ অনুপ্ৰৱেশ বিধেয়ক। য’ত অবৈধ প্ৰব্ৰজনৰ বাবে ৭ বছৰৰ কাৰাদণ্ড আৰু ১০ লাখ টকাৰ জৰিমনা বিহাৰ ব্যৱস্থা আছে। গৃহমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ইয়াক প্ৰয়োজনীয় বুলি অভিহিত কৰাৰ বিপৰীতে বিৰোধীয়ে ইয়াৰ বিৰোধিতা কৰি সংসদীয় সমিতিলৈ প্ৰেৰণ কৰাৰ দাবী জনায়।

৭ বছৰৰ কাৰাদণ্ড, ১০ লাখ টকাৰ জৰিমনা… কি আছে লোকসভাত গৃহত হোৱা অনুপ্ৰৱেশ বিধেয়কত? ক’লে গৃহমন্ত্ৰীয়ে
গৃহমন্ত্ৰী অমিত শ্বাহ
trishna-kalita
Trishna Kalita | Published: 28 Mar 2025 10:34 AM

বৃহস্পতিবাৰে লোকসভাত অনুপ্ৰৱেশ আৰু ভাৰতত বিদেশী নাগৰিকৰ প্ৰৱেশ সম্পৰ্কীয় বিধান সন্নিবিষ্ট কৰা বিধেয়কখন গৃহীত হয়। গৃহমন্ত্ৰী অমিত শ্বাহে এই বিধেয়কখন দেশৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় বুলি অভিহিত কৰে। একে সময়তে একাংশ বিৰোধী দলে ইয়াৰ বিৰোধিতা কৰে। এই নতুন বিধেয়কখনত নিয়মৰ বিৰুদ্ধে গ’লে ৭ বছৰৰ কাৰাদণ্ড আৰু ১০ লাখ টকাৰ জৰিমনা বিহাৰ ব্যৱস্থা আছে, যাৰ ফলত আইনখন অধিক কঠোৰ হৈ পৰিছে।

গৃহমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে, ভাৰতৰ ব্যৱস্থাত অৰিহণা যোগাবলৈ অহাসকলক আদৰণি জনোৱা হয়, কিন্তু ৰহিংগীয়া হওক বা বাংলাদেশৰ লোকেই হওক, তেওঁলোকে ভাৰতৰ শান্তি বিঘ্নিত কৰে। এই আইন তেওঁলোকৰ বাবে কঠোৰ হ’ব। তেওঁ কয় যে,এই বিধেয়কখন দেশক নিজৰ সুৰক্ষাৰ বিষয়ে সজাগ কৰাৰ বাবে এক শক্তিশালী পদক্ষেপ। ইফালে বিৰোধী দলৰ বহু সদস্যই এই বিধেয়কখনক লৈ প্ৰশ্ন উত্থাপন কৰি সংসদৰ অস্থায়ী সমিতিলৈ প্ৰেৰণ কৰিবলৈ দাবী জনায়।

প্ৰকৃততে এই বিধেয়কখনত আইনী মৰ্যাদা প্ৰমাণ কৰাৰ দায়িত্ব ৰাষ্ট্ৰতকৈ ব্যক্তিৰ ওপৰত ন্যস্ত কৰা হৈছে। ইয়াৰ পূৰ্বে বিধেয়কখন অনাৰ সময়ত কংগ্ৰেছৰ সাংসদ মনীষ তিৱাৰীয়ে নিয়মৰ উদ্ধৃতি দি বিধেয়কখন উত্থাপনৰ বিৰোধিতা কৰিছিল।

মৌলিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ

তেওঁ দাবী কৰে যে, এই বিধেয়কখনে বহু মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে। তেওঁ কয় যে, এই বিধেয়কখন প্ৰত্যাহাৰ কৰিব লাগে বা যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব লাগে। যাতে ইয়াৰ ওপৰত গভীৰভাৱে আলোচনা কৰিব পৰা যায়। ইয়াৰ সমান্তৰালকৈ তৃণমূল কংগ্ৰেছেও ইয়াৰ বিৰোধিতা কৰিছে। সৌগাতা ৰয়ে পোনপটীয়াকৈ কয় যে, আমাৰ নাগৰিকসকল ডংকি পথেৰে আমেৰিকালৈ গৈ আছে, আনহাতে আমাৰ লক্ষ্য বাংলাদেশীক ৰখাই দিয়াত সীমাবদ্ধ।

এই আলোচনাৰ সময়ত সমাজবাদী পাৰ্টিৰ সাংসদে চৰকাৰৰ নীতি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। সমাজবাদী পাৰ্টিৰ সাংসদ ৰাজীৱ ৰায়ে কয় যে, ভাৰতৰ পাছপ’ৰ্টৰ শক্তি এতিয়াও শক্তিশালী নহয় আৰু আমাৰ নাগৰিকসকলক আমেৰিকাৰ পৰা হেণ্ডকাফৰ সৈতে পঠিয়াই দিয়া হৈছে।

অমিত শ্বাহৰ উত্তৰ

বিৰোধীৰ এই অভিযোগত প্ৰত্যুত্তৰ দি অমিত শ্বাহে কয় যে, এই দেশ ধৰ্মশালা নহয়; যি যেনেকৈ আহিব তেনেকৈ নহ’ব, কিন্তু যিয়ে আমাৰ দেশক সমৃদ্ধ কৰিবলৈ আহিব তেওঁৰ আদৰণি আৰু নিৰাপত্তা প্ৰয়োজনীয়।

আচলতে এই বিধেয়কখনৰ উদ্দেশ্য হৈছে ভাৰতলৈ অহা-যোৱা কৰা লোকসকলৰ বাবে পাছপ’ৰ্ট আৰু ভ্ৰমণৰ নথি-পত্ৰৰ বাধ্যতামূলক হোৱা বিষয়টো স্পষ্ট কৰা।  লগতে কেন্দ্ৰীয় চৰকাৰক কিছু বিশেষ ক্ষমতা প্ৰদান কৰা আৰু বিদেশী নাগৰিকৰ ভিছা, পঞ্জীয়ন আৰু অন্যান্য আইনী প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰা।

গৃহমন্ত্ৰীয়ে এই বিধেয়কখন গৃহীত কৰাৰ স্বাৰ্থত বাংলাদেশীৰ অনুপ্ৰৱেশৰ বাবে তৃণমূল কংগ্ৰেছক জগৰীয়া কৰে। তেওঁ, মমতা চৰকাৰে বংগ সীমান্তৰ গাতে লাগি থকা ৪৫০ কিলোমিটাৰ মাটিত বেৰ দিয়াৰ অনুমতি নিদিয়াৰ অভিযোগ উত্থাপন কৰে।